--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত আছে লোকসভা নিৰ্বাচন। সদ্য সমাপ্ত লোকসভাৰ অধিৱেশনত সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৭০খন আসন লাভ কৰিব। আৰু এন ডি এৰ মিত্ৰতাই ৪০০ অতিক্ৰম কৰিব। শনিবাৰে দিল্লীৰ 'ভাৰত মণ্ডপম'ত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকৰ প্ৰথম দিনাই দলীয় কৰ্তৃপক্ষক একেই কথা কয়। লগতে তেওঁ ‘১০০ দিন’ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলৰ প্ৰতিজন কৰ্মীয়ে আগন্তুক ১০০ দিন নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত কটাব লাগিব। প্ৰতিজন ভোটাৰৰ ওচৰলৈ গৈ বিজেপিয়ে যোৱা ১০ বছৰত কি কৰিছে সেই কথা ক’ব লাগিব।


দিল্লীৰ ‘ভাৰত মণ্ডপম’ত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক। এই সভাত সকলো বিষয়ববীয়া, সাংসদ, বিধায়ক, শাখা সংগঠনৰ নেতৃত্ব, সকলো ৰাজ্যৰ জিলা সভাপতি উপস্থিত থাকে। সমগ্ৰ দেশৰ পৰা প্ৰায় ১১,৫০০ বিজেপি প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা এই বৈঠকতে সিদ্ধান্ত লোৱা হ’ব। নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছে৷


দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে শনিবাৰে ৩৭০খন আসনৰ লক্ষ্যৰ কথা বাৰে বাৰে মোদীয়ে উল্লেখ কৰে। শনিবাৰে কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘বিগত ১০ বছৰত বিজেপিয়ে মহিলাৰ জীৱন কেনেকৈ সহজ কৰি তুলিছে সেইবিষয়ে প্ৰতিজন ব্যক্তিক সজাগ কৰা উচিত।’ ইয়াৰ লগতে মোদীয়ে ‘দুৰ্নীতিমুক্ত স্বচ্ছ প্ৰশাসন’ৰ প্ৰচাৰতো গুৰুত্ব আৰোপ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা