--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পাছত বিগত ১১ দিনত প্ৰায় ২৫ লাখ ভক্তই মন্দিৰ দৰ্শন কৰিছে আৰু নৈবেদ্য আৰু অনুদানৰ পৰিমাণ ১১ কোটি টকা অতিক্ৰম কৰিছে। 

মন্দিৰ ন্যাসৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ গুপ্তাৰ মতে বিগত ১১ দিনত দানবাকচত প্ৰায় ৮ কোটি টকা জমা কৰা হৈছে৷ আনহাতে চেক আৰু অনলাইনৰ জৰিয়তে লাভ কৰা টকাৰ পৰিমাণ হৈছে প্ৰায় ৩ কোটি ৫০ লাখ টকা।

ইয়াৰ উপৰি দৰ্শনাৰ্থীয়ে ১০টা কম্পিউটাৰযুক্ত কাউণ্টাৰত দান কৰিছে। তেওঁ কয় যে মন্দিৰ ন্যাসৰ কৰ্মচাৰীসকলক দান কাউণ্টাৰত নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকে সন্ধিয়া কাউণ্টাৰ বন্ধ হোৱাৰ পাছত ট্ৰাষ্ট কাৰ্যালয়ত অনুদানৰ পৰিমাণৰ হিচাপ দাখিল কৰে।

গুপ্তাই লগতে কয় যে দানৰ পৰিমাণ জমা কৰাৰ পৰা ইয়াক গণনা কৰালৈকে সকলো কাৰ্য চিচিটিভি কেমেৰাৰ নিৰীক্ষণত কৰা হয়।

ইপিনে, ৰাম মন্দিৰলৈ আহিয়েই আছে দামী দামী উপহাৰ৷ আমেৰিকাৰ পৰা ৰাম মন্দিৰলৈ আহিছে সোণৰ ৰথ, সোণৰ অনন্ত শয্যা, সোণৰ গৰুড়, সোণৰ বিষ্ণুমূৰ্তি, সোণৰ স্তম্ভ, সোণৰ হাতী, সিংহ, বৃক্ষ৷ সোণৰ পুষ্পক ৰথো প্ৰেৰণ কৰা হৈছে ৰাম মন্দিৰলৈ৷ আমেৰিকাৰবাসী ৰামভক্তৰ
মুঠ ১২টা উপহাৰৰ মূল্য কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু