--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্যৰ চকা কেতিয়া ঘূৰিব কোনেও নাজানে। সময়ৰ লগে লগে কোনোবা কোটিপতিৰ পৰা দেউলীয়ালৈ গতি কৰিছে। দৰিদ্ৰতা আৰু দুৰ্দশাৰ অহৰহ সংগী হৈ থকা ব্যক্তিজন কোটিপতি হোৱাটো  দেখা গৈছে। তেনে এক উদাহৰণ হ’ল ৰমেশ বাবু। তিনি কোটি টকাৰ ৰ’লছ ৰয়ছ গাড়ীৰে কাৰ্যালয়লৈ অহাৰ সপোন হয়তো আপুনি কেতিয়াও নাভাবে। কিন্তু ৰমেশ বাবুৱে পাৰে। ৰ’লছ ৰয়েচ এখনত তেওঁ চেলুনলৈ যায়। কিন্তু কোন এইজন ৰমেশ বাবু?

ৰমেশ বাবু বাংগালুৰুৰ বাসিন্দা। তেওঁ অতি নিম্ন শ্ৰেণীৰ পৰিয়ালৰ পৰা আহিছিল। ৰমেশৰ দেউতাকৰ এখন চেলুন আছিল। সেই চেলুনখন চলাই যি সামান্য উপাৰ্জন হৈছিল, সেইখিনিয়েই পৰিয়ালটোক পোহপাল দিছিল। তেতিয়া ৰমেশ বাবু বৰ সৰু আছিল। বছৰটো ১৯৮৯ চন। সেই সময়ত ৰমেশ বাবুৰ বয়স আছিল সাত বছৰ। তেওঁৰ পিতৃ পি গোপালৰ হঠাৎ মৃত্যু হয়। সমগ্ৰ সংসাৰৰ দায়িত্ব ৰমেশৰ সৰু কান্ধত পৰিল।

প্ৰথমতে ৰমেশে পৰিয়াল পোহপাল দিবলৈ বাতৰি কাকত বিক্ৰী কৰিবলৈ ধৰিলে। পিছত দেউতাকৰ চেলুনলৈ গৈ কাম আৰম্ভ কৰিলে। সেই যাত্ৰা আৰম্ভ হ’ল। ৰমেশ বাবুৰ জীৱনৰ উত্থানৰ কাহিনীয়ে সাধুকথাকো অৱজ্ঞা কৰিব। কিন্তু এয়া কেৱল কাহিনী নহয়, ইয়াৰ আঁৰত আছে ৰমেশ বাবুৰ কঠোৰ পৰিশ্ৰম। দামী গাড়ীৰে ৰমেশৰ চেলুনলৈ বহুত মানুহ আহিছিল। তেতিয়াৰ পৰাই সৰু ল’ৰাটোৰ নতুন গাড়ী কিনাৰ প্ৰতি আকৰ্ষণ আছিল। কিন্তু সেই চখটো পূৰণ কৰিব বিচাৰিলে বহুত টকা লাগে! ফলত তেওঁৰ বাবে সেয়া এক ভ্ৰমৰ বাহিৰে আন একো নাছিল।

কিন্তু ৰমেশ বাবুৱে দৃঢ়প্ৰতিজ্ঞ আছিল, তেওঁ এই চখটো পূৰণ কৰিব। ৰমেশে আৰু কষ্ট কৰিবলৈ ধৰিলে। এটা সপোন যিটো তেওঁ পূৰণ কৰিব লাগিব। কিছু টকা সঞ্চয় কৰি ৰমেশে ১৯৯৩ চনত কিস্তিত মাৰুতি ওমনি গাড়ী এখন কিনিলে। কিন্তু চেলুন চলোৱা আৰু সেই গাড়ীৰ কিস্তি দিয়াটো কঠিন হৈছিল। মাকে দাসী হিচাপে কাম কৰা ঘৰৰ গৃহকৰ্মীগৰাকীয়ে ৰমেশক গাড়ী ভাড়াত চলাবলৈ পৰামৰ্শ দিলে। আৰু সেই পৰামৰ্শই তেওঁৰ জীৱনটো সলালে।

ৰমেশে মাৰুতি ওমনিৰ সৈতে গাড়ীৰ ব্যৱসায়ত প্ৰৱেশ কৰে।  চেলুনখনৰ বাহিৰেও তেওঁ গাড়ীৰ ব্যৱসায়ত সোমাই পৰিল। মাৰুতি ওমনিৰ পৰা আৰম্ভ কৰি ৰমেশে সময়ৰ লগে লগে গাড়ীৰ সংখ্যা বৃদ্ধি কৰিবলৈ ধৰিলে। ৰমেশে গাড়ীৰ ব্যৱসায়িক বহৰ আৰু অধিক বৃদ্ধি কৰিলে। লাহে লাহে এজন উদ্যোগী হৈ পৰিল। ব্যৱসায়িক বহৰ অধিক বৃদ্ধি পোৱাৰ লগে লগে ৰমেশে ৰ’লছ ৰয়েচ এখন কিনিলে।

পেছাত নাপিত হ’লেও তেওঁৰ ভ্ৰমণৰ ব্যৱসায়ো আছে। বৰ্তমান তেওঁ এজন সফল উদ্যোগী। বেংগালুৰুত প্ৰথমে মাৰ্চিডিজ গাড়ী ভাড়াৰ বাবে ব্যৱহাৰ কৰিছিল ৰমেশৰ কোম্পানীয়ে। তাৰ পিছৰ সময়খিনি গোটেই কাহিনীৰ দৰেই। বৰ্তমান ৰমেশৰ হাতত আছে ৪০০ৰো অধিক গাড়ী। ইয়াৰে ১২০খন বিলাসী গাড়ী। ৰমেশৰ সংকলনত আছে ‘ৰ’লছ ৰয়ছ গোষ্ট’। যাৰ বজাৰ মূল্য তিনি কোটি টকা। 'Mercedes Mayback S600'। যাৰ দাম ডেৰ লাখ টকাতকৈও অধিক। ইয়াৰ বাহিৰেও আছে ‘বিএমডব্লিউ’, ‘জাগুয়াৰ’, ‘লেণ্ড ৰভাৰ’, ‘বেণ্টলি’ৰ দৰে বিলাসী গাড়ী।

সাধাৰণতে ‘ৰ’লছ ৰয়েচ’ বা ‘মাৰ্চিডিছ’ৰ দৰে বহু কোটি টকীয়া গাড়ী সংগ্ৰহৰ কথা আহিলে উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী বা তাৰকা খেলুৱৈৰ বিষয়টোহে মনলৈ আহে। ৰমেশ বাবুৱেও সেই তালিকাত স্থান লাভ কৰিছে। ৰমেশৰ ৪০০ৰো অধিক গাড়ী থকাৰ বিপৰীতে মুকেশ আম্বানীৰ হাতত মাত্ৰ ১৬৮খন গাড়ী আছে। দেশৰ আন এজন উদ্যোগপতি গৌতম আদানীকো ৰমেশে এচিড কৰিছে। আদানি গ্ৰুপৰ মালিকৰ ১০খন বিলাসী গাড়ী।

ৰমেশৰ ‘ট্যুৰছ এণ্ড ট্ৰেভেলছ’ কোম্পানীত ৩০০ৰো অধিক কৰ্মচাৰী আছে। তেওঁৰ কোম্পানীটোৰ ক্লায়েণ্ট লিষ্টখনো আকৰ্ষণীয়। অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, আমিৰ খান, শচীন তেণ্ডুলকাৰৰ দৰে চেলিব্ৰিটি ৰমেশৰ কোম্পানীৰ ক্লায়েণ্ট। গাড়ীৰ ব্যৱসায়ত কোটিপতি হ’লেও ৰমেশে নিজৰ প্ৰকৃত কাম পাহৰা নাই। যোৱা কেইটামান দশক ধৰি প্ৰতিদিনে চেলুনলৈ আহিছ। কমেও পাঁচ ঘণ্টা সময় কটায়। গ্ৰাহকৰ চুলি কাটে। অৱশ্যে ৰমেশ তেওঁৰ প্ৰিয় ৰ’লছ ৰয়ছ গাড়ীখনেৰে চেলুনলৈ আহে। তেওঁৰ উত্থান আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী সকলোৰে বাবে প্ৰেৰণাৰ এক উজ্জ্বল উদাহৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement