--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বেদকাৰ জয়ন্তী উদযাপন কৰাৰ ‘অপৰাধ’ত মহাৰাষ্ট্ৰত হত্যা কৰা হৈছে এগৰাকী ২৪ বছৰীয়া দলিত যুৱকক। এই হত্যাকাণ্ডৰ অভিযোগত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। দুদিন পূৰ্বে এই ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ নন্দদ জিলাৰ বোন্দাৰ হাভেলী গাঁৱত।

প্ৰকাশিত বাতৰি অনুসৰি নিহত লোকজনৰ নাম অক্ষয় ভালেৰাও। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে সন্ধিয়া উচ্চ বৰ্ণ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ বিয়া উদযাপনৰ সময়ত সেই স্থানেৰে পাৰ হৈ গৈছিল ভালেৰাও আৰু তেওঁৰ ভাতৃ।তেনে সময়তে একাংশ লোকে তৰোৱাল লৈ তেওঁলোকক আগভেটি ধৰে। অভিযুক্ত লোকসকলে ভালেৰাও আৰু তেওঁৰ ভাতৃ আকাশক দেখাৰ পিছতে গাঁওখনত যোৱা ১৪ এপ্ৰিলত ভীম জয়ন্তী পালন কৰাৰ বাবে এই লোকসকলক হত্যা কৰা উচিত বুলি মন্তব্য কৰে।

ইয়াৰ পিছতে ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অক্ষয় ভালেৰাওক মাৰপিট কৰি ছুৰীৰে আঘাত কৰি হত্যা কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। অক্ষয়ৰ লগতে তেওঁৰ ভাতৃ আকাশকো অভিযুক্তই মাৰপিট কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আক্ৰমণত অক্ষয় ভালেৰাও গুৰুতৰভাৱে আহত হয়। তেওঁক কাষৰীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

এই হত্যাকাণ্ডৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ অধীনত হত্যা, হত্যাৰ চেষ্টা, হিংসাত্মক কাণ্ড আৰু আক্ৰমণৰ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এফআইআৰ ৰুজু কৰি ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস