--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃমাত্ৰ  ১৫,০০০ টকা। আপুনি এটা উন্নত মানৰ স্মাৰ্টফোন কিনিবলৈও ইয়াতকৈ বেছি ধনৰ প্ৰয়োজন হ’ব। কিন্তু আপুনি এতিয়া সেই  মূল্যতে এটা লেপটপ লাভ কৰিব পাৰিব। কথাষাৰ অবিশ্বাস্য যেন লাগিলেও সঁচা। এনে অবিশ্বাস্য কামেই কৰিবলৈ ওলাইছে   ৰিলায়েন্স জিঅ'ই।

 জিঅ’ই  এনে এক অবিশ্বাস্য দামত, কম খৰচী লেপটপ বজাৰত মুকলি কৰিবলৈ ওলাইছে। এনে লেপটপত  এখন ৪জি চিম কাৰ্ড অন্তৰ্ভুক্ত থাকিব। মূল্য মাত্ৰ মাৰ্কিন ডলাৰত ১৮৪। ভাৰতীয় মুদ্ৰাত, যি হৈছে প্ৰায় ১৫,০০০ টকা। 

ইয়াৰ পূৰ্বে ৰিলায়েন্স জিঅ'ই জিঅ' ফোন  অতি কম মূল্যত জনসাধাৰণক দিবলৈ সক্ষম হৈছিল। এইবাৰ  কোম্পানীটোৱে ৪জি ৰ সৈতে লেপটপ  সস্তাত দিয়াৰ পৰিকল্পনা কৰিছে।  মুকেশ আম্বানীৰ কোম্পানীটোৱে  দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে কম্পিউটাৰৰ লাভালাভ অতি কম মূল্যতে লাভ কৰিবলৈ এই পদক্ষেপ লৈছে।

 জিঅ'ই ইতিমধ্যে কোৱালকম আৰু মাইক্ৰছফ্টৰ সৈতে এই বিষয়ত চুক্তি কৰিছে বুলি জানিব পৰা গৈছে। সেইমৰ্মে জিঅ'ই কম মূল্যত কোৱালকমৰ পৰা কম্পিউটিং চিপ অনাৰ পৰিকল্পনা কৰিছে।  উইণ্ডোচ অ'এছ নিৰ্মাতাক বিভিন্ন এপৰ দায়িত্ব দিয়া হৈছে।

বৰ্তমান, ভাৰতত ৪২০ নিযুতৰো অধিক জিঅ' ব্যৱহাৰকাৰী আছে। ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হৈছে জিঅ'। সূত্ৰ অনুসৰি জিঅ’ৰ লেপটপটো কম দিনৰ ভিতৰতে বিভিন্ন প্ৰতিষ্ঠানত পোৱা যাব। যোৱা বছৰৰ শেষৰ পিনে  আটাইতকৈ সস্তা স্মাৰ্টফোন জিঅ' ফোন বজাৰলৈ আহিছিল।

 কোম্পানীটোৱে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ১ লাখ ইউনিট লেপটপ  বিক্ৰী কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি জানিব পৰা গৈছে। ফ্লেক্সে জিঅ'ৰ সৈতে লেপটপ  উৎপাদনৰ চুক্তি স্বাক্ষৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ