--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক পঞ্চমবাৰৰ বাবে ইডিৰ চমনক উপেক্ষা কৰিলে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।  সুৰা কেলেংকাৰিৰ গোচৰত  প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাৰি কৰা পঞ্চম চমন কেজৰিৱালে উপেক্ষা কৰিলে বুধবাৰে, ইডিয়ে কেজৰিৱালক গোচৰটো সন্দৰ্ভত  পঞ্চম খন  চমন জাৰি কৰিছিল। তেওঁক শুক্ৰবাৰেইডিৰ সন্মুখত  হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। আপৰ সূত্ৰই প্ৰকাশ কৰা মতে  কেজৰিৱালে  আজিও  ইডি কাৰ্যালয়ত  হাজিৰ হোৱাৰ পৰা বিৰত থাকে। 

শেহতীয়াকৈ, চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত অবৈধভাৱে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এএপিয়ে অভিযোগ কৰিছিল যে প্ৰিজাইডিং বিষয়াই ইচ্ছাকৃতভাৱে আপ আৰু কংগ্ৰেছৰ কাউন্সিলাৰসকলৰ ভোট বাতিল কৰি বিজেপি প্ৰাৰ্থীৰ পক্ষ লৈছিল। আপে ঘটনাটোৰ বিৰুদ্ধে শুক্ৰবাৰে দিল্লী আৰু চণ্ডীগড়ত প্ৰতিবাদৰ পৰিকল্পনা কৰিছে। 

 উল্লেখ্য কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি ইডিৰ নিৰীক্ষণত আছে। পূৰ্বে ইডিয়ে কেজৰিৱালক  চাৰিবাৰ মাতি পঠিয়াইছি যদিও  কেজৰিৱালে অৱশ্যে কোনো সঁহাৰি দিয়া নাছিল। প্ৰতিবাৰেই তেওঁ  ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল।  কেজৰিৱালে  দাবী কৰি আহিছে যে  ইডিৰ চমন 'অবৈধ' । বুধবাৰে কেজৰিৱালক পঞ্চমবাৰৰ বাবে  চমন জাৰি কৰা হৈছে আৰু চমনত তেওঁক  শুক্ৰবাৰে দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল।


আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই  বাৰে বাৰে মাতি থকা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই। কেজৰিৱালে নিজেই কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়। এই অবৈধ চমনত উপস্থিত হোৱাৰ কোনো প্ৰশ্নই নাই বুলি আপৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।  আপৰ সূত্ৰই প্ৰকাশ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  পঞ্চমবাৰৰ চমন লাভ কৰিছিল যদিও তেওঁ  এইবাৰো বাবে ইডিৰ সন্মুখত হাজিৰ নহ'ল। 

 ইডিৰ নিৰীক্ষণত থকা কেজৰিৱালেই একমাত্ৰ ৰাজনীতিক  নহয়। বৰ্তমান ইণ্ডিয়া  মিত্ৰজোঁটৰ বহু নেতা ইডিৰ নিৰীক্ষণত  আছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণো এই  তালিকাত আছে। বিহাৰৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো কেইবাবাৰো  ইডিয়ে মাতি পঠিয়াইছে। লালু প্ৰসাদ যাদৱো ইডিৰ ৰোষত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস