--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পাছত বিগত ১১ দিনত প্ৰায় ২৫ লাখ ভক্তই মন্দিৰ দৰ্শন কৰিছে আৰু নৈবেদ্য আৰু অনুদানৰ পৰিমাণ ১১ কোটি টকা অতিক্ৰম কৰিছে। 

মন্দিৰ ন্যাসৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ গুপ্তাৰ মতে বিগত ১১ দিনত দানবাকচত প্ৰায় ৮ কোটি টকা জমা কৰা হৈছে৷ আনহাতে চেক আৰু অনলাইনৰ জৰিয়তে লাভ কৰা টকাৰ পৰিমাণ হৈছে প্ৰায় ৩ কোটি ৫০ লাখ টকা।

ইয়াৰ উপৰি দৰ্শনাৰ্থীয়ে ১০টা কম্পিউটাৰযুক্ত কাউণ্টাৰত দান কৰিছে। তেওঁ কয় যে মন্দিৰ ন্যাসৰ কৰ্মচাৰীসকলক দান কাউণ্টাৰত নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকে সন্ধিয়া কাউণ্টাৰ বন্ধ হোৱাৰ পাছত ট্ৰাষ্ট কাৰ্যালয়ত অনুদানৰ পৰিমাণৰ হিচাপ দাখিল কৰে।

গুপ্তাই লগতে কয় যে দানৰ পৰিমাণ জমা কৰাৰ পৰা ইয়াক গণনা কৰালৈকে সকলো কাৰ্য চিচিটিভি কেমেৰাৰ নিৰীক্ষণত কৰা হয়।

ইপিনে, ৰাম মন্দিৰলৈ আহিয়েই আছে দামী দামী উপহাৰ৷ আমেৰিকাৰ পৰা ৰাম মন্দিৰলৈ আহিছে সোণৰ ৰথ, সোণৰ অনন্ত শয্যা, সোণৰ গৰুড়, সোণৰ বিষ্ণুমূৰ্তি, সোণৰ স্তম্ভ, সোণৰ হাতী, সিংহ, বৃক্ষ৷ সোণৰ পুষ্পক ৰথো প্ৰেৰণ কৰা হৈছে ৰাম মন্দিৰলৈ৷ আমেৰিকাৰবাসী ৰামভক্তৰ
মুঠ ১২টা উপহাৰৰ মূল্য কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক