--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ জম্মু-কাশ্মীৰৰ দুই নেতা ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একালৰ কংগ্ৰেছী গোলাম নবী আজাদ৷ গোলাম নবী আজাদে দাবী কৰে যে নেশ্যনেল কংগ্ৰেছৰ মুৰব্বী ফাৰুক আব্দুল্লা আৰু তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোপনে সাক্ষাৎ কৰিছিল। ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন কংগ্ৰেছ নেতা আজাদে দাবী কৰে যে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুগৰাকী পিতৃ-পুত্ৰই জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱাৰ পৰা হাত সাৰিবলৈ নিশা মোদীৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল।

প্ৰসংগক্ৰমে আজাদ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও। ২০২২ চনৰ আগষ্ট মাহত কংগ্ৰেছ ত্যাগ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ সমীকৰণ ‘মসৃণ’ বুলি ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই প্ৰকাশ কৰিছে। সাক্ষাৎকাৰত আজাদে কয় যে- আব্দুল্লাই দুমুখীয়া ৰাজনীতি কৰে। আব্দুল্লা পৰিয়ালে শ্ৰীনগৰত এটা কথা কয়, জম্মুত আন কিবা আৰু দিল্লীত আন কিবা।'' আজাদে দাবী কৰে যে ২০১৯ চনৰ ৩ আগষ্টত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দুদিন পূৰ্বে আব্দুল্লাই মোদী-শ্বাহৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল। উল্লেখ্য যে বিজেপি বিৰোধী মিত্ৰতা যোৱা বছৰৰ জুন মাহৰ পৰা থাকিলেও এই মাহতে ফাৰুকে কয় যে তেওঁৰ দলে অন্য ৰাজনৈতিক দলৰ সৈতে একত্ৰিত হোৱাতকৈ নিজৰ যোগ্যতাৰ ভিত্তিত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

শেহতীয়াকৈ ওমৰে লগতে কয় যে লোকসভা নিৰ্বাচনত মোদীৰ নেতৃত্বত বিজেপিয়ে ৪০০খন আসন লাভ কৰিব পাৰে। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনলৈ যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত আজাদৰ মন্তব্যক ‘উল্লেখযোগ্য’ বুলি গণ্য কৰা হয়। প্ৰসংগক্ৰমে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আজাদে ৰাহুল গান্ধীৰ সৈতে তুলনা কৰি যোৱা আগষ্টত কংগ্ৰেছৰ পৰা ত্যাগ কৰিছিল।আৰু অনুগামীৰে ‘গণতান্ত্ৰিক আজাদ পাৰ্টি’ গঠন কৰিছিল। অৱশ্যে তেওঁৰ অনুগামীৰ এক বৃহৎ অংশ ইতিমধ্যে কংগ্ৰেছলৈ ঘূৰি আহিছে। শেহতীয়াকৈ কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে আজাদৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে। আলোচনা চলি আছে। এই ক্ষেত্ৰত অখিলেশ প্ৰতাপ সিং, ভূপেন্দ্ৰ সিং হুদা, অম্বিকা ছোনীৰ দৰে জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু