--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ জম্মু-কাশ্মীৰৰ দুই নেতা ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একালৰ কংগ্ৰেছী গোলাম নবী আজাদ৷ গোলাম নবী আজাদে দাবী কৰে যে নেশ্যনেল কংগ্ৰেছৰ মুৰব্বী ফাৰুক আব্দুল্লা আৰু তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোপনে সাক্ষাৎ কৰিছিল। ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন কংগ্ৰেছ নেতা আজাদে দাবী কৰে যে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুগৰাকী পিতৃ-পুত্ৰই জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱাৰ পৰা হাত সাৰিবলৈ নিশা মোদীৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল।

প্ৰসংগক্ৰমে আজাদ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও। ২০২২ চনৰ আগষ্ট মাহত কংগ্ৰেছ ত্যাগ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ সমীকৰণ ‘মসৃণ’ বুলি ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই প্ৰকাশ কৰিছে। সাক্ষাৎকাৰত আজাদে কয় যে- আব্দুল্লাই দুমুখীয়া ৰাজনীতি কৰে। আব্দুল্লা পৰিয়ালে শ্ৰীনগৰত এটা কথা কয়, জম্মুত আন কিবা আৰু দিল্লীত আন কিবা।'' আজাদে দাবী কৰে যে ২০১৯ চনৰ ৩ আগষ্টত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দুদিন পূৰ্বে আব্দুল্লাই মোদী-শ্বাহৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল। উল্লেখ্য যে বিজেপি বিৰোধী মিত্ৰতা যোৱা বছৰৰ জুন মাহৰ পৰা থাকিলেও এই মাহতে ফাৰুকে কয় যে তেওঁৰ দলে অন্য ৰাজনৈতিক দলৰ সৈতে একত্ৰিত হোৱাতকৈ নিজৰ যোগ্যতাৰ ভিত্তিত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

শেহতীয়াকৈ ওমৰে লগতে কয় যে লোকসভা নিৰ্বাচনত মোদীৰ নেতৃত্বত বিজেপিয়ে ৪০০খন আসন লাভ কৰিব পাৰে। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনলৈ যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত আজাদৰ মন্তব্যক ‘উল্লেখযোগ্য’ বুলি গণ্য কৰা হয়। প্ৰসংগক্ৰমে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আজাদে ৰাহুল গান্ধীৰ সৈতে তুলনা কৰি যোৱা আগষ্টত কংগ্ৰেছৰ পৰা ত্যাগ কৰিছিল।আৰু অনুগামীৰে ‘গণতান্ত্ৰিক আজাদ পাৰ্টি’ গঠন কৰিছিল। অৱশ্যে তেওঁৰ অনুগামীৰ এক বৃহৎ অংশ ইতিমধ্যে কংগ্ৰেছলৈ ঘূৰি আহিছে। শেহতীয়াকৈ কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে আজাদৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে। আলোচনা চলি আছে। এই ক্ষেত্ৰত অখিলেশ প্ৰতাপ সিং, ভূপেন্দ্ৰ সিং হুদা, অম্বিকা ছোনীৰ দৰে জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ