--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটোৰ শেষত দেশত পুনৰ কোভিডে মূৰ দাঙি উঠিছে। কৰোনাৰ নতুন উপপ্ৰকাৰে চাৰিওফালে আতংক বৃদ্ধি কৰিছে। এনে সময়তে কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ তাজমহলত এটা নতুন পদক্ষেপ গ্ৰহণ কৰা  হৈছে। দৰ্শনাৰ্থীসকলে এতিয়াৰে পৰা  এই নতুন নিয়মটো মানি চলিব লাগিব।

কৰোনা 'বিএফ.৭'ৰ নতুন প্ৰকাৰৰ বাবে চীনত সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ পিছতে ভাৰতৰো বিভিন্ন ৰাজ্যত কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা  হৈছে। তাজমহলত প্ৰৱেশ কৰাৰ আগতে দৰ্শনাৰ্থীসকলৰ বাবে কৰোনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। পৰীক্ষা কৰাৰ পিছত প্ৰতিবেদন চোৱাৰ পিছতহে দৰ্শনাৰ্থীসকলক তাজমহলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব। জিলা প্ৰশাসনে কৈছে যে এই পদক্ষেপটো লোৱা হৈছে যাতে  সংক্ৰমণ বৃদ্ধি নাপায়।

আগ্ৰাৰ জিলা স্বাস্থ্য তথ্য বিষয়া অনিল সৎসঙ্গীয়ে কয়, "সংক্ৰমণ প্ৰতিৰোধ ৰখাৰ বাবে কোভিড-১৯ পৰীক্ষাত গুৰুত্ব দিয়া হৈছে। দৰ্শনাৰ্থীসকলৰ বাবে কৰোনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ''

দেশ আৰু বিদেশৰ বহু লোকে প্ৰতিদিনে তাজমহল দৰ্শন কৰিবলৈ আহে। সকলো দৰ্শনাৰ্থীৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু