--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰা এটা বৰ্বৰ জঘন্য কাণ্ড। ৮ বছৰীয়া এটি কণমানি শিশুক দলবদ্ধ ধৰ্ষণ কৰি উলিয়াই দিয়া হয় দুয়োটা চকু, পাছত শিশুটিৰ মৃত্যু হোৱা বুলি ভাবি তাতেই পেলাই থৈ যায় যদিও শিশুটি দেহত তেতিয়াও আছিল প্ৰাণ। কোনো লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায় শিশুটিক।

 এই অমানৱিক ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ উমাকোট চহৰৰ। এটি হিন্দু শিশুৰ ওপৰত এনে চৰম নিৰ্যাতনে সকলোকে এবাৰ হ’লেও ভাবিবলৈ বাধ্য কৰাব যে কিমান নিষ্ঠুৰ হ’লে এই কাণ্ড সংঘটিত কৰিব পাৰে। বৰ্তমানে হায়দৰাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে শিশুটি। শিশুটিক ইমানেই অত্যাচাৰ কৰা হৈছিল যে অতি সংকটজনক অৱস্থাত থকাৰ কথা সদৰী কৰে চিকিৎসকে।

 যোৱা ২৮ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী কন্যাগৰাকী আছিল ভিল জনগোষ্ঠীৰ। কিন্তু এই ঘটনা তেতিয়াহে পোহৰলৈ আহে যেতিয়া এজন হিন্দু মানৱ অধিকাৰ কৰ্মীয়ে শিশুগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াৰযোগে শ্বেয়াৰ কৰে।

 জানিব পৰা মতে শিশুটি ঘৰৰ কাষৰে এখন দোকানলৈ গৈছিল, কিন্তু বহু সময় ধৰি উভতি নহাত মাতৃয়ে বিচাৰ-খোচাৰ কৰি আছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। পাছতহে শিশুটিৰ ওপৰত হোৱা এই চৰম নিষ্ঠুৰতাৰ কথা জানিব পাৰে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু