--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটোৰ শেষত দেশত পুনৰ কোভিডে মূৰ দাঙি উঠিছে। কৰোনাৰ নতুন উপপ্ৰকাৰে চাৰিওফালে আতংক বৃদ্ধি কৰিছে। এনে সময়তে কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ তাজমহলত এটা নতুন পদক্ষেপ গ্ৰহণ কৰা  হৈছে। দৰ্শনাৰ্থীসকলে এতিয়াৰে পৰা  এই নতুন নিয়মটো মানি চলিব লাগিব।

কৰোনা 'বিএফ.৭'ৰ নতুন প্ৰকাৰৰ বাবে চীনত সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ পিছতে ভাৰতৰো বিভিন্ন ৰাজ্যত কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা  হৈছে। তাজমহলত প্ৰৱেশ কৰাৰ আগতে দৰ্শনাৰ্থীসকলৰ বাবে কৰোনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। পৰীক্ষা কৰাৰ পিছত প্ৰতিবেদন চোৱাৰ পিছতহে দৰ্শনাৰ্থীসকলক তাজমহলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব। জিলা প্ৰশাসনে কৈছে যে এই পদক্ষেপটো লোৱা হৈছে যাতে  সংক্ৰমণ বৃদ্ধি নাপায়।

আগ্ৰাৰ জিলা স্বাস্থ্য তথ্য বিষয়া অনিল সৎসঙ্গীয়ে কয়, "সংক্ৰমণ প্ৰতিৰোধ ৰখাৰ বাবে কোভিড-১৯ পৰীক্ষাত গুৰুত্ব দিয়া হৈছে। দৰ্শনাৰ্থীসকলৰ বাবে কৰোনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ''

দেশ আৰু বিদেশৰ বহু লোকে প্ৰতিদিনে তাজমহল দৰ্শন কৰিবলৈ আহে। সকলো দৰ্শনাৰ্থীৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক