--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম হৈছে এক কাল্পনিক চৰিত্ৰ, ৰামায়ণ-মহাভাৰত কল্পনাৰ সহায়ত  লিখা  মহাকাব্য। স্কুলত পঢ়ুৱাই থাকোতেএগৰাকী শিক্ষয়িত্ৰীয়ে  এই মন্তব্য কৰিছিল। কৰ্ণাটকৰ এজন শিক্ষ.য়িত্ৰীগৰাকীক  এই 'অপৰাধ'ৰ বাবে নিলম্বিত কৰা হৈছে। এজন স্থানীয় বিজেপি সাংসদ আৰু হিন্দুত্ববাদী গোটৰ প্ৰতিবাদৰ পিছত শিক্ষয়িত্ৰীগৰাকীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছে৷ 

 হিন্দুত্ববাদী দলটোৰ কৰ্মীসকলে লগতে অভিযোগ কৰিছে  যে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে  বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিকোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামতো আপত্তিজনক মন্তব্য কৰিছিল। বিষয়টোকলৈ কংগ্ৰেছ শাসিত কৰ্ণাটকত পুনৰ ধৰ্মীয় বিতৰ্ক আৰম্ভ হৈছে।বিজেপিৰ শাসনকালত হিজাব বিতৰ্কই  কৰ্ণাটক কঁপাই তুলিছিল। বিষয়টো আনকি  উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল। 

ইয়াৰ পিছতে গেৰুৱা দলটোৱে বিধানসভা নিৰ্বাচনত ৰাজ্য খনত  ক্ষমতা হেৰুৱায়। যদিও কংগ্ৰেছ ৰাজ্যখনত ক্ষমতালৈ  ঘূৰি আহিছে, ধৰ্মীয় অস্থিৰতা আৰু বিতৰ্কৰ যেন অন্ত পৰা নাই৷  এনে বিতৰ্কৰ আঁৰত আছে মাংগালুৰু চিটি চাউথ সমষ্টিৰ বিজেপি বিধায়ক ডি বেদব্যাস কামাথ। তেওঁ  ছেইণ্ট গেৰোছা ইংলিছ  এইচ আৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে মাত মাতিছিল৷।

হিন্দুত্ববাদী দলৰ কৰ্মীসকলে দাবী কৰিছে যে শিক্ষকজনে ৰামায়ণ আৰু মহাভাৰতক ভুৱা বুলি অভিহিত কৰিছিল আৰু মোদীক বদনাম কৰিছিল।তেওঁ শিশুসকলৰ মনত ঘৃণা বিয়পাব  বিচাৰিছিল বুলিও অভিযোগ কৰা হৈছে৷  প্ৰতিবাদ শনিবাৰে আৰম্ভ হৈছিল আৰু  বিজেপি বিধায়কজনে সোমবাৰে প্ৰতিবাদত যোগদান কৰিছিল। বেদ ব্যাসে শিক্ষয়িত্ৰীগৰাকীক  বৰ্খাস্ত কৰাৰ দাবী জনাইছিল।
বেদ ব্যাসে  প্ৰশ্ন কৰিছে "এনে শিক্ষকক বিদ্যালয়ত কিয় ৰখা হৈছে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু