--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত সংবাদ মাধ্যমৰ আটাইতকৈ বিতৰ্কিত চলচ্চিত্ৰসমূহৰ ভিতৰত 'দ্য কাশ্মীৰ ফাইলছ' অন্যতম। ’৯০ ৰ দশকত জম্মু-কাশ্মীৰৰ পৰা শ শ পণ্ডিতক উচ্ছেদ কৰা হৈছিল। ছবিখনৰ জৰিয়তে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এই ঘটনাকে ছবিৰ মাজেৰে তুলি ধৰাৰ চেষ্টা কৰিছে। ছবিখনৰ পৰিচালক হিচাপে এতিয়া তুমুল চৰ্চাত আছে বিবেক অগ্নিহোত্ৰী। পাছে কেইবছৰমান পূৰ্বে, এই পৰিচালকৰ বিৰুদ্ধে পৰিচালকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল বাঙালী অভিনেত্ৰী তনুশ্ৰী দত্তই। ২০১৮ চনতে অভিনেত্ৰীগৰাকীয়ে ২০০৫চনত সংঘটিত এটা ঘটনা মুকলিকৈ প্ৰকাশ কৰিছিল। বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত 'চকলেট: ডিপ ডাৰ্ক ছিক্ৰেটছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল বুলি কৈছিল অভিনেত্ৰীগৰাকীয়ে।তেওঁ কৈছিল, ‘নিজৰ শ্বট সম্পূৰ্ণ হোৱাৰ পাছত, অভিনেত্ৰীগৰাকীয়ে কেমেৰাৰ পিছফালে টাৱেল এখন গাত মেৰিয়াই থিয় হৈ আছিল। তেতিয়াই ইৰফান খানৰ ক্লোজআপ শ্বট এটা লোৱা হৈছিল। আৰু তেতিয়া হঠাতে পৰিচালকে পোছাক খুলি ইৰফান খানৰ সন্মুখত নৃত্য কৰিবলৈ অভিনেত্ৰীগৰাকীক নিৰ্দেশ দিছিল। পৰিচালক গৰাকীৰ এনে মন্তব্য শুনি আচৰিত হৈ পৰিছিল অভিনেত্ৰীগৰাকীয়ে। পৰিচালকজনৰ কথা শুনি ইৰফান খানে কৈছিল যে, মোক কাৰো সহায়ৰ প্ৰয়োজন নাই। মই এজন অভিনেতা, সহায় অবিহনে নিজৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰো। বলীউড অভিনেতা সুনীল ছেট্টীয়েও অভিনেত্ৰীগৰাকীৰ কোনো সহায়ৰ প্ৰয়োজন নাই বুলি সদৰী কৰিছিল। যদি প্ৰয়োজন হয়, ইৰফান খানক নিজে সহায় কৰাৰো আশ্বাস দিছিল সুনীল ছেট্টীয়ে। পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, ‘ইৰফান খান আৰু সুনীল ছেট্টীৰ দৰে অভিনেতাৰ বাবে বলীউডৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা নাছিলো। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ্যে পৰিচালকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিলেও বিবেক অগ্নিহোত্ৰীয়ে এই কথা স্বীকাৰ কৰা নাই। অভিনেত্ৰীগৰাকীৰ যি কৈছে সকলো মিছা আৰু ভিত্তিহীন বুলিও কৈছিল বিবেকে। মন কৰিবলগীয়া যে, পৰিচালকজনে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ জৰিয়তে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে সিমান পৰিচিত নাছিল বিবেকৰ। সম্প্ৰতি ডাঙৰ পৰ্দাৰ পৰা বহু দূৰত অৱস্থান কৰিছে তনুশ্ৰী দত্তই। এটা পুৰণি সাক্ষাৎকাৰত, তেওঁক তেওঁৰ অভিনয় কেৰিয়াৰৰ বিষয়ে মুকলিকৈ কোৱা শুনা গৈছিল। মন পছন্দৰ চৰিত্ৰ নোপোৱাটোৱেই তেওঁৰ অভিনয়ৰ পৰা আঁতৰি অহাৰ মুল কাৰণ। অৱশ্যে, তেওঁ লগতে কয় যে, ভৱিষ্যতে তেওঁৰ মনে মিলা চৰিত্ৰত অভিনয়ৰ সুযোগ পালে নিশ্চিতভাৱে পুনৰ অভিনয় ক্ষেত্ৰলৈ ঘূৰি অহাৰো আশ্বাস দিছিল তনুশ্ৰী দত্তই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু