--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ক'ত মৃত্যু সেয়া কোনেও নাজানে। আনদিনাৰ দৰেই সদায় পুৱা কলেজলৈ বুলি ঘৰৰ পৰা ওলাই অহা এগৰাকী ছাত্ৰীয়ে সাবটিলে মৃত্যুক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে।

মঙলবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ থিৰুৰকাডৰ ৰাষ্ট্ৰীয় ঘাইপথত। নিহত ছাত্ৰীগৰাকীক আলাপ্পুজাৰ নিৱাসী আলফনছা (২২) বুলি চিনাক্ত কৰা হৈছে। পেৰিন্থালমানাৰ এমইএছ একাডেমী অৱ মেডিকেল ছায়েন্সৰ এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল মৃত আলফনছা।

মঙলবাৰে পুৱা তেওঁ অশ্বিন(২২)নামৰ এগৰাকী সহপাঠীৰ সৈতে বাইকেৰে কলেজলৈ গৈ থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথত আন এখন বাইকৰ সৈতে তেওঁলোকৰ মুখামুখি সংঘৰ্ষ ঘটে। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে আলফনছাৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় অশ্বিন।

পাছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰভাৱে আহত অশ্বিনক হাস্পতালত ভৰ্তি কৰায় আৰু আলফনছাৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পেৰিন্থালমানাৰ চৰকাৰী জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ পাছত আলফনছাৰ মৃতদেহ আলফনছাৰ পৰিয়ালক গতাই দিয়া হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু