--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাক  প্ৰশংসা কৰিলে এজন শীৰ্ষ মাৰ্কিন কূনীতিকে।  বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ গণতন্ত্ৰক সমৰ্থন কৰি অহা সাংবাদিকৰ ভূমিকাকো তেওঁ প্ৰশংসা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ আৰু মধ্য এছিয়াৰ সহকাৰী সচিব ডনাল্ড লুৱে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়টোত কয়  "তাত গোপন বুলি কোনো কথা   নাই।   ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হৈ  আছে,  কিয়নো ভাৰতত মুক্ত সংবাদ মাধ্যম আছে, যি সঁচাকৈয়ে অত্যন্ত কাৰ্যকৰী হৈ আছে।" 

তেওঁ লগতে কয় "মই জানো মিডিয়া বজাৰ সলনি হৈ আছে। কিন্তু ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি মোৰ  সন্মান আছে। তাত গোপনে একো ৰখা হোৱা নাই। " লুৱে লগতে কয় যে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াক ফাইল খুচৰি থকা দেখিছিল। 

কাৰণ তেওঁ তথ্য জনাৰ  অধিকাৰ আইনৰ বাবে  এটা প্রশ্নৰ উত্তৰ দিবলগীয়া হৈছিল।  লুৱে সাংবাদিকসকলৰ ভূমিকা আৰু ভাৰতীয় গণতন্ত্ৰক সমৰ্থন কৰিবলৈ তেওঁলোকে কৰা কামৰ প্ৰশংসা কৰিছে। প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ক্ষেত্ৰত ভাৰতে ১৮০ খন দেশৰ ভিতৰত ১৫০ নম্বৰ লাভ কৰিলেও মাৰ্কিন কূনীতিকগৰাকীৰ মন্তব্যই এক বিশেষ তাৎপৰ্য বহন কৰিছে।   শেহতীয়াকৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰাৰ বাবে বহুতে সমালোচনা কৰিছে। এনে সময়তে মাৰ্কিন কূনীতিকগৰাকীৰ মন্তব্যই ভাৰতৰ ভাৱমূৰ্তি কিছু উজ্জ্বল কৰিছে বুলি বহুতে কৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস