--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে কৰ্ণাটকৰ এখন চিকিৎসালত সন্তান জন্ম দিয়াৰ পাছতে কৰ্ণাটকৰ চিক্কাবল্লাপুৰৰ এখন হোষ্টেলৰ ৱাৰ্ডেনক নিলম্বন কৰা হয়৷এই সন্দৰ্ভত আৰক্ষীয়ে পচকোৰ অধীনত  গোচৰ ৰুজু কৰিছে।

বিষয়টোৰ তদন্তত সমাজ কল্যাণ বিভাগৰ হোষ্টেলত নামভৰ্তি কৰা কিশোৰীগৰাকীৰ উপস্থিতি অনিয়মিত হোৱাৰ লগতে আত্মীয়ৰ ওচৰলৈ সঘনাই যোৱাৰ কথা জানিব পৰা গৈছে।যোৱা বছৰৰ আগষ্ট মাহত তেওঁৰ মেডিকেল চেকআপো কৰা হৈছিল, তাৰ পাছতো তেওঁৰ গৰ্ভাৱস্থাৰ কথা পোহৰলৈ অহা নাছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ছোৱালীজনীয়ে এবছৰ পূৰ্বে হোষ্টেলত যোগদান কৰিছিল,আৰু তেতিয়া তেওঁ অষ্টম শ্ৰেণীত পঢ়ি আছিল৷এটা বিশেষ সূত্ৰই ইণ্ডিয়া টুডেক জনোৱা মতে, ছোৱালীজনীৰ দশম শ্ৰেণীৰ এজন ল’ৰাৰ সৈতে সম্পৰ্ক আছিল। দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেখন বিদ্যালয়তে পঢ়িছিল।অৱশ্যে স্কুলীয়া শিক্ষা সমাপ্ত কৰি ল’ৰাজনে ট্ৰেন্সফাৰ চাৰ্টিফিকেট (টিচি) লাভ কৰি বাংগালুৰুলৈ গুচি যায়।

ঘটনা সন্দৰ্ভত মন্তব্য কৰি টুমকুৰৰ সমাজ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক কৃষ্ণপ্পা এছে কয় যে, "এতিয়া বহুদিনৰ পৰা ল'ৰাটো হোষ্টেললৈ অহা নাছিল। ছোৱালীগৰাকী বাগেপল্লী চহৰৰ কাছাপুৰাৰ। পেটৰ বিষৰ অভিযোগ কৰি তাই চিকিৎসালয়লৈ গৈছিল আৰু তেতিয়াই তেওঁলোকে গৰ্ভাৱস্থাৰ বিষয়ে জানিব পৰা গ’ল৷" তদুপৰি কৃষ্ণাপ্পাই কয় যে “আমি ইয়াত বিষয়টোৰ তদন্ত কৰিবলৈ আহিছো, আমি তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিম।” বৰ্তমান আৰক্ষীয়ে ল’ৰাজনৰ সন্ধানত সক্ৰিয়ভাৱে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু