--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মানৱবাহী মহাকাশ অভিযান গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে। তেওঁলোকৰ পৰিচয়ো  প্ৰকাশ কৰা হৈছে। তেওঁলোক হৈছে  ক্ৰমে গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লা।মঙলবাৰে তিৰুৱন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় মহাকাশ সংস্থাই এক বিবৃতিত কয়, "গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্ৰশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে।" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক হাতত 'এষ্ট্ৰোনোট উইং'  সুশোভিত কৰাৰ লগতে মহাকাশচাৰীৰ  বেজো অৰ্পন কৰে৷ 


প্ৰধানমন্ত্ৰী মোদীয়ে কয় "আজি যি ঘটিছে সেয়া এক ঐতিহাসিক মুহূৰ্ত। এই কথাই  প্ৰমাণ কৰিছে যে বিশ্বত ভাৰতৰ প্ৰভাৱ কিমান বাঢ়ি গৈছে । প্ৰতিখন দেশৰ বাবে এনে এক সময় আহিছে যি সময়তে বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আজি ভাৰতৰ বাবে এনেএটা মুহূৰ্ত আহিছে। আজিৰ প্ৰজন্মই ভূমি, পানী, আকাশ আৰু মহাকাশৰ ওপৰত ঐতিহাসিক দখল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিছুদিন আগতে, মই অযোধ্যাত কৈছিলো যে কলা চক্ৰৰ এটা নতুন চক্ৰ আৰম্ভ হৈছে।  ভাৰতে বিশ্বত ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰিছে। যিটো আমাৰ মহাকাশ কাৰ্যসূচীতো প্ৰতিফলিত হয়। '

মোদীয়ে লগতে কয় "তেওঁলোক (চাৰিজন মহাকাশচাৰী) মাত্ৰ চাৰিটা নাম আৰু চাৰিজন ব্যক্তি নহয়। তেওঁলোক চাৰিটা শক্তি যিয়ে, ১৪০ কোটি লোকৰ আশা-আকাংক্ষা মহাকাশলৈ লৈ যাব। ৪০  বছৰৰ পিছত কোনো ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময়  আমাৰ, আমি কাউন্টডাউনো কৰিম আৰু ৰকেটো আমাৰ। মই অত্যন্ত সুখী যে মই এই মহাকাশচাৰীসকলৰ সৈতে কথা পাতিবলৈ আৰু তেওঁলোকক সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই  অনাৰ বাবে ধন্যবাদ। মই তেওঁলোকক সমগ্ৰ দেশৰ হৈ অভিনন্দন জনাইছো। আপোনালোক আজিৰ ভাৰতত বিশ্বাস কৰে, আপোনালোক আজিৰ ভাৰতৰ সাহসিকতা’’৷

 
'হাত জোৰ কৰি' তেওঁ কয়  যে চাৰিজন মহাকাশচাৰীয়ে অধিক কঠোৰ পৰিস্থিতিৰ মাজেৰে যাব লাগিব। তেওঁলোকে অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তেওঁলোকক বা তেওঁলোকৰ পৰিয়ালক বিচলিত নকৰিব।

 ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই ভাৰতীয় বায়ু সেনাৰ সহযোগত  মহাকাশচাৰীসকলক বাছনি কৰিছিছে। 
 
চাৰিজনে  ৰাছিয়াত ১৩ মাহৰ বাবে প্ৰশিক্ষণ লৈছে। তেওঁলোকক মহাকাশত কেনেদৰে থাকিব লাগে, বৰফত কেনেদৰে নিজকে সুৰক্ষিত কৰিব লাগে, মৰুভূমিত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে, পানীত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। 


উল্লেখ্য  ইতিমধ্যে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰা গগনযান মিছনৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।  তৰল চালিত একক পৰ্যায়ৰ পৰীক্ষা বাহন টিভি-ডি১ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কিছুদিন পূৰ্বে  মহাকাশলৈ উৰা মাৰিছিল। গগনযান অভিযানৰ সময়ত  ভাৰতীয় মহাকাশচাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ  - ক্ৰু এস্কেপ চিষ্টেমৰ পৰীক্ষণ  সফলতাৰে সম্পন্ন কৰা হৈছিল।

 যান খনত কোনো বিজুতিয়ে দেখা দিলে তাীত থকা মহাকাশচাৰীসকলে পুনৰ পৃথিৱীলৈ কিদৰে ঘূৰি আহিব সেয়া  পৰীক্ষা কৰিবলৈয়েই পৰীক্ষণটো কৰা হৈছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছিল  যে  মিছন সম্পূৰ্ণ আৰু প্ৰাপ্ত উদ্দেশ্য সাধন হৈছে।  যান খনত ধৰা পৰা এটা বিসংগতিৰ বাবে উৎক্ষেপণ বন্ধ ৰখা  হৈছিল, সেয়া  সংশোধন কৰাৰ পিছত  মহাকাশযানখন পুনৰ উৎক্ষেপন কৰা হয়। । উৎক্ষেপণৰ প্ৰায় ৬১.১  ছেকেণ্ড পিছত  ভূপৃষ্ঠৰ পৰা ১১.৯  কিলোমিটাৰ উচ্চতাত যান খনৰ  ক্ৰু এস্কেপ চিষ্টেম ৰকেট বুষ্টাৰৰ পৰা পৃথক হয়। ইয়াৰ পিছতে  ই প্ৰতি ঘণ্টাত ৫৫০  কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ ধৰে। 

ইয়াৰ পিছতে ড্ৰোগ পেৰাচুট সক্ৰিয় হৈ পৰে, ফলত যানখনৰ পৃথিৱীমুখী  অৱতৰণ লেহেম হয়।"  ইয়াৰ পিছতে নিৰ্ধাৰিত স্থানত যান খনৰ ক্ৰু এস্কেপ চিষ্টেমে অৱতৰণ কৰিছিল। 

 টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিছিল।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিছিল। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা  হৈছিল। জাহাজ খনত সুদক্ষ ডুবাৰুও আছিল  । 

গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,   যি কেপচুলে  তিনি জন মহাকাশচাৰীক  তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ  কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ   ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব। 

ইছৰোৱে কৈছিল  যে  গগনযান অভিযান  সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য  হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷  গগনযানৰ  চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব ৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩  বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement