--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক পঞ্চমবাৰৰ বাবে ইডিৰ চমনক উপেক্ষা কৰিলে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।  সুৰা কেলেংকাৰিৰ গোচৰত  প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাৰি কৰা পঞ্চম চমন কেজৰিৱালে উপেক্ষা কৰিলে বুধবাৰে, ইডিয়ে কেজৰিৱালক গোচৰটো সন্দৰ্ভত  পঞ্চম খন  চমন জাৰি কৰিছিল। তেওঁক শুক্ৰবাৰেইডিৰ সন্মুখত  হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। আপৰ সূত্ৰই প্ৰকাশ কৰা মতে  কেজৰিৱালে  আজিও  ইডি কাৰ্যালয়ত  হাজিৰ হোৱাৰ পৰা বিৰত থাকে। 

শেহতীয়াকৈ, চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত অবৈধভাৱে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এএপিয়ে অভিযোগ কৰিছিল যে প্ৰিজাইডিং বিষয়াই ইচ্ছাকৃতভাৱে আপ আৰু কংগ্ৰেছৰ কাউন্সিলাৰসকলৰ ভোট বাতিল কৰি বিজেপি প্ৰাৰ্থীৰ পক্ষ লৈছিল। আপে ঘটনাটোৰ বিৰুদ্ধে শুক্ৰবাৰে দিল্লী আৰু চণ্ডীগড়ত প্ৰতিবাদৰ পৰিকল্পনা কৰিছে। 

 উল্লেখ্য কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি ইডিৰ নিৰীক্ষণত আছে। পূৰ্বে ইডিয়ে কেজৰিৱালক  চাৰিবাৰ মাতি পঠিয়াইছি যদিও  কেজৰিৱালে অৱশ্যে কোনো সঁহাৰি দিয়া নাছিল। প্ৰতিবাৰেই তেওঁ  ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল।  কেজৰিৱালে  দাবী কৰি আহিছে যে  ইডিৰ চমন 'অবৈধ' । বুধবাৰে কেজৰিৱালক পঞ্চমবাৰৰ বাবে  চমন জাৰি কৰা হৈছে আৰু চমনত তেওঁক  শুক্ৰবাৰে দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল।


আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই  বাৰে বাৰে মাতি থকা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই। কেজৰিৱালে নিজেই কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়। এই অবৈধ চমনত উপস্থিত হোৱাৰ কোনো প্ৰশ্নই নাই বুলি আপৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।  আপৰ সূত্ৰই প্ৰকাশ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  পঞ্চমবাৰৰ চমন লাভ কৰিছিল যদিও তেওঁ  এইবাৰো বাবে ইডিৰ সন্মুখত হাজিৰ নহ'ল। 

 ইডিৰ নিৰীক্ষণত থকা কেজৰিৱালেই একমাত্ৰ ৰাজনীতিক  নহয়। বৰ্তমান ইণ্ডিয়া  মিত্ৰজোঁটৰ বহু নেতা ইডিৰ নিৰীক্ষণত  আছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণো এই  তালিকাত আছে। বিহাৰৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো কেইবাবাৰো  ইডিয়ে মাতি পঠিয়াইছে। লালু প্ৰসাদ যাদৱো ইডিৰ ৰোষত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক