--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামসেতুকলৈ পুনৰ আৰম্ভ হৈছে চৰ্চা৷ অভিনেতা অক্ষয় কুমাৰে ৰাম সেতু মানুহে নিৰ্মাণ কৰা বুলি দাবী কৰি চিনেমা নিৰ্মাণ কৰিছে৷ ইয়াকেলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াও হৈছে৷ ইয়াৰ মাজতে কেন্দ্ৰই কয়  যে ৰাম সেতুৰ বয়স নিৰ্ধাৰণ কৰিবলৈ গৱেষণা কৰা হ'ব। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় নৃতাত্ত্বিক গৱেষণা পৰিষদে প্ৰকল্পটোত অনুমোদনো জনাইছে।

অক্ষয় কুমাৰে ৰূপালী পৰ্দাত 'ৰামসেতু' কোনে নিৰ্মাণ কৰিিস সেয়া  ক’ব  পাৰে, কিন্তু বাস্তৱত এয়া  যথেষ্ট কঠিন বিষয়। কেন্দ্ৰীয় ভূ- বিজ্ঞান আৰু মহাকাশ গৱেষণা ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে ৰাজ্যসভাত বিজেপি সাংসদ কাৰ্তিকেয় শৰ্মাৰ ৰাম সেতু সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়৷

মন্ত্ৰীগৰাকীয়ে কয়  যে মহাকাব্য আৰু ইতিহাসত উল্লেখ থকা  ৰাম সেতুৰ "কিছু প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰমাণ" তেওঁৰ ওচৰত আছে। কিন্তু একে সময়তে তেওঁ কয়, "ৰাম সেতুৰ বিষয়ে তথ্য উদ্ধাৰ কৰাত আমাৰ কিছু সীমাবদ্ধতাও আছে। কিয়নো এই সেতুৰ  ইতিহাস ১৮ হাজাৰ বছৰতকৈও অধিক পুৰণি ৷  ইতিহাসৰ মতে  দলংখন প্ৰায় ৫৬  কিলোমিটাৰ দীঘল আছিল। ''

ভাৰত মহাসাগৰত ডুব গৈ থকা  'দলং আকৃতিৰ ভূমি' প্ৰাকৃতিক নে মানৱ-নিৰ্মিত তাকে লৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে। কেইবছৰমান আগতে মোদীৰ  চৰকাৰে কৈছিল যে ৰাম সেতুৰ বয়স নিৰ্ধাৰণ কৰিবলৈ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা কৰা হ'ব। জিতেন্দ্ৰৰ নিয়ন্ত্ৰণত থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় নৃতাত্ত্বিক গৱেষণা পৰিষদে এই প্ৰকল্পটোত অনুমোদন জনাইছিল। গোৱাৰ কেন্দ্ৰীয় সাগৰ বিজ্ঞান কেন্দ্ৰও অধ্যয়নটোত জড়িত আছিল।

কিন্তু ৰাজ্যসভাত মন্ত্ৰীজনৰ বক্তব্যত  স্পষ্ট যে অধ্যয়নটোৰ প্ৰাৰম্ভিক ফলাফল "ইতিবাচক " নাছিল। তেওঁ কয়, "মহাকাশ প্ৰযুক্তিৰ সহায়ত আমি দ্বীপ সমূহ টুকুৰা টুকুৰাকৈ দেখা  পাইছো। চূণশিলৰে নিৰ্মিত এই দ্বীপবোৰলৈ চাই সেইবোৰ ৰাম সেতুৰ  অংশ হয়  নে নহয় সেয়া  নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। গৃহ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে অৱশ্যে দাবী কৰিছে যে চূণ শিলৰ গাঁথনিবোৰে এক "নিৰ্দিষ্ট ধাৰাবাহিকতা" বজাই ৰাখিছে। বিজেপি আৰু সংঘ পৰিয়ালে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে তামিলনাডুৰ ধনুষকোটিৰ পৰা পোক ষ্ট্ৰেইটৰ কাষৰ শ্ৰীলংকালৈ জলমগ্ন শিলৰ দলংখন স্বাভাৱিকভাবে সৃষ্টি হোৱা দলং নহয়,  সেয়া মানৱ-নিৰ্মিতহে। বিজেপিয়ে  বিশ্বাস কৰে যে দলংখন ৰাম আৰু তেওঁৰ বান্দৰ সৈন্যই নিৰ্মাণ কৰিছিল। 

তদানীন্তন ইউপিএ চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল য'ত কোৱা হৈছিল যে প্ৰাকৃতিক দলংখন ৰামে নিৰ্মাণ কৰিছিল বুলি মানুহৰ বিশ্বাসৰ কোনো ভিত্তি নাই। ইউপিএ চৰকাৰে  'চেতুসমুদ্ৰম' প্ৰকল্পৰ অধীনত সেতু খন খান্দি জাহাজ চলাচল বাবে পথ উলিয়াব বিচাৰিছিল৷   'চেতুসমুদ্ৰম' প্ৰকল্প হ’লে ভাৰতৰ পূব আৰু পশ্চিম উপকূলৰ মাজত  জাহাজ চলাচলত  সময় কম ল'ব আৰু তেলৰ ব্যয় হ্ৰাস হ’ব বুলি ইউপিএ চৰকাৰে কৈছিল৷ কিন্তু বিজেপিয়ে সেই সময়তে ইউপিএ চৰকাৰক প্ৰকল্পটো ৰূপায়ণ কাত বাধা দিছিল৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক