--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৭ বছৰ বয়সত ভৰি থলে সুস্মিতা  সেনে। কিনতু এতিয়াও বিশ বছৰীয়া যুৱতীৰ দৰে হৈ আছে মিছ ইউনিভাৰ্ছগৰাকী। ১৯৯৪ চনত মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিছিল সুস্মিতাই। সেই সময়ত বয়স আছিল মাত্ৰ ১৮।

তাৰ দুবছৰৰ পাছত বলিউডত পদাৰ্পণ কৰে তেওঁ। ছৱিজগতত সফলতা লাভ কৰাৰ উপৰিও সুস্মিতাৰ ব্যক্তিগত জীৱনো চৰ্চাত থাকে। 
তেওঁৰ ৰোমাঞ্চৰ কাহিনীসমূহে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে।

জন্মদিনৰ দিনাও নতুন কিছু সংবাদ পোৱা গৈছে। তাৰ আভাষ দিছে সুস্মিতাই নিজে। ইনষ্টাগ্ৰামত তেওঁ লিখিছে- ''সমুখৰ বছৰসমূহ দূৰন্ত হ’বলৈ গৈ আছে। নতুন কিছু ঘোষণাৰ বাবে বেছ ৰোমাঞ্চকৰ অনুভৱ কৰিছো।’’

সুস্মিতাৰ এই ভাষ্যৰ পাছতে তেওঁৰ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে। নতুন প্ৰেম হৈছে নেকি ব্ৰহ্মাণ্ড সুন্দৰীৰ? কোন এই নতুন প্ৰেমি?

এইখিনিতে চাও আহক সূদীৰ্ঘ কালছোৱাত সুস্মিতা সেনৰ স’তে কোন কোন পৰিচিত-অপৰিচীত ব্যক্তিয়ে প্ৰেৰমৰ সম্পৰ্কত বান্ধ খাইছিল? কাৰ কাৰ স’তে গুজৱ উলাইছিল মিছ ইউনিভাৰ্ছগৰাকীৰ।

শেহতীয়াকৈ সুস্মিতা সেনৰ স’তে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৰহমান ছ’ল। নয়দাৰ এই মডেলগৰাকীৰ বয়স ২৭। অৰ্থাৎ সুস্মিতা সেনতকৈ ২০ বছৰ সৰু। কিন্তু প্ৰেমে জানো বসয় মানে?

ঋত্বিক ভাছিন। ২০১৭ চনলৈকে চাৰি বছৰ ধৰি সুস্মিতাৰ স’তে মুম্বাইৰ ব্যৱসায়ীগৰাকীয়ে ডেটিং কৰিছিল। বহুকেইটা ৰাজহুৱা অনুষ্ঠানতো দুয়োকে একেলগে দেখা গৈছিল।

ৰণদ্বীপ হুদা। বলিউডৰ এই অসামান্য প্ৰতিভাশালী অভিনেতাৰ স’তেও সুস্মিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো একেলগে 'কৰ্মা এণ্ড হলী’ নামৰ চিনেমাখন কৰিছিল।

বাণ্টী চাজদেহ। বলিউডৰ এগৰাকী চেলিব্ৰেটী মেনেজাৰ বাণ্টীৰ স’তেও ৰোমাঞ্চ কৰিছিল সুস্মিতাই। কিন্তু দুয়োৰে সম্পৰ্ক চ্ছিন্ন হয়। বাণ্টিয়ে পাছলৈ দিয়া মিৰ্জা, নেহা ধুপীয়া আৰু সোণাক্ক্ষী সিনহাৰ স’তে অন্তৰংগতা স্থাপন কৰে।

বিক্ৰম ভাট। ১৯৯৬ চনৰ 'দস্তক’ চিনেমাখন নিৰ্মাণৰ সময়ছোৱাত সুস্মিতা আৰু বিক্ৰমৰ মাজত অন্তৰ্ংগ সম্পৰ্কই চৰ্চা লাভ কৰিছিল। কিন্তু শেষত সম্পৰ্কটো টিকি নাথাকিল।

সবীৰ ভাটিয়া। এই ভাৰতীয় বংশোদ্ভূত আমেৰিকান ব্যৱসায়ীগৰাকীৰ স’তেও প্ৰেমৰ সম্পৰ্ক আছিল সুস্মিতাৰ। কিন্তু এই সম্পৰ্কও টিকি নাথাকিল।

ব্যৱসায়ী ইমটিয়াজ খাট্ৰীৰ স’তেও সুস্মিতাৰ অন্তৰংগতা আছিল। কিন্তু ইও বেছিদিনলৈ টিকি নাথাকিল।

চিত্ৰনিৰ্মাতা মুদাচ্ছাৰ আজিজক সুস্মিতাই ২০১০ চনৰ ছৱি 'দুলহা মিল গয়া’ৰ সময়ত লগ পায়। দুয়োৰে প্ৰেম হয় যদিও বেছি দিন টিকি নাথাকিল।

অনিল আম্বানী। ভাৰতৰ আগশাৰীৰ এই ব্যৱসায়ীগৰাকীৰ স’তেও সুস্মিতাৰ প্ৰেম হৈছিল বুলি জনা যায়। আনকি সুস্মিতাক অনিল আম্বানিয়ে ২২ কেৰেট হীৰাৰ আঙঠিও উপহাৰ দিছিল বুলি গুজৱ উলাইছিল।

ৱাছিম আক্ৰাম। পাকিস্তানৰ এই কালজয়ী ক্ৰিকেট তাৰকাগৰাকীৰ স’তে সুস্মিতাৰ বহুদিন ধৰি সম্পৰ্কত আছিল। এটা নৃত্যৰ অনুষ্ঠানত দুয়োৰ সাক্ষাৎ হৈছিল পাছলৈ প্ৰেৰম হৈছিল। আনকি দুয়োৱে বিয়াত বহাৰো কথা আছিল।

চিত্ৰনিৰ্মাতা মানৱ মেননৰ স’তেও সুস্মিতাৰ প্ৰেম হৈছিল। ২০১১ চনত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল।

শেহতীয়াকৈ আইপিএলৰ স্ৰষ্টা তথা ব্যৱসায়ী ললিত মোদীৰ স’তে সুস্মিতাৰ সম্পৰ্কৰ গুজৱ শুনা গৈছিল। অত্যন্ত চৰ্চিত হোৱা এই গুজৱ আৰম্ভণি কৰিছিল ললিত মোদীয়ে নিজে। কিন্তু পাছলৈ ই নিস্তেজ হৈ পৰিব ধৰে।

এতিয়া অনুৰাগীসকলৰ মাজত প্ৰশ্নৰ উদ্ভৱ হ’বলৈ ধৰিছে যে ইয়াৰ পাছত কোন? কোন হ’ব পাৰে সুস্মিতাৰ নতুন প্ৰেমিক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে