--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। অযোধ্যাত ইতিমধ্যে প্ৰস্তুতি প্ৰা. সম্পূৰ্ণ হৈ উঠিছে। সজাই তোলা হৈছে ৰাম জন্মভূমি । দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লোক অযোধ্যালৈ আহিব। কাৰাবন্দীসকলেও এই শুভ মুহূৰ্তটো প্ৰত্যক্ষ কৰাৰ সুবিধা পাব। উত্তৰ প্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী ধৰমবীৰ প্ৰজাপতিয়ে  প্ৰকাশ কৰা মতে সেইদিনা কাৰাগাৰৰ ভিতৰত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ লাইভ কৰা হ’ব। 

মন্ত্ৰী ধৰমবীৰে কয়  যে উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰত 'লাইভ ষ্ট্ৰীম'ৰ জৰিয়তে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় "ৰাজ্য খনৰ কাৰাগাৰত এক লাখতকৈও অধিক বন্দী আছে। তেওঁলোকো এই দেশৰ নাগৰিক। সেয়েহে তেওঁলোক এই পৱিত্ৰ মুহূৰ্তৰ পৰা বঞ্চিত হ’ব নালাগে। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰত লাইভ ষ্ট্ৰীমৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব। ''

 ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল উত্তৰ প্ৰদেশৰ কাৰাগাৰতেই  নহয়, সমগ্ৰ দেশৰ সকলো অঞ্চলত পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। বিজেপিৰ মতে সিদ্ধান্তটো লোৱা হৈছে যাতে দেশৰ সকলো নাগৰিকে ২২ জানুৱাৰীৰ এই শুভ  মুহূৰ্তটো চাব পাৰে। ৰাম মন্দিৰ উদ্বোধনৰ দিনা, বিজেপি সদস্যসকলে সমগ্ৰ দেশৰবহু  এলেকাত দৰিদ্ৰ  লোকসকলক কম্বল আৰু খাদ্য বিতৰণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু