--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী এজন 'জীৱিত বুদ্ধ’। এই মন্তব্য কৰিছে ভাৰতীয় বংশোদ্ভৱ এজন আমেৰিকান উদ্যোগপতীয়ে। তদুপৰি ৰাহুল গান্ধীৰ প্ৰযুক্তিৰ ওপৰত গভীৰ জ্ঞান আছে বুলিও কয়।

উল্লেখ্য যে ছান শংকৰণ নামৰ এই উদ্যোপতিজনেই কংগ্ৰেছ নেতাগৰাকীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ কেন্দ্ৰস্থল ছিলিকন ভেলীত বৈঠকৰ বাবে সকলো যা-যোগাৰ কৰিছিল। শংকৰণ হৈছে FixNix নামৰ এটা ছিলিকন ভেলীস্থিত এটা ষ্টাৰ্ট আপ। এই FixNix-এ GRC-সম্পৰ্কীয় (শাসন, বিপদ, অনুসৰণ) সিদ্ধান্তসমূহ সৰলকৈ গ্ৰহণ কৰাৰ বাবে এটা ক্লাউড-ভিত্তিক প্লেটফৰ্ম প্ৰদান কৰে।
 
ৰাহুল গান্ধীক প্ৰশংসা কৰি তেওঁ কয়- "তেওঁ কেতিয়াও দাবী নকৰে যে তেওঁ সকলো জানে। কিন্তু তেওঁ সদায় কৌতুহলী। তেওঁ সদায় প্ৰযুক্তিৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰে।"

উল্লেখ্য যে উক্ত অনুষ্ঠানত ৰাহুল গান্ধীয়ে দৰ্শকক কয় যে বেংকিঙকে ধৰি বিভিন্ন খণ্ডত প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত তেওঁ পিতৃ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় তেওঁ প্ৰযুক্তিগত উদ্ভাৱনসমূহ নিষিদ্ধ কৰাতকৈ নিয়ন্ত্ৰণ কৰাৰ পক্ষত আছে।

শংকৰণে কয় যে প্ৰযুক্তিগত উদ্ভাৱনে কেনেদৰে উন্নয়নৰ গতিত ইন্ধন যোগাব পাৰে সেয়া ৰাহুল গান্ধীয়ে ভালদৰে বুজি পায়।

ৰাহুল গান্ধীৰ ব্যক্তিত্বৰ বিষয়েও তেওঁ জনায়। কয়- "মই তেওঁক বুদ্ধ বুলি ক'ম। তেওঁ এজন জীৱন্ত বুদ্ধ। মই ভাবো তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন যেতিয়া তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিল। তেওঁ দুবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ কেতিয়াও প্ৰধানমন্ত্ৰী হোৱা নাছিল। তেওঁ প্ৰধানমন্ত্ৰী হোৱা হ’লে কংগ্ৰেছৰ এজনো নেতাই আপত্তি নকৰিলেহেঁতেন।’’

তেওঁ কয়- "মই ভাবো, তেওঁ এনে এজন মানুহ যাক ব্যক্তিগতভাৱে মই ভৱিষ্যত প্ৰজন্মই আদৰ্শ গ্ৰহণ কৰিব পাৰে বুলি ভাবো। তেওঁক সংসদৰ পৰা বাহিৰ কৰি দিয়াৰ পাছতো মোদীৰ প্ৰতি কোনো ঘৃণা নাই। তেওঁৰ কেৱল প্ৰযুক্তিয়েই নহয় বহু বিষয়ত অতি গভীৰ জ্ঞান আছে।’’

আনহাতে, শংকৰণ বৰ্তমান চিলিকন ভেলীৰ এজন উদ্যমী উদ্যোগপতি। নিজৰ কৰ্মস্থলীৰ বিষয়ে তেওঁ কয়- ''মই মোৰ ভৱিষ্যতৰ সপোন গঢ়িবলৈ উদ্ভাৱন অব্যাহত ৰাখিবলৈ আৰু মোৰ উদ্ভাৱনে সমাজক কেনেদৰে সহায় কৰিব পাৰে সেয়া লক্ষ্য কৰিবলৈ ইয়ালৈ আহিছিলো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস