--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ শৰীৰৰ ছালৰে মাকৰ বাবে জোতা বনালে এজন যুৱকে। সেই জোতাযোৰ তেওঁ মাকৰ ভৰিত নিজৰ হাতেৰে পিন্ধাই দিলে। তেওঁ কয় যে মাতৃভক্তিৰ এই প্ৰেৰণা তেওঁ ৰামায়ণৰ পৰাই পাইছিল।

মধ্যপ্ৰদেশৰ উজ্জয়িনৰ বাসিন্দা ৰৌনক গুৰজাৰ। তেওঁ ৰামায়ণৰ অনুৰাগী। দৈনিক এবাৰ ৰামায়ণ পঢ়ে। ৰাম তেওঁৰ আদৰ্শ। সেই কিতাপখন পঢ়াৰ পিছত মাকৰ বাবে কিবা এটা কৰাৰ হেঁপাহ অনুভৱ কৰিলে। নিজৰ ছালৰে মাকৰ জোতা বনাবলৈ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, যুৱকজন পূর্বে অপৰাধমূলক কার্যত জড়িত আছিল৷ তেওঁক এবাৰ আৰক্ষীয়ে গুলীয়াইছিল। তেওঁৰ ভৰিত গুলী লাগিছিল। সেই ভৰিৰ ওপৰৰ অংশৰ পৰা অস্ত্ৰোপচাৰৰ দ্বাৰা কিছু ছাল আঁতৰাই পেলোৱা হৈছিল। ছালখন মুচিৰ ওচৰলৈ লৈ যায়। যুৱকজনে ঘৰত এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে কাকো খবৰ নিদিলে।

মুচিয়ে জোতা প্ৰস্তুত কৰিলে। তাৰপাছত যুৱকজনে চামৰাৰ জোতাযোৰ মাকক দিলে। ইয়াৰ পিছত জোতাটো আচলতে কিহৰ পৰা তৈয়াৰ কৰা হৈছ শুনি মাকজনী কান্দি উঠিল। মাক আৰু পুত্ৰৰ মাজত এক আৱেগিক মুহূৰ্তৰ সৃষ্টি হয়।

সংবাদ মাধ্যমত যুৱকজনে কয়, “ৰামায়ণৰ মতে, ভগৱান ৰামে এবাৰ কৈছিল যে নিজৰ ছালৰ জোতাৰে মাতৃক সন্মান দেখুওৱাটোও যথেষ্ট নহয়। তাৰ পৰাই মোৰ মনলৈ আহিল এই ধাৰণা। সেই জোতাযোৰ মাক উপহাৰ দিবলৈ পৰিকল্পনা কৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান