--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৭ ফুট ওখ চৰাই। আমেৰিকাৰ এখন ব্যস্ত চহৰৰ ৰাজপথেৰে দৌৰিছে চৰাইটোৱে। আপুনি ইমুৰ বিষয়ে নিশ্চয়  শুনিছে । তেনে এটা ইমু চৰাইয়েই   আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেচীৰ এখন চহৰৰ মাজেৰে দৌৰিছে।

আমেৰিকাৰ   হেৰী মেককিনিৰ পোহনীয়া এমুবোৰৰ মাজৰে মীমু নামৰ চৰাইটোৱে সঁজাৰ পৰা মুক্ত হৈ ৰাজপথলৈ ওলাই আহে। ৭ ফুটৰ ওখ উৰিব নোৱাৰা চৰাইটোৱে হাৰিমেন চহৰৰ ৰাজপথেৰে  প্ৰতি ঘণ্টাত ৪০ মাইল  গতিবেগেৰে  দৌৰি থাকে।  চৰাইটোৱে কিবা অথন্তৰ ঘটাব পাৰে বুলি আশংকা কৰিয়েই  আৰক্ষীয়ে চৰাইটোক ধৰিবলৈ পিছে পিছে খেদি যায়। 



এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। মেককিনিয়ে তেওঁৰ পলাই যোৱা  ইমুটোৰ বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। লগে লগে বহুতে তেওঁৰ ইনবক্সত মীমুৰ অৱস্থানৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছিল। লগে লগে হাৰিমেন পুলিচেও  চৰাইটোক ধৰিবলৈ তৎপৰ হৈ পৰে।  ষ্টিভেন মেকডেনিয়েল নামৰ লোক জনে চাৰিখন আৰক্ষীৰ গাড়ীয়ে চৰাইটোক ধৰিবলৈ খেদি যোৱাৰ  এটা ভিডিঅ' কেমেৰাত বন্দী কৰিছে। ইমু হৈছে উট চৰাইৰ  পিছতে পৃথিৱীৰ দ্বিতীয় সৰ্ব বৃহৎ চৰাই, যাৰ উচ্চতা  সাধাৰণতে প্ৰায় ৫ ফুট ৮ ইঞ্চি হয়। কিন্তু পলাই যোৱা ইমুটোৰ উচ্চতা প্ৰায় ৭ ফুট। শেহতীয়াকৈ চৰাইটো ধৰিবলৈ সক্ষম হৈছে আৰক্ষী। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব