--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম হৈছে এক কাল্পনিক চৰিত্ৰ, ৰামায়ণ-মহাভাৰত কল্পনাৰ সহায়ত  লিখা  মহাকাব্য। স্কুলত পঢ়ুৱাই থাকোতেএগৰাকী শিক্ষয়িত্ৰীয়ে  এই মন্তব্য কৰিছিল। কৰ্ণাটকৰ এজন শিক্ষ.য়িত্ৰীগৰাকীক  এই 'অপৰাধ'ৰ বাবে নিলম্বিত কৰা হৈছে। এজন স্থানীয় বিজেপি সাংসদ আৰু হিন্দুত্ববাদী গোটৰ প্ৰতিবাদৰ পিছত শিক্ষয়িত্ৰীগৰাকীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছে৷ 

 হিন্দুত্ববাদী দলটোৰ কৰ্মীসকলে লগতে অভিযোগ কৰিছে  যে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে  বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিকোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামতো আপত্তিজনক মন্তব্য কৰিছিল। বিষয়টোকলৈ কংগ্ৰেছ শাসিত কৰ্ণাটকত পুনৰ ধৰ্মীয় বিতৰ্ক আৰম্ভ হৈছে।বিজেপিৰ শাসনকালত হিজাব বিতৰ্কই  কৰ্ণাটক কঁপাই তুলিছিল। বিষয়টো আনকি  উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল। 

ইয়াৰ পিছতে গেৰুৱা দলটোৱে বিধানসভা নিৰ্বাচনত ৰাজ্য খনত  ক্ষমতা হেৰুৱায়। যদিও কংগ্ৰেছ ৰাজ্যখনত ক্ষমতালৈ  ঘূৰি আহিছে, ধৰ্মীয় অস্থিৰতা আৰু বিতৰ্কৰ যেন অন্ত পৰা নাই৷  এনে বিতৰ্কৰ আঁৰত আছে মাংগালুৰু চিটি চাউথ সমষ্টিৰ বিজেপি বিধায়ক ডি বেদব্যাস কামাথ। তেওঁ  ছেইণ্ট গেৰোছা ইংলিছ  এইচ আৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে মাত মাতিছিল৷।

হিন্দুত্ববাদী দলৰ কৰ্মীসকলে দাবী কৰিছে যে শিক্ষকজনে ৰামায়ণ আৰু মহাভাৰতক ভুৱা বুলি অভিহিত কৰিছিল আৰু মোদীক বদনাম কৰিছিল।তেওঁ শিশুসকলৰ মনত ঘৃণা বিয়পাব  বিচাৰিছিল বুলিও অভিযোগ কৰা হৈছে৷  প্ৰতিবাদ শনিবাৰে আৰম্ভ হৈছিল আৰু  বিজেপি বিধায়কজনে সোমবাৰে প্ৰতিবাদত যোগদান কৰিছিল। বেদ ব্যাসে শিক্ষয়িত্ৰীগৰাকীক  বৰ্খাস্ত কৰাৰ দাবী জনাইছিল।
বেদ ব্যাসে  প্ৰশ্ন কৰিছে "এনে শিক্ষকক বিদ্যালয়ত কিয় ৰখা হৈছে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ