--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  দেহ গঠনৰ বাবে প্ৰ'টিন অতি লাগতিয়াল। মাংসপেশীৰ শক্তি আৰু শৰীৰৰ শক্তি ক্ষীপ্ৰ কৰি তুলিবলৈ আমাক দৈনিক প্ৰ'টিনৰ প্ৰয়োজন হয় । এনে কিছুমান নিৰামিষ খাদ্যৰ বিষয়ে জানো আহক যিসমূহ প্ৰ'টিনেৰে সমৃদ্ধ হয়৷ ৰবি বতৰত কৰিব পৰা মাহজাতীয় শস্যবিলাকৰ ভিতৰত ৰাজমাহো এবিধ উল্লেখযোগ্য প্রটিনযুক্ত খাদ্য। 

১) ওজন হ্রাস কৰাৰ বাবে ৰাজমাহ উপকাৰী: স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যিসকল লোকে ওজন হ্রাস কৰিব বিচাৰে তেওঁলোকৰ বাবে ৰাজমাহ এটা ভাল বিকল্প। ৰাজমাহ হৈছে উচ্চ প্ৰ’টিন আৰু ফাইবাৰ সমৃদ্ধিশালী খাদ্য ৷ ই কাৰ্বহাইড্ৰেটৰ  বিপাক আৰু শোষণ লেহেমীয়া কৰে। এই পৰিঘটনাৰ বাবে ভোক দেৰিকৈ লাগে আৰু ওজন কমাবলৈ সহায়ক হৈ পৰে। গৱেষণা অনুসৰি ৰাজমাহ যেতিয়া ভাতৰ সৈতে খোৱা হয় ভাতখিনিও এক সম্পূর্ণ প্রাটিনৰ উৎস হৈ পৰে। সেয়ে খোৱাৰ পিছত দীঘলীয়া সময়ৰ বাবে পেট ভর্তি হৈ থাকে আৰু দীঘলীয়া সময়ৰ বাবে ভোক নালাগে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৰাজমাহে: ৰাজমাহত এন্টিঅক্সিডেন্ট আৰু প্রদাহ-প্রতিৰোধী উপাদান থাকে বিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। লগতে ককট ৰোগৰ আশংকা হ্রাস কৰাত সহায় কৰিব পাৰে।

৩) নিৰামিষ ভোজী লোকৰ বাবে ৰাজমাহ হৈছে প্ৰটিনৰ এক উত্তম বিকল্প: যিয়ে নিৰামিষ আহাৰ খাই ভাল পাই তেওঁলোকৰ প্রাটিনৰ অভাৱ পূৰণ কৰাৰ বাবে ৰাজমাহ হৈছে বাবে সর্বশ্রেষ্ঠ বিকল্প। ইয়াৰ নিয়মীয়া গ্রহণৰ ফলত শৰীৰত প্রাটিনৰ অভাৱ দূৰ হয়।

৪) মগজুৰ বাবে উপকাৰী ৰাজমাহ: ৰাজমাহ খোৱাটো মগজুৰ বাবে বহু লাভজনক। ইয়াত পর্যাপ্ত ভিটামিন থাকে; যি স্নায়ুতন্ত্রৰ বাবে অতিকৈ উপকাৰী। ৰাজমাহ ভিটামিন ইৰ  এক ভাল উৎস; যি মস্তিষ্কৰ কোষৰ বাবে অতিকৈ গুৰুত্বপূর্ণ।

৫) ৰাজমাহ সেৱনে হজম শক্তি উন্নত কৰে: ৰাজমাহত যথেষ্ট পৰিমাণৰ আঁহ বা ফাইবাৰ থাকে। যি হজম প্রক্রিয়াক সঠিকভারে চলাই নিয়াত সহায় কৰে।

৬) মধুমেহ ৰোগীৰ বাবে উপকাৰী ৰাজমাহ : প্রাটিন আৰু ফাইবাৰ বা আঁহ সমৃদ্ধ ৰাজমাহে ৰক্ত শর্কৰাৰ স্তৰ সঠিক পৰিমাণত ৰখাত সহায় কৰে। ৰাজমাাহে বক্ত শর্কৰাৰ স্তৰ দ্রুতগতিত বৃদ্ধি নহয়; সেয়ে ৰক্ত শর্কৰ্য নিয়ন্ত্রণত থাকে।

৭) কলেষ্টেৰল নিয়ন্ত্রণ কৰে ৰাজমাহে: ৰাজমাহ যথেষ্ট মেগনেছিয়াম সমৃদ্ধ এই ৰাজমাহে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্রণ কৰিব পাৰি। ৰাজমাহে  দেহত ভাল কলেষ্টেৰল (অসংক্রিপ্ট চী) তৈয়াৰ হয়। ফলতে হৃদৰোগৰ পৰা দূৰৈত থাকিব পাৰি।

৮) কলন কেঞ্চাৰ প্ৰতিৰোধ হয়: ৰাজমাহত যথেষ্ট ফাইবাৰ আৰু কেঞ্চাৰ প্ৰতিৰোধী দ্রব্য থাকে; ইয়াত পোৱা ষ্টাৰছ বুকাৰ আৰু আলফা গেলেইচাইড খিনি ৰাজমাহ খোৱাৰ পিছত হজম নহয় আৰু এইখিনি চিধা কলনলৈ গতি কৰে, কলনত এই দ্ৰব্য খিনি বেক্টেৰিয়াৰ প্রভাৱত এবিধ দ্রব্য বিওতাৰেট নামৰ পদার্থলৈ ৰূপান্তৰ হয় যিয়ে কলনৰ কোষসমূহক শক্তিশালী  কৰে আৰু কলন কেঞ্চাৰ প্রতিহত কৰিব পাৰে।

৯. হাড়বোৰ শক্তিশালী কৰে: অষ্টিঅ' পৰ'ছিছ আৰু অষ্টিঅমেলেচিয়াৰ বাবে হাড়ৰ ঘনত্ব কমি যায় আৰু হাড়বোৰ কোমল হৈ বেঁকা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্তিতিত হাড়ৰ এই ভয়াৱহ ৰোগৰ পৰা হাত সাৰিবলৈ ৰাজমাহ খাব পাৰে। ৰাজমাহত কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। ইয়াত থকা ফোলেটে গাঁঠিবোৰ সুস্থ কৰি তোলাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement