--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃমাত্ৰ  ১৫,০০০ টকা। আপুনি এটা উন্নত মানৰ স্মাৰ্টফোন কিনিবলৈও ইয়াতকৈ বেছি ধনৰ প্ৰয়োজন হ’ব। কিন্তু আপুনি এতিয়া সেই  মূল্যতে এটা লেপটপ লাভ কৰিব পাৰিব। কথাষাৰ অবিশ্বাস্য যেন লাগিলেও সঁচা। এনে অবিশ্বাস্য কামেই কৰিবলৈ ওলাইছে   ৰিলায়েন্স জিঅ'ই।

 জিঅ’ই  এনে এক অবিশ্বাস্য দামত, কম খৰচী লেপটপ বজাৰত মুকলি কৰিবলৈ ওলাইছে। এনে লেপটপত  এখন ৪জি চিম কাৰ্ড অন্তৰ্ভুক্ত থাকিব। মূল্য মাত্ৰ মাৰ্কিন ডলাৰত ১৮৪। ভাৰতীয় মুদ্ৰাত, যি হৈছে প্ৰায় ১৫,০০০ টকা। 

ইয়াৰ পূৰ্বে ৰিলায়েন্স জিঅ'ই জিঅ' ফোন  অতি কম মূল্যত জনসাধাৰণক দিবলৈ সক্ষম হৈছিল। এইবাৰ  কোম্পানীটোৱে ৪জি ৰ সৈতে লেপটপ  সস্তাত দিয়াৰ পৰিকল্পনা কৰিছে।  মুকেশ আম্বানীৰ কোম্পানীটোৱে  দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে কম্পিউটাৰৰ লাভালাভ অতি কম মূল্যতে লাভ কৰিবলৈ এই পদক্ষেপ লৈছে।

 জিঅ'ই ইতিমধ্যে কোৱালকম আৰু মাইক্ৰছফ্টৰ সৈতে এই বিষয়ত চুক্তি কৰিছে বুলি জানিব পৰা গৈছে। সেইমৰ্মে জিঅ'ই কম মূল্যত কোৱালকমৰ পৰা কম্পিউটিং চিপ অনাৰ পৰিকল্পনা কৰিছে।  উইণ্ডোচ অ'এছ নিৰ্মাতাক বিভিন্ন এপৰ দায়িত্ব দিয়া হৈছে।

বৰ্তমান, ভাৰতত ৪২০ নিযুতৰো অধিক জিঅ' ব্যৱহাৰকাৰী আছে। ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হৈছে জিঅ'। সূত্ৰ অনুসৰি জিঅ’ৰ লেপটপটো কম দিনৰ ভিতৰতে বিভিন্ন প্ৰতিষ্ঠানত পোৱা যাব। যোৱা বছৰৰ শেষৰ পিনে  আটাইতকৈ সস্তা স্মাৰ্টফোন জিঅ' ফোন বজাৰলৈ আহিছিল।

 কোম্পানীটোৱে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ১ লাখ ইউনিট লেপটপ  বিক্ৰী কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি জানিব পৰা গৈছে। ফ্লেক্সে জিঅ'ৰ সৈতে লেপটপ  উৎপাদনৰ চুক্তি স্বাক্ষৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু