--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ল’ৰা তেতিয়ালৈকে নিজৰ হৈ থাকে যেতিয়ালৈকে বোৱাৰী নাহে'! এইষাৰ মন্তব্য কোনো সাধাৰণ মহিলাই কৰা নাই। এইষাৰ মন্তব্য কৰিছে দেশৰ সাম্ভাৱ্য মুখ্য ন্যায়াধীশ বি ভি নাগৰত্নাই।  যদি সকলো ঠিকে থাকে তেন্তে নাগৰত্নাই  দেশৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ'ব। বি ভি নাগৰত্নাই শেহতীয়াকৈ কৰা মন্তব্যই বহুতৰে মনত  ক্ষোভৰ সৃষ্টি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ভাবী মুখ্য ন্যায়াধীশগৰাকীয়ে  কয়, "বোৱাৰী নহালৈকে পুত্ৰ নিজৰ হৈ  থাকে। কিন্তু আপোনাৰ ছোৱালী সদায় আপোনাৰ ছোৱালী হৈয়েই থাকিব। "

বি ভি নাগৰত্না কেৱল এগৰাকী বিচাৰকেই  নহয়, তেওঁ  এগৰাকী মহিলাৰ উন্নয়নৰ বাবে কাম কৰা মহিলাও।  দেশৰ ভৱিষ্যতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে  শনিবাৰে এক অনুষ্ঠানত মহিলা সৱলীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বিবাহৰ পৰম্পৰা  জীয়াই ৰখাটো প্ৰয়োজন। কিন্তু সেই পৰম্পৰাত  মহিলাৰ অস্তিত্বৰ প্ৰতি  কোনো ধৰণে সংকটত আহিব নালাগে। মহিলাসকল পুৰুষৰ অধীনস্থ হ'ব নালাগে। মহিলাসকলেও পৰিয়ালৰ সকলোৰে পৰা উপযুক্ত সন্মান পোৱাৰ  যোগ্য। এজন সফল পুৰুষৰ আঁৰত, কেৱল মহিলাই নহয়, গোটেই পৰিয়ালটো জড়িত হৈ থাকে।

ন্যায়াধীশ নাগৰত্নাই কয় যে আজিও দেশৰ বহুক্ষেত্ৰত মহিলাসকল ঘৃণাৰ সন্মুখীন হৈ আহিছে। আজিও মহিলাসকলক সোধা হয় যে তেওঁলোক কেতিয়া গৰ্ভৱতী হ’ব,  কেতিয়া  তেওঁলোকৰ অন্তিম ঋতুস্ৰাৱ হৈছিল। আজিও যেতিয়া এগৰাকী মহিলা মাতৃত্বকালীন ছুটীত যায়, ঘূৰি আহে দেখে তেওঁৰ ঠাইত আন কাৰোবাক চাকৰি দিয়া হৈছে।   ব্যক্তিগত খণ্ডত প্ৰায়ে ঘটা  এনে  সমস্যাৰ সমাধান কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ কয়। ইয়াক প্ৰতিৰোধ কৰিবলৈ ন্যায়পালিকাৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি  ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে। 

উল্লেখ্য ন্যায়াধীশ বিভি নাগৰত্না ২০২৭ চনত দেশৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হ'ব পাৰে। ন্যায়াধীশ বি ভি নাগৰত্না  বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁক ২০০৮ চনত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত  কৰা হৈছিল। দুবছৰৰ পিছত তেওঁ স্থায়ী বিচাৰক হয়। যদি তেওঁ  দেশৰ মুখ্য ন্যায়াধীশ হয়, ই নিঃসন্দেহে এক ঐতিহাসিক মুহূৰ্ত হ'ব। কিন্তু নাগৰত্নাই শেহতীয়াকৈ কৰা মন্তব্যই তেওঁক শলঠেকতো পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক