--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী এজন 'জীৱিত বুদ্ধ’। এই মন্তব্য কৰিছে ভাৰতীয় বংশোদ্ভৱ এজন আমেৰিকান উদ্যোগপতীয়ে। তদুপৰি ৰাহুল গান্ধীৰ প্ৰযুক্তিৰ ওপৰত গভীৰ জ্ঞান আছে বুলিও কয়।

উল্লেখ্য যে ছান শংকৰণ নামৰ এই উদ্যোপতিজনেই কংগ্ৰেছ নেতাগৰাকীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ কেন্দ্ৰস্থল ছিলিকন ভেলীত বৈঠকৰ বাবে সকলো যা-যোগাৰ কৰিছিল। শংকৰণ হৈছে FixNix নামৰ এটা ছিলিকন ভেলীস্থিত এটা ষ্টাৰ্ট আপ। এই FixNix-এ GRC-সম্পৰ্কীয় (শাসন, বিপদ, অনুসৰণ) সিদ্ধান্তসমূহ সৰলকৈ গ্ৰহণ কৰাৰ বাবে এটা ক্লাউড-ভিত্তিক প্লেটফৰ্ম প্ৰদান কৰে।
 
ৰাহুল গান্ধীক প্ৰশংসা কৰি তেওঁ কয়- "তেওঁ কেতিয়াও দাবী নকৰে যে তেওঁ সকলো জানে। কিন্তু তেওঁ সদায় কৌতুহলী। তেওঁ সদায় প্ৰযুক্তিৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰে।"

উল্লেখ্য যে উক্ত অনুষ্ঠানত ৰাহুল গান্ধীয়ে দৰ্শকক কয় যে বেংকিঙকে ধৰি বিভিন্ন খণ্ডত প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত তেওঁ পিতৃ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় তেওঁ প্ৰযুক্তিগত উদ্ভাৱনসমূহ নিষিদ্ধ কৰাতকৈ নিয়ন্ত্ৰণ কৰাৰ পক্ষত আছে।

শংকৰণে কয় যে প্ৰযুক্তিগত উদ্ভাৱনে কেনেদৰে উন্নয়নৰ গতিত ইন্ধন যোগাব পাৰে সেয়া ৰাহুল গান্ধীয়ে ভালদৰে বুজি পায়।

ৰাহুল গান্ধীৰ ব্যক্তিত্বৰ বিষয়েও তেওঁ জনায়। কয়- "মই তেওঁক বুদ্ধ বুলি ক'ম। তেওঁ এজন জীৱন্ত বুদ্ধ। মই ভাবো তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন যেতিয়া তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিল। তেওঁ দুবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ কেতিয়াও প্ৰধানমন্ত্ৰী হোৱা নাছিল। তেওঁ প্ৰধানমন্ত্ৰী হোৱা হ’লে কংগ্ৰেছৰ এজনো নেতাই আপত্তি নকৰিলেহেঁতেন।’’

তেওঁ কয়- "মই ভাবো, তেওঁ এনে এজন মানুহ যাক ব্যক্তিগতভাৱে মই ভৱিষ্যত প্ৰজন্মই আদৰ্শ গ্ৰহণ কৰিব পাৰে বুলি ভাবো। তেওঁক সংসদৰ পৰা বাহিৰ কৰি দিয়াৰ পাছতো মোদীৰ প্ৰতি কোনো ঘৃণা নাই। তেওঁৰ কেৱল প্ৰযুক্তিয়েই নহয় বহু বিষয়ত অতি গভীৰ জ্ঞান আছে।’’

আনহাতে, শংকৰণ বৰ্তমান চিলিকন ভেলীৰ এজন উদ্যমী উদ্যোগপতি। নিজৰ কৰ্মস্থলীৰ বিষয়ে তেওঁ কয়- ''মই মোৰ ভৱিষ্যতৰ সপোন গঢ়িবলৈ উদ্ভাৱন অব্যাহত ৰাখিবলৈ আৰু মোৰ উদ্ভাৱনে সমাজক কেনেদৰে সহায় কৰিব পাৰে সেয়া লক্ষ্য কৰিবলৈ ইয়ালৈ আহিছিলো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক