--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কানাডাৰ আকাশত দেখা গ’ল ৰহস্যজনক বস্তু৷ কিন্তু এয়া  এতিয়াও স্পষ্ট হোৱা নাই যে ঘটনাটোৰ সৈতে চীনৰ কোনো সম্পৰ্ক আছে নে নাই৷জানিব পৰা মতে  আমেৰিকাই  এফ-২২ যুঁজাৰু বিমানেৰে কানাডাৰ আকাশত উৰি থকা  অচিনাক্ত বস্তুটোলৈ লক্ষ্য কৰি  গুলীবৰ্ষণ কৰে। কানাডাৰ প্ৰধানমন্ত্ৰীয়েও  অজ্ঞাত বস্তুবিধলৈ লক্ষ্য কৰি  গুলীচালনাৰ নিৰ্দেশ দিছিল। 

এদিন আগতেও আমেৰিকা যুক্তৰাষ্ট্ৰই আলাস্কাত এটা অচিনাক্ত বস্তুলৈ লক্ষ্য কৰি  গুলীবৰ্ষণ কৰা হৈছিল ৷  বিডেন প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত উৰি থকা চীনা বেলুন এটা কিছুদিন পূৰ্বে  মিছাইল নিক্ষেপ কৰি ধ্বংস কৰিছিল৷ পিছত ধ্বংসপ্ৰাপ্ত বেলুনটো  সাগৰত পেলাই দিয়া হৈছিল। আমেৰিকাই দাবী কৰি আহিছে যে চীনা "গুপ্তচৰ" বেলুনে ভাৰত আৰু জাপানকে ধৰি কেইবাখনো দেশক লক্ষ্য কৰি লৈছে। এই পৰিস্থিতিত, আমেৰিকাই ৪০  খন 'বন্ধুত্বপূৰ্ণ দেশ'ক সতৰ্ক কৰি দিছে। আৰম্ভণিৰ পৰাই অভিযোগ কৰা হৈছিল যে চীনা গুপ্তচৰ বেলুনবোৰে গোপন তথ্য পাবলৈ হোৱাইট হাউচৰ ওচৰে-পাজৰে উৰি আছে৷ এনে  বেলুন আমেৰিকাৰ লগতে  লেটিন আমেৰিকাৰ আকাশতো দেখা গৈছিল। এই পৰিস্থিতিত  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে৷  বেলুন কাণ্ডৰ পিছতে মাৰ্কিন সচিব এন্থনী ব্লিঙ্কেনে তেওঁৰ চীন ভ্ৰমণ বাতিল কৰিছে।

ইফালে, চীনে দাবী কৰিছিল যে আমেৰিকাৰ আকাশত থকা বেলুনটো তেওঁলোকৰে আছিল। অৱশ্যে  চীনে এতিয়ালৈকে আলাস্কা আৰু কানাডাৰ আকাশত দেখা পোৱা অজ্ঞাত বস্তুবোৰৰ বিষয়ে একো কোৱা নাই। 


চীনে দাবী কৰিছে  বেলুনটো উৰণৰ সময়ত কিবাকৈ আমেৰিকাৰ আকাশত  প্ৰৱেশ কৰিছিল। এইটোও দাবী কৰা হৈছে যে বেলুনটোৰ  চোৰাংচোৱাগিৰি সৈতে কোনো সম্পৰ্ক নাই। একে সময়তে, বেইজিঙে বেলুনটো গুলীবৰ্ষণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। চীনে কৈছিল যে বেলুনটো বতৰ বিজ্ঞানৰ পৰীক্ষা আৰু বৈজ্ঞানিক কাৰণত ব্যৱহাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন