--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত প্ৰায়েই ভাৰতীয় লোকসকল বৰ্ণ বিদ্বেষৰ চিকাৰ হৈ আহিছে৷ শেহতীয়াকৈ  আমেৰিকা যুক্তৰাষ্ট্ৰত স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা অন্ধ্ৰ প্ৰদেশৰ এজন ২৪ বছৰীয়া ছাত্ৰক  গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই৷  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ' প্ৰদেশৰ  আৰক্ষীয়ে জনোৱা অনুসৰি ছাত্ৰ জনে পঢ়াৰ খৰচ উলিয়াবলৈ কাম কৰি থকা এটা পেট্ৰ’ল পাম্পতে তেওঁক  গুলীয়াই হত্যা কৰা হৈছে৷  মৃত ছাত্ৰ জনৰ নাম চাইশ বীৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ বৃহস্পতিবাৰে প্ৰদেশ খনৰ কলম্বাছত  এই ঘটনা সংঘটিত হয়৷  বীৰা অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা আছিল।ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীৰ লোক গৈ ঘটনাস্থলীত  উপস্থিত হয়  আৰু আহত ছাত্ৰ জনক স্থানীয় চিকিৎসালয়লৈ লৈ যায়।

কিন্তু তেওঁৰ জীৱন ৰক্ষাৰ কৰিব পৰা নগ’ল৷ইতিমধ্যে ঘটনাটোৰ তদন্ত  আৰম্ভ কৰিছে মাৰ্কিন আৰক্ষীয়ে৷ বীৰাৰ মৃতদেহ ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ অনলাইন পুঁজি সংগ্ৰহ কাৰ্যসূচীৰ তত্বাৱধান কৰি থকা ৰোহিত য়ালামানচিলিৰ মতে মৃত যুৱকজনৰ  স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ফলাফল  ওলাবলৈ  মাত্ৰ ১০  দিন বাকী আছিল৷ তেওঁ আমেৰিকাত  এইচ১ বি ভিছাৰ অধীনত অধ্যয়ন কৰি আছিল। উল্লেখ্য ইয়াৰ পূৰ্বেও আমেৰিকাত বহু কেইগৰাকী ভাৰতীয় লোকক দুৰ্বৃত্তই হত্যা কৰিছে৷ দেশ খন এককথাত ভাৰতীয়সকলৰ বাবে মুঠেও সুৰক্ষিত নহয় বুলি বহুতে মন্তব্য কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস