--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাক  প্ৰশংসা কৰিলে এজন শীৰ্ষ মাৰ্কিন কূনীতিকে।  বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ গণতন্ত্ৰক সমৰ্থন কৰি অহা সাংবাদিকৰ ভূমিকাকো তেওঁ প্ৰশংসা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ আৰু মধ্য এছিয়াৰ সহকাৰী সচিব ডনাল্ড লুৱে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়টোত কয়  "তাত গোপন বুলি কোনো কথা   নাই।   ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হৈ  আছে,  কিয়নো ভাৰতত মুক্ত সংবাদ মাধ্যম আছে, যি সঁচাকৈয়ে অত্যন্ত কাৰ্যকৰী হৈ আছে।" 

তেওঁ লগতে কয় "মই জানো মিডিয়া বজাৰ সলনি হৈ আছে। কিন্তু ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি মোৰ  সন্মান আছে। তাত গোপনে একো ৰখা হোৱা নাই। " লুৱে লগতে কয় যে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াক ফাইল খুচৰি থকা দেখিছিল। 

কাৰণ তেওঁ তথ্য জনাৰ  অধিকাৰ আইনৰ বাবে  এটা প্রশ্নৰ উত্তৰ দিবলগীয়া হৈছিল।  লুৱে সাংবাদিকসকলৰ ভূমিকা আৰু ভাৰতীয় গণতন্ত্ৰক সমৰ্থন কৰিবলৈ তেওঁলোকে কৰা কামৰ প্ৰশংসা কৰিছে। প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ক্ষেত্ৰত ভাৰতে ১৮০ খন দেশৰ ভিতৰত ১৫০ নম্বৰ লাভ কৰিলেও মাৰ্কিন কূনীতিকগৰাকীৰ মন্তব্যই এক বিশেষ তাৎপৰ্য বহন কৰিছে।   শেহতীয়াকৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰাৰ বাবে বহুতে সমালোচনা কৰিছে। এনে সময়তে মাৰ্কিন কূনীতিকগৰাকীৰ মন্তব্যই ভাৰতৰ ভাৱমূৰ্তি কিছু উজ্জ্বল কৰিছে বুলি বহুতে কৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন