--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াখন হৈছিল ধুমধামকৈ। সকলোৰে মুখত হাঁহিৰ জিলিকনি। পৰিয়ালৰ মাজত আনন্দ-ফূৰ্তি। অলপ সময়ৰ পাছতে মৰমৰ ছোৱালীজনীক উলিয়াই দিব আন এখন ঘৰলৈ। সেমেকা চকুৰে কইনাক বিদায় দিলে ঘৰৰ লোকে। জন্মৰ ঘৰখন এৰি অহাৰ বেদনা বুকুত লৈ দৰাৰ গাড়ীত বহিল কইনা। দৰাৰ চকুতো এসাগৰ সপোন। মনে বিচৰা ছোৱালীজনীক সমাজক সাক্ষী কৰি চিৰদিনলৈ নিজৰ কৰি আপোন ঘৰখনলৈ লৈ যোৱাৰ আনন্দত দৰাৰ মনত অপাৰ আনন্দ।

কিন্তু সেইখিনি সুখ ক্ষন্তেকৰ সময়ৰ কাৰণেহে থাকিল। নিয়তিয়ে লিখি থৈছিল অন্য এক কৰুণ কাহিনী। মনত নানা আশা বান্ধি দৰা-কইনাই গাড়ীৰে গৈ থাকোতে এখন তীব্ৰবেগী ডাম্পাৰে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে। এই দুৰ্ঘটনাত কইনাৰ থিতাতে মৃত্যু হয় আৰু দৰা গুৰুতৰভাৱে আহত হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

হাৰিয়ানাৰ খুছবুৰ বিবাহ হৈছিল ৰাজস্থানৰ নৰেন্দ্ৰৰ লগত। নৰেন্দ্ৰৰ সৈতে খুছবু বিবাহপাশত আৱদ্ধ হৈ শহুৰৰ ঘৰ পোৱাৰ পূৰ্বেই গুচি গ’ল পৃথিৱীৰ সিপাৰে কোনেও নেদেখা দেশলৈ। পথ দুৰ্ঘটনাটোৱে দুখন ঘৰলৈ কাল অমানিশা নমাই আনিলে।

ফাতেহপুৰত ৰাষ্ট্ৰীয় ঘাইপথ-৬৫ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰিয়েই সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্তত ব্যস্ত হৈ পৰে। কইনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

যিহেতু দৰাৰ অৱস্থা সংকটজনক, সেয়েহে তেওঁক ছিকাৰলৈ প্ৰেৰণ কৰা হৈছে। এনে শুভ ক্ষণত এনে দুখৰ খবৰে দুয়োখন ঘৰকে প্ৰচণ্ড আঘাত দি গ’ল। পৰিয়ালৰ মানুহ শোকত ভাগি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু