--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৭ ফুট ওখ চৰাই। আমেৰিকাৰ এখন ব্যস্ত চহৰৰ ৰাজপথেৰে দৌৰিছে চৰাইটোৱে। আপুনি ইমুৰ বিষয়ে নিশ্চয়  শুনিছে । তেনে এটা ইমু চৰাইয়েই   আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেচীৰ এখন চহৰৰ মাজেৰে দৌৰিছে।

আমেৰিকাৰ   হেৰী মেককিনিৰ পোহনীয়া এমুবোৰৰ মাজৰে মীমু নামৰ চৰাইটোৱে সঁজাৰ পৰা মুক্ত হৈ ৰাজপথলৈ ওলাই আহে। ৭ ফুটৰ ওখ উৰিব নোৱাৰা চৰাইটোৱে হাৰিমেন চহৰৰ ৰাজপথেৰে  প্ৰতি ঘণ্টাত ৪০ মাইল  গতিবেগেৰে  দৌৰি থাকে।  চৰাইটোৱে কিবা অথন্তৰ ঘটাব পাৰে বুলি আশংকা কৰিয়েই  আৰক্ষীয়ে চৰাইটোক ধৰিবলৈ পিছে পিছে খেদি যায়। 



এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। মেককিনিয়ে তেওঁৰ পলাই যোৱা  ইমুটোৰ বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। লগে লগে বহুতে তেওঁৰ ইনবক্সত মীমুৰ অৱস্থানৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছিল। লগে লগে হাৰিমেন পুলিচেও  চৰাইটোক ধৰিবলৈ তৎপৰ হৈ পৰে।  ষ্টিভেন মেকডেনিয়েল নামৰ লোক জনে চাৰিখন আৰক্ষীৰ গাড়ীয়ে চৰাইটোক ধৰিবলৈ খেদি যোৱাৰ  এটা ভিডিঅ' কেমেৰাত বন্দী কৰিছে। ইমু হৈছে উট চৰাইৰ  পিছতে পৃথিৱীৰ দ্বিতীয় সৰ্ব বৃহৎ চৰাই, যাৰ উচ্চতা  সাধাৰণতে প্ৰায় ৫ ফুট ৮ ইঞ্চি হয়। কিন্তু পলাই যোৱা ইমুটোৰ উচ্চতা প্ৰায় ৭ ফুট। শেহতীয়াকৈ চৰাইটো ধৰিবলৈ সক্ষম হৈছে আৰক্ষী। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস