--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত সংবাদ মাধ্যমৰ আটাইতকৈ বিতৰ্কিত চলচ্চিত্ৰসমূহৰ ভিতৰত 'দ্য কাশ্মীৰ ফাইলছ' অন্যতম। ’৯০ ৰ দশকত জম্মু-কাশ্মীৰৰ পৰা শ শ পণ্ডিতক উচ্ছেদ কৰা হৈছিল। ছবিখনৰ জৰিয়তে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এই ঘটনাকে ছবিৰ মাজেৰে তুলি ধৰাৰ চেষ্টা কৰিছে। ছবিখনৰ পৰিচালক হিচাপে এতিয়া তুমুল চৰ্চাত আছে বিবেক অগ্নিহোত্ৰী। পাছে কেইবছৰমান পূৰ্বে, এই পৰিচালকৰ বিৰুদ্ধে পৰিচালকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল বাঙালী অভিনেত্ৰী তনুশ্ৰী দত্তই। ২০১৮ চনতে অভিনেত্ৰীগৰাকীয়ে ২০০৫চনত সংঘটিত এটা ঘটনা মুকলিকৈ প্ৰকাশ কৰিছিল। বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত 'চকলেট: ডিপ ডাৰ্ক ছিক্ৰেটছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল বুলি কৈছিল অভিনেত্ৰীগৰাকীয়ে।তেওঁ কৈছিল, ‘নিজৰ শ্বট সম্পূৰ্ণ হোৱাৰ পাছত, অভিনেত্ৰীগৰাকীয়ে কেমেৰাৰ পিছফালে টাৱেল এখন গাত মেৰিয়াই থিয় হৈ আছিল। তেতিয়াই ইৰফান খানৰ ক্লোজআপ শ্বট এটা লোৱা হৈছিল। আৰু তেতিয়া হঠাতে পৰিচালকে পোছাক খুলি ইৰফান খানৰ সন্মুখত নৃত্য কৰিবলৈ অভিনেত্ৰীগৰাকীক নিৰ্দেশ দিছিল। পৰিচালক গৰাকীৰ এনে মন্তব্য শুনি আচৰিত হৈ পৰিছিল অভিনেত্ৰীগৰাকীয়ে। পৰিচালকজনৰ কথা শুনি ইৰফান খানে কৈছিল যে, মোক কাৰো সহায়ৰ প্ৰয়োজন নাই। মই এজন অভিনেতা, সহায় অবিহনে নিজৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰো। বলীউড অভিনেতা সুনীল ছেট্টীয়েও অভিনেত্ৰীগৰাকীৰ কোনো সহায়ৰ প্ৰয়োজন নাই বুলি সদৰী কৰিছিল। যদি প্ৰয়োজন হয়, ইৰফান খানক নিজে সহায় কৰাৰো আশ্বাস দিছিল সুনীল ছেট্টীয়ে। পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, ‘ইৰফান খান আৰু সুনীল ছেট্টীৰ দৰে অভিনেতাৰ বাবে বলীউডৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা নাছিলো। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ্যে পৰিচালকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিলেও বিবেক অগ্নিহোত্ৰীয়ে এই কথা স্বীকাৰ কৰা নাই। অভিনেত্ৰীগৰাকীৰ যি কৈছে সকলো মিছা আৰু ভিত্তিহীন বুলিও কৈছিল বিবেকে। মন কৰিবলগীয়া যে, পৰিচালকজনে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ জৰিয়তে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে সিমান পৰিচিত নাছিল বিবেকৰ। সম্প্ৰতি ডাঙৰ পৰ্দাৰ পৰা বহু দূৰত অৱস্থান কৰিছে তনুশ্ৰী দত্তই। এটা পুৰণি সাক্ষাৎকাৰত, তেওঁক তেওঁৰ অভিনয় কেৰিয়াৰৰ বিষয়ে মুকলিকৈ কোৱা শুনা গৈছিল। মন পছন্দৰ চৰিত্ৰ নোপোৱাটোৱেই তেওঁৰ অভিনয়ৰ পৰা আঁতৰি অহাৰ মুল কাৰণ। অৱশ্যে, তেওঁ লগতে কয় যে, ভৱিষ্যতে তেওঁৰ মনে মিলা চৰিত্ৰত অভিনয়ৰ সুযোগ পালে নিশ্চিতভাৱে পুনৰ অভিনয় ক্ষেত্ৰলৈ ঘূৰি অহাৰো আশ্বাস দিছিল তনুশ্ৰী দত্তই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু