--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ক'ত মৃত্যু সেয়া কোনেও নাজানে। আনদিনাৰ দৰেই সদায় পুৱা কলেজলৈ বুলি ঘৰৰ পৰা ওলাই অহা এগৰাকী ছাত্ৰীয়ে সাবটিলে মৃত্যুক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে।

মঙলবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ থিৰুৰকাডৰ ৰাষ্ট্ৰীয় ঘাইপথত। নিহত ছাত্ৰীগৰাকীক আলাপ্পুজাৰ নিৱাসী আলফনছা (২২) বুলি চিনাক্ত কৰা হৈছে। পেৰিন্থালমানাৰ এমইএছ একাডেমী অৱ মেডিকেল ছায়েন্সৰ এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল মৃত আলফনছা।

মঙলবাৰে পুৱা তেওঁ অশ্বিন(২২)নামৰ এগৰাকী সহপাঠীৰ সৈতে বাইকেৰে কলেজলৈ গৈ থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথত আন এখন বাইকৰ সৈতে তেওঁলোকৰ মুখামুখি সংঘৰ্ষ ঘটে। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে আলফনছাৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় অশ্বিন।

পাছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰভাৱে আহত অশ্বিনক হাস্পতালত ভৰ্তি কৰায় আৰু আলফনছাৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পেৰিন্থালমানাৰ চৰকাৰী জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ পাছত আলফনছাৰ মৃতদেহ আলফনছাৰ পৰিয়ালক গতাই দিয়া হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ