--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ শৰীৰৰ ছালৰে মাকৰ বাবে জোতা বনালে এজন যুৱকে। সেই জোতাযোৰ তেওঁ মাকৰ ভৰিত নিজৰ হাতেৰে পিন্ধাই দিলে। তেওঁ কয় যে মাতৃভক্তিৰ এই প্ৰেৰণা তেওঁ ৰামায়ণৰ পৰাই পাইছিল।

মধ্যপ্ৰদেশৰ উজ্জয়িনৰ বাসিন্দা ৰৌনক গুৰজাৰ। তেওঁ ৰামায়ণৰ অনুৰাগী। দৈনিক এবাৰ ৰামায়ণ পঢ়ে। ৰাম তেওঁৰ আদৰ্শ। সেই কিতাপখন পঢ়াৰ পিছত মাকৰ বাবে কিবা এটা কৰাৰ হেঁপাহ অনুভৱ কৰিলে। নিজৰ ছালৰে মাকৰ জোতা বনাবলৈ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, যুৱকজন পূর্বে অপৰাধমূলক কার্যত জড়িত আছিল৷ তেওঁক এবাৰ আৰক্ষীয়ে গুলীয়াইছিল। তেওঁৰ ভৰিত গুলী লাগিছিল। সেই ভৰিৰ ওপৰৰ অংশৰ পৰা অস্ত্ৰোপচাৰৰ দ্বাৰা কিছু ছাল আঁতৰাই পেলোৱা হৈছিল। ছালখন মুচিৰ ওচৰলৈ লৈ যায়। যুৱকজনে ঘৰত এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে কাকো খবৰ নিদিলে।

মুচিয়ে জোতা প্ৰস্তুত কৰিলে। তাৰপাছত যুৱকজনে চামৰাৰ জোতাযোৰ মাকক দিলে। ইয়াৰ পিছত জোতাটো আচলতে কিহৰ পৰা তৈয়াৰ কৰা হৈছ শুনি মাকজনী কান্দি উঠিল। মাক আৰু পুত্ৰৰ মাজত এক আৱেগিক মুহূৰ্তৰ সৃষ্টি হয়।

সংবাদ মাধ্যমত যুৱকজনে কয়, “ৰামায়ণৰ মতে, ভগৱান ৰামে এবাৰ কৈছিল যে নিজৰ ছালৰ জোতাৰে মাতৃক সন্মান দেখুওৱাটোও যথেষ্ট নহয়। তাৰ পৰাই মোৰ মনলৈ আহিল এই ধাৰণা। সেই জোতাযোৰ মাক উপহাৰ দিবলৈ পৰিকল্পনা কৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু