--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে কৰ্ণাটকৰ এখন চিকিৎসালত সন্তান জন্ম দিয়াৰ পাছতে কৰ্ণাটকৰ চিক্কাবল্লাপুৰৰ এখন হোষ্টেলৰ ৱাৰ্ডেনক নিলম্বন কৰা হয়৷এই সন্দৰ্ভত আৰক্ষীয়ে পচকোৰ অধীনত  গোচৰ ৰুজু কৰিছে।

বিষয়টোৰ তদন্তত সমাজ কল্যাণ বিভাগৰ হোষ্টেলত নামভৰ্তি কৰা কিশোৰীগৰাকীৰ উপস্থিতি অনিয়মিত হোৱাৰ লগতে আত্মীয়ৰ ওচৰলৈ সঘনাই যোৱাৰ কথা জানিব পৰা গৈছে।যোৱা বছৰৰ আগষ্ট মাহত তেওঁৰ মেডিকেল চেকআপো কৰা হৈছিল, তাৰ পাছতো তেওঁৰ গৰ্ভাৱস্থাৰ কথা পোহৰলৈ অহা নাছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ছোৱালীজনীয়ে এবছৰ পূৰ্বে হোষ্টেলত যোগদান কৰিছিল,আৰু তেতিয়া তেওঁ অষ্টম শ্ৰেণীত পঢ়ি আছিল৷এটা বিশেষ সূত্ৰই ইণ্ডিয়া টুডেক জনোৱা মতে, ছোৱালীজনীৰ দশম শ্ৰেণীৰ এজন ল’ৰাৰ সৈতে সম্পৰ্ক আছিল। দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেখন বিদ্যালয়তে পঢ়িছিল।অৱশ্যে স্কুলীয়া শিক্ষা সমাপ্ত কৰি ল’ৰাজনে ট্ৰেন্সফাৰ চাৰ্টিফিকেট (টিচি) লাভ কৰি বাংগালুৰুলৈ গুচি যায়।

ঘটনা সন্দৰ্ভত মন্তব্য কৰি টুমকুৰৰ সমাজ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক কৃষ্ণপ্পা এছে কয় যে, "এতিয়া বহুদিনৰ পৰা ল'ৰাটো হোষ্টেললৈ অহা নাছিল। ছোৱালীগৰাকী বাগেপল্লী চহৰৰ কাছাপুৰাৰ। পেটৰ বিষৰ অভিযোগ কৰি তাই চিকিৎসালয়লৈ গৈছিল আৰু তেতিয়াই তেওঁলোকে গৰ্ভাৱস্থাৰ বিষয়ে জানিব পৰা গ’ল৷" তদুপৰি কৃষ্ণাপ্পাই কয় যে “আমি ইয়াত বিষয়টোৰ তদন্ত কৰিবলৈ আহিছো, আমি তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিম।” বৰ্তমান আৰক্ষীয়ে ল’ৰাজনৰ সন্ধানত সক্ৰিয়ভাৱে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক