--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বেদকাৰ জয়ন্তী উদযাপন কৰাৰ ‘অপৰাধ’ত মহাৰাষ্ট্ৰত হত্যা কৰা হৈছে এগৰাকী ২৪ বছৰীয়া দলিত যুৱকক। এই হত্যাকাণ্ডৰ অভিযোগত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। দুদিন পূৰ্বে এই ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ নন্দদ জিলাৰ বোন্দাৰ হাভেলী গাঁৱত।

প্ৰকাশিত বাতৰি অনুসৰি নিহত লোকজনৰ নাম অক্ষয় ভালেৰাও। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে সন্ধিয়া উচ্চ বৰ্ণ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ বিয়া উদযাপনৰ সময়ত সেই স্থানেৰে পাৰ হৈ গৈছিল ভালেৰাও আৰু তেওঁৰ ভাতৃ।তেনে সময়তে একাংশ লোকে তৰোৱাল লৈ তেওঁলোকক আগভেটি ধৰে। অভিযুক্ত লোকসকলে ভালেৰাও আৰু তেওঁৰ ভাতৃ আকাশক দেখাৰ পিছতে গাঁওখনত যোৱা ১৪ এপ্ৰিলত ভীম জয়ন্তী পালন কৰাৰ বাবে এই লোকসকলক হত্যা কৰা উচিত বুলি মন্তব্য কৰে।

ইয়াৰ পিছতে ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অক্ষয় ভালেৰাওক মাৰপিট কৰি ছুৰীৰে আঘাত কৰি হত্যা কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। অক্ষয়ৰ লগতে তেওঁৰ ভাতৃ আকাশকো অভিযুক্তই মাৰপিট কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আক্ৰমণত অক্ষয় ভালেৰাও গুৰুতৰভাৱে আহত হয়। তেওঁক কাষৰীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

এই হত্যাকাণ্ডৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ অধীনত হত্যা, হত্যাৰ চেষ্টা, হিংসাত্মক কাণ্ড আৰু আক্ৰমণৰ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এফআইআৰ ৰুজু কৰি ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা