--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াখন হৈছিল ধুমধামকৈ। সকলোৰে মুখত হাঁহিৰ জিলিকনি। পৰিয়ালৰ মাজত আনন্দ-ফূৰ্তি। অলপ সময়ৰ পাছতে মৰমৰ ছোৱালীজনীক উলিয়াই দিব আন এখন ঘৰলৈ। সেমেকা চকুৰে কইনাক বিদায় দিলে ঘৰৰ লোকে। জন্মৰ ঘৰখন এৰি অহাৰ বেদনা বুকুত লৈ দৰাৰ গাড়ীত বহিল কইনা। দৰাৰ চকুতো এসাগৰ সপোন। মনে বিচৰা ছোৱালীজনীক সমাজক সাক্ষী কৰি চিৰদিনলৈ নিজৰ কৰি আপোন ঘৰখনলৈ লৈ যোৱাৰ আনন্দত দৰাৰ মনত অপাৰ আনন্দ।

কিন্তু সেইখিনি সুখ ক্ষন্তেকৰ সময়ৰ কাৰণেহে থাকিল। নিয়তিয়ে লিখি থৈছিল অন্য এক কৰুণ কাহিনী। মনত নানা আশা বান্ধি দৰা-কইনাই গাড়ীৰে গৈ থাকোতে এখন তীব্ৰবেগী ডাম্পাৰে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে। এই দুৰ্ঘটনাত কইনাৰ থিতাতে মৃত্যু হয় আৰু দৰা গুৰুতৰভাৱে আহত হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

হাৰিয়ানাৰ খুছবুৰ বিবাহ হৈছিল ৰাজস্থানৰ নৰেন্দ্ৰৰ লগত। নৰেন্দ্ৰৰ সৈতে খুছবু বিবাহপাশত আৱদ্ধ হৈ শহুৰৰ ঘৰ পোৱাৰ পূৰ্বেই গুচি গ’ল পৃথিৱীৰ সিপাৰে কোনেও নেদেখা দেশলৈ। পথ দুৰ্ঘটনাটোৱে দুখন ঘৰলৈ কাল অমানিশা নমাই আনিলে।

ফাতেহপুৰত ৰাষ্ট্ৰীয় ঘাইপথ-৬৫ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰিয়েই সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্তত ব্যস্ত হৈ পৰে। কইনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

যিহেতু দৰাৰ অৱস্থা সংকটজনক, সেয়েহে তেওঁক ছিকাৰলৈ প্ৰেৰণ কৰা হৈছে। এনে শুভ ক্ষণত এনে দুখৰ খবৰে দুয়োখন ঘৰকে প্ৰচণ্ড আঘাত দি গ’ল। পৰিয়ালৰ মানুহ শোকত ভাগি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement