--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহোৱাইট হাউচৰ ৰক্তচাপ বৃদ্ধি কৰি আজিৰে পৰা ৰাছিয়াৰ উপকণ্ঠ এলেকাত আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধ আখৰা হিচাবে পৰিচিত কমাণ্ড এক্সাৰচাইজ ভষ্টক - ২০২২ শীৰ্ষক  সামৰিক অনুশীলন। এই সামৰিক অনুশীলনত আমেৰিকাৰ বৈৰী দেশ চীন আৰু ৰাছিয়াৰ সেনাৰ সৈতে ভাৰতৰ সেনাই অংশগ্ৰহণ কৰিছে।

চীনৰ সৈতে টাইৱান প্ৰসংকলৈ আমেৰিকাৰ সংঘাত চলি থকাৰ মাজতে আজিৰে পৰা ৰাছিয়া, চীন আৰু অন্যান্য ৰাষ্ট্ৰৰ সৈন্যৰ সৈতে সপ্তাহজোৰা যুদ্ধ অনুশীন আৰম্ভ কৰিছে ভাৰতে।  কমাণ্ড এক্সাৰচাইজ ভষ্টক - ২০২২ শীৰ্ষক এই সামৰিক অনুশীলনকলৈ এতিয়া বিশ্বৰ বিভিন্ন দেশৰ মাজত বেছ চৰ্চা চলা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাছিয়া আৰু চীনৰ সেনাৰ সৈতে ভাৰতৰ সেনাই সামৰিক অনুশীলনত ভাগ লোৱাৰ কথাই উদ্বিগ্ন কৰি তুলিছে আমেৰিকাক। 

ইউক্ৰেইনৰ  যুদ্ধৰ পিছৰে পৰা ৰাছিয়াৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ অৱনতি ঘটিছে। একেদৰে টাইৱানৰ প্ৰসংগকলৈ চীনৰ সৈতে আমেৰিকাৰ সম্পৰ্কত বৃহৎ ফাঁট মেলিছে। আমেৰিকাৰ দুই শত্ৰু দেশৰ সৈতে ভাৰতে সামৰিক অনুশীলন আৰম্ভ কৰাত সেয়ে স্বাভাৱিকতে উদ্বিগ্ন হৈছে আমেৰিকা।    

ৰাছিয়াৰ পূব সামৰিক জিলাৰ প্ৰশিক্ষণ ক্ষেত্ৰত আৰম্ভ হোৱা কমাণ্ড এক্সাৰচাইজ ভষ্টক - ২০২২  ৭ ছেপ্টেম্বৰলৈকে চলিব।ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয়" এই অনুশীলনৰ উদ্দেশ্য হৈছে অন্যান্য অংশগ্ৰহণকাৰী সামৰিক দল আৰু পৰ্যবেক্ষকসকলৰ মাজত  সমন্বয়ৰ পৰিবেশ ৰচনা কৰা" । এই সামৰিক অনুশীলনত ৭/৮ গোৰ্খা ৰাইফলছৰ সৈন্যই যোগদান কৰিছে।  

সামৰিক অনুশীলনৰ সময়ত ভাৰতীয় সেনাই যুদ্ধৰ ব্যৱহাৰিক দিশসমূহৰ লগতে অস্তৰ-শস্ত্ৰ সম্পৰ্কীয় অভিজ্ঞতা  আন দেশৰ সেনাৰ সৈতে বিনিময় কৰিব। এই বৃহৎ সামৰিক অনুশীলনৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই কয় যে ৰাছিয়াৰ সৈতে যুটীয়া সামৰিক অনুশীলনত  ভাৰতে অংশগ্ৰহণ কৰাৰ বাবে  তেওঁলোক "চিন্তিত"৷ 

 হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে সাংবাদিকক কয় যে ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি থকাৰ সময়ত ৰাছিয়াৰ সৈতে সামৰিক অনুশীলনত অংশগ্ৰহণ কৰা যিকোনো দেশৰ গতিবিধি সম্পৰ্কে  আমেৰিকা যুক্তৰাষ্ট্ৰ চিন্তিত হোৱাটো স্বাভাৱিক কথা। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে,  ভষ্টক ২০২২ সামৰিক  অনুশীলন ৰাছিয়াৰ  পূৱ  অংশ আৰু জাপান সাগৰৰ সাতটা ফায়াৰিং ৰেঞ্জত অনুষ্ঠিত হৈছে। 

এই সামৰিক অনুশীলনত বিভিন্ন দেশৰ  ৫০,০০০ সৈন্য ই অংশগ্ৰহণ কৰিছে। সামৰিক অনুশীলনত  ৫,০০০ তকৈও অধিক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।এই সামৰিক অনুশীলনত ১৪০ খন যুদ্ধ  বিমান আৰু ৬০ খন যুদ্ধ জাহাজে অংশ লৈছে। ৰাছিয়াৰ সেনাৰ  ষ্টাফ মুৰব্বী জেনেৰেল ভেলেৰী গেৰাচিমভে ব্যক্তিগতভাৱে  চীন, ভাৰত, লাওছ, মঙ্গোলিয়া, নিকাৰাগুয়া আৰু চিৰিয়াৰ সৈন্যই অংশগ্ৰহণ কৰা এই সামৰিক অনুশীলনৰ  তদাৰক কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু