--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ সৰ্ববৃহৎ আৰু অতি ভয়ংকৰ সাপ আনাকোণ্ডাৰ কথা বিভিন্ন ছবি আৰু ৰূপকথাত বৰ্ণনা কৰি অহা হৈছে৷ শেহতীয়াকৈ  আমাজন বৰ্ষাৰণ্যত  নেচনেল জিওগ্ৰাফিকৰ অভিযানৰ সময়ত পৃথিৱীৰ সৰ্ববৃহৎ সাপবিধৰ  দুটা আনুবংশিকভাৱে পৃথক প্ৰজাতি  পুনৰ আৱিষ্কাৰ হৈছে৷ সেই প্ৰজাতি দুবিধ হৈছে  চাউথ গ্ৰীন আনাকোণ্ডা আৰু নৰ্থ গ্ৰীন আনাকোণ্ডা (ইউনেক্টেছ আকাইমা)। অভিযানকাৰীৰ দলটোৱে  উইল স্মিথৰ  আহিবলগীয়া নাট জিঅ'ৰ শৃংখলা পোল টু পোলৰ বাবে চিত্ৰগ্ৰহণ কৰি আছিল৷ তেতিয়াই তেওঁলোকে ইকুৱেডৰত ২৬  ফুট দীঘল আৰু ২০০ কিলোগ্ৰাম ওজনৰ সাপবিধৰ  সন্মুখীন হৈছিল৷ তেওঁলোকে সংগ্ৰহ কৰা তেজ আৰু কোষকলাৰ নমুনা পৰীক্ষা কৰাৰ পিছত এই সিদ্ধান্তত উপনীত হৈছে যে  সেই সাপবিধ আনাকোণ্ডাৰে বংশধৰ৷ 


অভিযানটোৰ নেতৃত্ব দিয়া  কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী  ব্ৰাইন ফ্ৰাই ব্যাখ্যা এইবুলি কৰিছে " সেইবোৰ আনুবংশিকভাৱে আনকোণ্ডাৰ পৰা  চাৰে পাঁচ শতাংশ পৃথক।" বহু  বিশেষজ্ঞই দীৰ্ঘদিন ধৰি সন্দেহ কৰি আহিছে যে একাধিক সেউজীয়া আনাকোণ্ডা প্ৰজাতি থাকিব পাৰে৷  অধ্যয়নটোৰ ফলাফলে স্পষ্ট কৰে যে চাউথ গ্ৰীন  আনাকোণ্ডা (ইউনেক্টেছ মুৰিনাছ) ব্ৰাজিল, পেৰু, বলিভিয়া আৰু প্ৰান্স গায়ানাত বাস কৰে আনহাতে নৰ্থ গ্ৰীন প্ৰজাতিৰ আনাকোণ্ডাই  ইকুৱেডৰ, কলম্বিয়া, ভেনিজুৱেলা, চুৰিনাম, গায়ানা আৰু ফৰাচী গায়ানাত বিস্তৃত হৈ আছে। 

এটা সময়ত পৃথিৱীত বহদাকাৰ আনাকোণ্ডাই বাস কৰিছিল৷ এতিয়াও সেই বিশালকায় সাপ বিধৰ বংশধৰে পৃথিৱীত বাসকৰাৰ কথা পোহৰলৈ অহাৰ পিছত বিজ্ঞানীসকল আনন্দিত হৈ পৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী