--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই প্ৰতিবেদনখনত এনে এগৰাকী আৰক্ষী বিষয়াৰ বিষয়ে ক’বলৈ লোৱা হৈছে- যিগৰাকী আৰক্ষী বিষয়াক দেখিলে তেওঁ দায়িত্বত থকা থানাখনৰ লকআপত সোমাবলৈ মন যাব।

তাৰ বাবে আপুনি এটা অপৰাধ কৰিব লাগিব। কিন্তু সহজ নহয়, আৰক্ষী বিষয়াগৰাকী সুদূৰ কলম্বিয়াৰ। অৰ্থাৎ আপুনি এতিয়া কলম্বিয়াত গৈ অপৰাধ কাৰ্য সংঘটিত কৰিলেহে আৰক্ষী বিষয়াগৰাকীক স্বচক্ষুৰে চাব পাৰিব।

সাধাৰণতে আৰক্ষী বিষয়া বুলি ক’লে মনত ভয়ৰ ভাৱ উদ্ৰেক ঘটে। আৰক্ষীসকলক কঠিন আৰু ৰুক্ষ স্বভাৱৰ বুলিয়ে সকলোৱে গণ্য কৰে।

কিন্তু কলম্বিয়াৰ এগৰাকী আৰক্ষী বিষয়া ৰুক্ষ স্বভাৱৰ বাবে নহয়, তেওঁৰ অপৰূপ সৌন্দৰ্যৰ বাবহে চৰ্চালৈ আহিছে। দেশখনৰ মেডেলিন অঞ্চলত বাস কৰা আৰক্ষী বিষয়াগৰাকীৰ নাম ডায়েনা ৰামিৰেজ। সামাজিক মাধ্যমত মেডেলিনৰ ৰূপত মুগ্ধ হৈ পৰিছে অজস্ৰজন।

ডায়েনাৰ ইনষ্টাগ্ৰাম পে’জত তেওঁৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। আৰক্ষী বিষয়া হোৱাৰ উপৰিও স্থানীয় এটা ৰেডিঅ’ চেনেলতো কাম কৰে তেওঁ।

সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত ডায়েনাই জনায় যে আৰক্ষী বিষয়া হিচাপে তেওঁ অনেক কথা শিকিব পাৰিছে। বহুতো লোকে আৰক্ষী বিষয়াৰ পেছা এৰি তেওঁক মডেলিং কৰিবলৈ উৎসাহ যোগাই আহিছে কিন্তু বৰ্তমানলৈকে এই বিষয়ে তেওঁ একো ভবা নাই।

''আৰক্ষী হিচাপে মই যিসমূহ শিকিছো, সেইসমূহে মোক নাৰী হিচাপেও পূৰ্ণতা দিছে।’’- ডায়েনাই কয়।

ইতিমধ্যে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা চাৰি লাখৰো অধিক। অনেকে ক’ব বিচাৰে যে ডায়েনাই হৈছে বিশ্বৰ আটাইতকৈ সুন্দৰী আৰক্ষী বিষয়া।

সঁচাকৈয়ে, এনে এগৰাকী আৰক্ষী বিষয়া এখন থানাত থাকিলে আপোনাৰো মন নাযাবনে জেল-হাজোতত সোমাবলৈ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক