--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামসেতুকলৈ পুনৰ আৰম্ভ হৈছে চৰ্চা৷ অভিনেতা অক্ষয় কুমাৰে ৰাম সেতু মানুহে নিৰ্মাণ কৰা বুলি দাবী কৰি চিনেমা নিৰ্মাণ কৰিছে৷ ইয়াকেলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াও হৈছে৷ ইয়াৰ মাজতে কেন্দ্ৰই কয়  যে ৰাম সেতুৰ বয়স নিৰ্ধাৰণ কৰিবলৈ গৱেষণা কৰা হ'ব। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় নৃতাত্ত্বিক গৱেষণা পৰিষদে প্ৰকল্পটোত অনুমোদনো জনাইছে।

অক্ষয় কুমাৰে ৰূপালী পৰ্দাত 'ৰামসেতু' কোনে নিৰ্মাণ কৰিিস সেয়া  ক’ব  পাৰে, কিন্তু বাস্তৱত এয়া  যথেষ্ট কঠিন বিষয়। কেন্দ্ৰীয় ভূ- বিজ্ঞান আৰু মহাকাশ গৱেষণা ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে ৰাজ্যসভাত বিজেপি সাংসদ কাৰ্তিকেয় শৰ্মাৰ ৰাম সেতু সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়৷

মন্ত্ৰীগৰাকীয়ে কয়  যে মহাকাব্য আৰু ইতিহাসত উল্লেখ থকা  ৰাম সেতুৰ "কিছু প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰমাণ" তেওঁৰ ওচৰত আছে। কিন্তু একে সময়তে তেওঁ কয়, "ৰাম সেতুৰ বিষয়ে তথ্য উদ্ধাৰ কৰাত আমাৰ কিছু সীমাবদ্ধতাও আছে। কিয়নো এই সেতুৰ  ইতিহাস ১৮ হাজাৰ বছৰতকৈও অধিক পুৰণি ৷  ইতিহাসৰ মতে  দলংখন প্ৰায় ৫৬  কিলোমিটাৰ দীঘল আছিল। ''

ভাৰত মহাসাগৰত ডুব গৈ থকা  'দলং আকৃতিৰ ভূমি' প্ৰাকৃতিক নে মানৱ-নিৰ্মিত তাকে লৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে। কেইবছৰমান আগতে মোদীৰ  চৰকাৰে কৈছিল যে ৰাম সেতুৰ বয়স নিৰ্ধাৰণ কৰিবলৈ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা কৰা হ'ব। জিতেন্দ্ৰৰ নিয়ন্ত্ৰণত থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় নৃতাত্ত্বিক গৱেষণা পৰিষদে এই প্ৰকল্পটোত অনুমোদন জনাইছিল। গোৱাৰ কেন্দ্ৰীয় সাগৰ বিজ্ঞান কেন্দ্ৰও অধ্যয়নটোত জড়িত আছিল।

কিন্তু ৰাজ্যসভাত মন্ত্ৰীজনৰ বক্তব্যত  স্পষ্ট যে অধ্যয়নটোৰ প্ৰাৰম্ভিক ফলাফল "ইতিবাচক " নাছিল। তেওঁ কয়, "মহাকাশ প্ৰযুক্তিৰ সহায়ত আমি দ্বীপ সমূহ টুকুৰা টুকুৰাকৈ দেখা  পাইছো। চূণশিলৰে নিৰ্মিত এই দ্বীপবোৰলৈ চাই সেইবোৰ ৰাম সেতুৰ  অংশ হয়  নে নহয় সেয়া  নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। গৃহ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে অৱশ্যে দাবী কৰিছে যে চূণ শিলৰ গাঁথনিবোৰে এক "নিৰ্দিষ্ট ধাৰাবাহিকতা" বজাই ৰাখিছে। বিজেপি আৰু সংঘ পৰিয়ালে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে তামিলনাডুৰ ধনুষকোটিৰ পৰা পোক ষ্ট্ৰেইটৰ কাষৰ শ্ৰীলংকালৈ জলমগ্ন শিলৰ দলংখন স্বাভাৱিকভাবে সৃষ্টি হোৱা দলং নহয়,  সেয়া মানৱ-নিৰ্মিতহে। বিজেপিয়ে  বিশ্বাস কৰে যে দলংখন ৰাম আৰু তেওঁৰ বান্দৰ সৈন্যই নিৰ্মাণ কৰিছিল। 

তদানীন্তন ইউপিএ চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল য'ত কোৱা হৈছিল যে প্ৰাকৃতিক দলংখন ৰামে নিৰ্মাণ কৰিছিল বুলি মানুহৰ বিশ্বাসৰ কোনো ভিত্তি নাই। ইউপিএ চৰকাৰে  'চেতুসমুদ্ৰম' প্ৰকল্পৰ অধীনত সেতু খন খান্দি জাহাজ চলাচল বাবে পথ উলিয়াব বিচাৰিছিল৷   'চেতুসমুদ্ৰম' প্ৰকল্প হ’লে ভাৰতৰ পূব আৰু পশ্চিম উপকূলৰ মাজত  জাহাজ চলাচলত  সময় কম ল'ব আৰু তেলৰ ব্যয় হ্ৰাস হ’ব বুলি ইউপিএ চৰকাৰে কৈছিল৷ কিন্তু বিজেপিয়ে সেই সময়তে ইউপিএ চৰকাৰক প্ৰকল্পটো ৰূপায়ণ কাত বাধা দিছিল৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু