--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জনপ্ৰিয় গায়ক তথা অভিনেত্ৰী মল্লিকা ৰাজপুতৰ (৩৫) চিপ লৈ আত্মহত্যা। মঙলবাৰে চুলতানপুৰৰ নিজৰ ঘৰৰ কোঠাত ফেনত ওলমি থকা অৱস্থাত মল্লিকা ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হয়।

মল্লিকা ৰাজপুতৰ মৃত্যুৰ পিছত স্থানীয় ৰাইজে সেই স্থানত ভিৰ কৰেহি। এই তথ্য লাভ কৰাৰ লগে লগে কোটৱালি নগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বৰ্তমান আৰক্ষী তদন্তত নিয়োজিত। মল্লিকা ৰাজপুতৰ মাতৃ সুমিত্ৰা সিঙে জনোৱা মতে, তেওঁৰ কন্যাই মল্লিকাই ৰাতি সচৰাচৰৰ দৰে কোঠাটোলৈ গৈ ভিতৰৰ পৰা দুৱাৰত তলা লগাই দিয়ে। ৰাতিপুৱা যেতিয়া দুৱাৰখন বহু দেৰিলৈকে খোল নাখালে তেতিয়া দুৱাৰখন ভাঙি পেলোৱা হয়। তেতিয়া কন্যাক চিপ লৈ ওলমি থকা অৱস্থাত দেখা পায়। 

খবৰ অনুসৰি মল্লিকাৰ পৰিয়ালৰ সৈতে কোনো বিষয়ক লৈ বিবাদ হৈছিল। ইয়াৰ পিছতে আৰক্ষীক মাতি আনি বিষয়টো সমাধান কৰা হয়। কিন্তু তাৰপাছতে আত্মহত্যা কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে মল্লিকা ৰাজপুতে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতেও কাম কৰিছিল। কংগনাৰ সৈতে ৰিভলভাৰ ৰাণী ছবিত সহযোগী চৰিত্ৰত দেখা গৈছিল মল্লিকাক। গানৰ বাহিৰেও মল্লিকাই বহু ধাৰাবাহিক, এলবাম আৰু ধাৰাবাহিকতো নিজৰ প্ৰতিভাৰ উমান দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ