--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। অযোধ্যাত ইতিমধ্যে প্ৰস্তুতি প্ৰা. সম্পূৰ্ণ হৈ উঠিছে। সজাই তোলা হৈছে ৰাম জন্মভূমি । দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লোক অযোধ্যালৈ আহিব। কাৰাবন্দীসকলেও এই শুভ মুহূৰ্তটো প্ৰত্যক্ষ কৰাৰ সুবিধা পাব। উত্তৰ প্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী ধৰমবীৰ প্ৰজাপতিয়ে  প্ৰকাশ কৰা মতে সেইদিনা কাৰাগাৰৰ ভিতৰত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ লাইভ কৰা হ’ব। 

মন্ত্ৰী ধৰমবীৰে কয়  যে উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰত 'লাইভ ষ্ট্ৰীম'ৰ জৰিয়তে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় "ৰাজ্য খনৰ কাৰাগাৰত এক লাখতকৈও অধিক বন্দী আছে। তেওঁলোকো এই দেশৰ নাগৰিক। সেয়েহে তেওঁলোক এই পৱিত্ৰ মুহূৰ্তৰ পৰা বঞ্চিত হ’ব নালাগে। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰত লাইভ ষ্ট্ৰীমৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব। ''

 ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল উত্তৰ প্ৰদেশৰ কাৰাগাৰতেই  নহয়, সমগ্ৰ দেশৰ সকলো অঞ্চলত পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। বিজেপিৰ মতে সিদ্ধান্তটো লোৱা হৈছে যাতে দেশৰ সকলো নাগৰিকে ২২ জানুৱাৰীৰ এই শুভ  মুহূৰ্তটো চাব পাৰে। ৰাম মন্দিৰ উদ্বোধনৰ দিনা, বিজেপি সদস্যসকলে সমগ্ৰ দেশৰবহু  এলেকাত দৰিদ্ৰ  লোকসকলক কম্বল আৰু খাদ্য বিতৰণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক