--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ল’ৰা তেতিয়ালৈকে নিজৰ হৈ থাকে যেতিয়ালৈকে বোৱাৰী নাহে'! এইষাৰ মন্তব্য কোনো সাধাৰণ মহিলাই কৰা নাই। এইষাৰ মন্তব্য কৰিছে দেশৰ সাম্ভাৱ্য মুখ্য ন্যায়াধীশ বি ভি নাগৰত্নাই।  যদি সকলো ঠিকে থাকে তেন্তে নাগৰত্নাই  দেশৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ'ব। বি ভি নাগৰত্নাই শেহতীয়াকৈ কৰা মন্তব্যই বহুতৰে মনত  ক্ষোভৰ সৃষ্টি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ভাবী মুখ্য ন্যায়াধীশগৰাকীয়ে  কয়, "বোৱাৰী নহালৈকে পুত্ৰ নিজৰ হৈ  থাকে। কিন্তু আপোনাৰ ছোৱালী সদায় আপোনাৰ ছোৱালী হৈয়েই থাকিব। "

বি ভি নাগৰত্না কেৱল এগৰাকী বিচাৰকেই  নহয়, তেওঁ  এগৰাকী মহিলাৰ উন্নয়নৰ বাবে কাম কৰা মহিলাও।  দেশৰ ভৱিষ্যতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে  শনিবাৰে এক অনুষ্ঠানত মহিলা সৱলীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বিবাহৰ পৰম্পৰা  জীয়াই ৰখাটো প্ৰয়োজন। কিন্তু সেই পৰম্পৰাত  মহিলাৰ অস্তিত্বৰ প্ৰতি  কোনো ধৰণে সংকটত আহিব নালাগে। মহিলাসকল পুৰুষৰ অধীনস্থ হ'ব নালাগে। মহিলাসকলেও পৰিয়ালৰ সকলোৰে পৰা উপযুক্ত সন্মান পোৱাৰ  যোগ্য। এজন সফল পুৰুষৰ আঁৰত, কেৱল মহিলাই নহয়, গোটেই পৰিয়ালটো জড়িত হৈ থাকে।

ন্যায়াধীশ নাগৰত্নাই কয় যে আজিও দেশৰ বহুক্ষেত্ৰত মহিলাসকল ঘৃণাৰ সন্মুখীন হৈ আহিছে। আজিও মহিলাসকলক সোধা হয় যে তেওঁলোক কেতিয়া গৰ্ভৱতী হ’ব,  কেতিয়া  তেওঁলোকৰ অন্তিম ঋতুস্ৰাৱ হৈছিল। আজিও যেতিয়া এগৰাকী মহিলা মাতৃত্বকালীন ছুটীত যায়, ঘূৰি আহে দেখে তেওঁৰ ঠাইত আন কাৰোবাক চাকৰি দিয়া হৈছে।   ব্যক্তিগত খণ্ডত প্ৰায়ে ঘটা  এনে  সমস্যাৰ সমাধান কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ কয়। ইয়াক প্ৰতিৰোধ কৰিবলৈ ন্যায়পালিকাৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি  ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে। 

উল্লেখ্য ন্যায়াধীশ বিভি নাগৰত্না ২০২৭ চনত দেশৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হ'ব পাৰে। ন্যায়াধীশ বি ভি নাগৰত্না  বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁক ২০০৮ চনত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত  কৰা হৈছিল। দুবছৰৰ পিছত তেওঁ স্থায়ী বিচাৰক হয়। যদি তেওঁ  দেশৰ মুখ্য ন্যায়াধীশ হয়, ই নিঃসন্দেহে এক ঐতিহাসিক মুহূৰ্ত হ'ব। কিন্তু নাগৰত্নাই শেহতীয়াকৈ কৰা মন্তব্যই তেওঁক শলঠেকতো পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু