--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত প্ৰায়েই ভাৰতীয় লোকসকল বৰ্ণ বিদ্বেষৰ চিকাৰ হৈ আহিছে৷ শেহতীয়াকৈ  আমেৰিকা যুক্তৰাষ্ট্ৰত স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা অন্ধ্ৰ প্ৰদেশৰ এজন ২৪ বছৰীয়া ছাত্ৰক  গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই৷  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ' প্ৰদেশৰ  আৰক্ষীয়ে জনোৱা অনুসৰি ছাত্ৰ জনে পঢ়াৰ খৰচ উলিয়াবলৈ কাম কৰি থকা এটা পেট্ৰ’ল পাম্পতে তেওঁক  গুলীয়াই হত্যা কৰা হৈছে৷  মৃত ছাত্ৰ জনৰ নাম চাইশ বীৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ বৃহস্পতিবাৰে প্ৰদেশ খনৰ কলম্বাছত  এই ঘটনা সংঘটিত হয়৷  বীৰা অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা আছিল।ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীৰ লোক গৈ ঘটনাস্থলীত  উপস্থিত হয়  আৰু আহত ছাত্ৰ জনক স্থানীয় চিকিৎসালয়লৈ লৈ যায়।

কিন্তু তেওঁৰ জীৱন ৰক্ষাৰ কৰিব পৰা নগ’ল৷ইতিমধ্যে ঘটনাটোৰ তদন্ত  আৰম্ভ কৰিছে মাৰ্কিন আৰক্ষীয়ে৷ বীৰাৰ মৃতদেহ ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ অনলাইন পুঁজি সংগ্ৰহ কাৰ্যসূচীৰ তত্বাৱধান কৰি থকা ৰোহিত য়ালামানচিলিৰ মতে মৃত যুৱকজনৰ  স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ফলাফল  ওলাবলৈ  মাত্ৰ ১০  দিন বাকী আছিল৷ তেওঁ আমেৰিকাত  এইচ১ বি ভিছাৰ অধীনত অধ্যয়ন কৰি আছিল। উল্লেখ্য ইয়াৰ পূৰ্বেও আমেৰিকাত বহু কেইগৰাকী ভাৰতীয় লোকক দুৰ্বৃত্তই হত্যা কৰিছে৷ দেশ খন এককথাত ভাৰতীয়সকলৰ বাবে মুঠেও সুৰক্ষিত নহয় বুলি বহুতে মন্তব্য কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল