--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া ৰামলালাৰ অভিষেকৰ পূৰ্বে পোহৰলৈ আহিছে পূজা পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰসংগ। ৰামলালাৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে এবিপি নিউজক জনাইছে যে এতিয়া মা সীতা আৰু ভগৱান শ্ৰীৰামৰ একেলগে কোনো স্তুতি কৰা নহ’ব।

ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে সমগ্ৰ অযোধ্যা সজাই তোলা হৈছে।বৰ্তমান প্ৰস্তুতি অবিৰতভাৱে অব্যাহত আছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি বুধবাৰে (১০ জানুৱাৰী) অযোধ্যাৰ মহাভাৰাৰ বজাৰত প্ৰস্তুতিৰ অংশ হিচাপে মাতা সীতাৰ এটা বৃহৎ ‘ব্ৰেচলেট’ স্থাপন কৰা হৈছে। মহানগৰীৰ প্ৰৱেশদ্বাৰ সাজু কৰা হৈছে।

শ্ৰী ৰাম জন্মভূমি মন্দিৰলৈ ইটাবাসীৰ এটা প্ৰতিনিধি দলে ২৪০০ কেজি ওজনৰ এটা বিশাল ঘণ্টা আগবঢ়াইছে। একে সময়তে মন্দিৰত স্থাপন কৰিবলৈ অষ্টধাতুৰে নিৰ্মিত আৰু ২১০০ কেজি ওজনৰ ঘণ্টা ট্ৰাষ্টৰ হাতত অৰ্পণ কৰা হৈছে।\

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত স্থাপন কৰা হ’ব ১০৮ ফুট দীঘল ধূপডাল লৈ গুজৰাটৰ বদোদৰাৰ পৰা এখন ভানেৰে অযোধ্যাত উপস্থিত হৈছে। সোণৰে আবৃত এটা ঢোল অযোধ্যালৈ অনা হ’ল। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কৈছে যে মন্দিৰ চৌহদত ইয়াক ক’ত প্ৰতিষ্ঠা কৰিব পাৰি সেয়া আমি চাম।


ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিছিল। এতিয়া অযোধ্যা আৰু আহমেদাবাদৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু