--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰা এটা বৰ্বৰ জঘন্য কাণ্ড। ৮ বছৰীয়া এটি কণমানি শিশুক দলবদ্ধ ধৰ্ষণ কৰি উলিয়াই দিয়া হয় দুয়োটা চকু, পাছত শিশুটিৰ মৃত্যু হোৱা বুলি ভাবি তাতেই পেলাই থৈ যায় যদিও শিশুটি দেহত তেতিয়াও আছিল প্ৰাণ। কোনো লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায় শিশুটিক।

 এই অমানৱিক ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ উমাকোট চহৰৰ। এটি হিন্দু শিশুৰ ওপৰত এনে চৰম নিৰ্যাতনে সকলোকে এবাৰ হ’লেও ভাবিবলৈ বাধ্য কৰাব যে কিমান নিষ্ঠুৰ হ’লে এই কাণ্ড সংঘটিত কৰিব পাৰে। বৰ্তমানে হায়দৰাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে শিশুটি। শিশুটিক ইমানেই অত্যাচাৰ কৰা হৈছিল যে অতি সংকটজনক অৱস্থাত থকাৰ কথা সদৰী কৰে চিকিৎসকে।

 যোৱা ২৮ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী কন্যাগৰাকী আছিল ভিল জনগোষ্ঠীৰ। কিন্তু এই ঘটনা তেতিয়াহে পোহৰলৈ আহে যেতিয়া এজন হিন্দু মানৱ অধিকাৰ কৰ্মীয়ে শিশুগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াৰযোগে শ্বেয়াৰ কৰে।

 জানিব পৰা মতে শিশুটি ঘৰৰ কাষৰে এখন দোকানলৈ গৈছিল, কিন্তু বহু সময় ধৰি উভতি নহাত মাতৃয়ে বিচাৰ-খোচাৰ কৰি আছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। পাছতহে শিশুটিৰ ওপৰত হোৱা এই চৰম নিষ্ঠুৰতাৰ কথা জানিব পাৰে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়