--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত আছে লোকসভা নিৰ্বাচন। সদ্য সমাপ্ত লোকসভাৰ অধিৱেশনত সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৭০খন আসন লাভ কৰিব। আৰু এন ডি এৰ মিত্ৰতাই ৪০০ অতিক্ৰম কৰিব। শনিবাৰে দিল্লীৰ 'ভাৰত মণ্ডপম'ত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকৰ প্ৰথম দিনাই দলীয় কৰ্তৃপক্ষক একেই কথা কয়। লগতে তেওঁ ‘১০০ দিন’ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলৰ প্ৰতিজন কৰ্মীয়ে আগন্তুক ১০০ দিন নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত কটাব লাগিব। প্ৰতিজন ভোটাৰৰ ওচৰলৈ গৈ বিজেপিয়ে যোৱা ১০ বছৰত কি কৰিছে সেই কথা ক’ব লাগিব।


দিল্লীৰ ‘ভাৰত মণ্ডপম’ত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক। এই সভাত সকলো বিষয়ববীয়া, সাংসদ, বিধায়ক, শাখা সংগঠনৰ নেতৃত্ব, সকলো ৰাজ্যৰ জিলা সভাপতি উপস্থিত থাকে। সমগ্ৰ দেশৰ পৰা প্ৰায় ১১,৫০০ বিজেপি প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা এই বৈঠকতে সিদ্ধান্ত লোৱা হ’ব। নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছে৷


দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে শনিবাৰে ৩৭০খন আসনৰ লক্ষ্যৰ কথা বাৰে বাৰে মোদীয়ে উল্লেখ কৰে। শনিবাৰে কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘বিগত ১০ বছৰত বিজেপিয়ে মহিলাৰ জীৱন কেনেকৈ সহজ কৰি তুলিছে সেইবিষয়ে প্ৰতিজন ব্যক্তিক সজাগ কৰা উচিত।’ ইয়াৰ লগতে মোদীয়ে ‘দুৰ্নীতিমুক্ত স্বচ্ছ প্ৰশাসন’ৰ প্ৰচাৰতো গুৰুত্ব আৰোপ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী