--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশত পিয়াজৰ হাৰ কম হোৱাৰ বাবে  চকুলো টুকিছে কৃষকে।  দাম ইমানেই কম হৈ গৈ আছে যে আনকি খেতিৰ পৰিবহণৰ খৰচো‌ ওলোৱা নাই। চাজাপুৰৰ বজাৰত কৃষকৰ পৰা মাত্ৰ ২ টকাত ৩০০ কেজি পিঁয়াজ কিনাত কৃষকসকলৰ সৰগ ভাঙি পৰা সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কংগ্ৰেছে শিৱৰাজ চৰকাৰক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দেৱাস জিলাৰ গাঁৱৰ ভূদানীৰ কৃষক জয়ৰামে যোৱা ২২ ছেপ্টেম্বৰত ৬ বেগ পিয়াজ বিক্ৰী কৰিবলৈ আগবাঢ়িছিল। য'ত আছিল প্ৰায় ৩০০ কেজি পিয়াজ। প্ৰতি কেজি পিয়াজ ৮০ পইচাৰ পৰা ১.২৫ টকালৈ ক্ৰয় কৰা হৈছিল। এইদৰে মুঠ মূল্য ৩৩০ টকা হৈছিল, কিন্তু পৰিবহণ আৰু ওজনৰ খৰচ কৰ্তন কৰাৰ পিছত কৃষক জয়ৰামক দিয়া হ’ল মাত্ৰ ২ টকাহে।

চাজাপুৰৰ পিয়াজ ব্যৱসায়ী শ্বাহাদত খানে  কয় যে কৃষক জয়ৰামে অনা পিয়াজৰ মানদণ্ড ভাল নহয়। ইয়াৰ পিছতো তেওঁক ৮০ পইচাৰ পৰা প্ৰতি কেজি ডেৰ টকালৈ কিনিছিল। পিয়াজ যদি ভাল মানদণ্ডৰ হ’লহেঁতেন তেন্তে কেজি ১১ টকাত কিনা হ’লহেঁতেন৷ জয়ৰামে ৬ বেগত ৩০০ কেজি পিয়াজ আনিছিল। তেওঁ ২৮০ টকা আগতীয়াকৈ ভাড়াৰ বাবে লৈছিল। হাম্মালিৰ খৰচ কৰ্তন কৰি ওজন কৰাৰ পিছত বাকী ধন জয়ৰামক দিয়া হৈছে।

ইফালে মধ্যপ্ৰদেশৰ কৃষকসকলে ভাল মানৰ পিঁয়াজৰ বাবে সৰ্বোচ্চ হাৰত ১১-১২ টকা লাভ কৰাৰ বিপৰীতে মধ্যম মানৰ পিয়াজ ৫ৰ পৰা ১০ টকাত আৰু আটাইতকৈ বেয়া মানৰ পিঁয়াজ প্ৰতি কেজিত ৪ টকাতকৈ কম মূল্যত ক্ৰয় কৰা হৈছে। আনহাতে, সাধাৰণ মানুহে পিয়াজ খাবলৈ প্ৰতি কেজিত ২০ৰ পৰা ২৫ টকা আদায় কৰিছে। এই সন্দৰ্ভত ভাৰতীয় কৃষক সন্থাৰ নেতা মুকেশ পাটিদাৰে কয় যে মণ্ডীসমূহত স্বেচ্ছাচাৰী হাৰ দিয়া হৈছে। ব্যৱসায়ীসকলে কৃষকৰ পৰা মাণ্ডি কৰ, কমিছন, হামালি আৰু ওজনৰ খৰচ লয়। 

এই সন্দৰ্ভত কৃষি মন্ত্ৰীয়ে কি ক'লে - 

ইফালে চলিত মাহৰ ৮ ছেপ্টেম্বৰত শিৱৰাজ চৰকাৰৰ কৃষি মন্ত্ৰী তথা ধৰ জিলাৰ সুনীল পাটিদাৰ নামৰ এজন কৃষকৰ অডিঅ’ ভাইৰেল হৈছে। য’ত কৃষি মন্ত্ৰীয়ে কৈছিল যে এনে শস্য কিয় কৰা হ’ল, কাৰ হাৰ কম । ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ বহু জিলাত পিয়াজ আৰু নহৰুৰ হাৰ কম হোৱাৰ বাবে কৃষকসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই: ভাৰতীয় তেল নিগমৰ ঘোষণা
IMFৰ প্ৰতিবেদন:বিশ্বৰ ষষ্ঠ স্থানলৈ অৱনমিত ভাৰতীয় অর্থনীতি
আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস
উত্তৰ প্ৰদেশত চাঞ্চল্য: ৫ মাহ ধৰি কন্যাৰ মৃতদেহৰ সৈতে একেলগে বাস পিতৃৰ; দুৰ্গন্ধ লুকুৱাবলৈ ব্যৱহাৰ কৰিলে পাৰফিউম
কাৰ্বি আংলঙৰ হাওৰাঘাটত হৃদয়বিদাৰক ঘটনা ; ৮ দিনীয়া সন্তানক হত্যাৰ অপৰাধত মাতৃক গ্ৰেপ্তাৰ
মোদী-ৰাহুল গান্ধীৰ অন্তৰংগ বাৰ্তালাপ