--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কানাডাৰ আকাশত দেখা গ’ল ৰহস্যজনক বস্তু৷ কিন্তু এয়া  এতিয়াও স্পষ্ট হোৱা নাই যে ঘটনাটোৰ সৈতে চীনৰ কোনো সম্পৰ্ক আছে নে নাই৷জানিব পৰা মতে  আমেৰিকাই  এফ-২২ যুঁজাৰু বিমানেৰে কানাডাৰ আকাশত উৰি থকা  অচিনাক্ত বস্তুটোলৈ লক্ষ্য কৰি  গুলীবৰ্ষণ কৰে। কানাডাৰ প্ৰধানমন্ত্ৰীয়েও  অজ্ঞাত বস্তুবিধলৈ লক্ষ্য কৰি  গুলীচালনাৰ নিৰ্দেশ দিছিল। 

এদিন আগতেও আমেৰিকা যুক্তৰাষ্ট্ৰই আলাস্কাত এটা অচিনাক্ত বস্তুলৈ লক্ষ্য কৰি  গুলীবৰ্ষণ কৰা হৈছিল ৷  বিডেন প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত উৰি থকা চীনা বেলুন এটা কিছুদিন পূৰ্বে  মিছাইল নিক্ষেপ কৰি ধ্বংস কৰিছিল৷ পিছত ধ্বংসপ্ৰাপ্ত বেলুনটো  সাগৰত পেলাই দিয়া হৈছিল। আমেৰিকাই দাবী কৰি আহিছে যে চীনা "গুপ্তচৰ" বেলুনে ভাৰত আৰু জাপানকে ধৰি কেইবাখনো দেশক লক্ষ্য কৰি লৈছে। এই পৰিস্থিতিত, আমেৰিকাই ৪০  খন 'বন্ধুত্বপূৰ্ণ দেশ'ক সতৰ্ক কৰি দিছে। আৰম্ভণিৰ পৰাই অভিযোগ কৰা হৈছিল যে চীনা গুপ্তচৰ বেলুনবোৰে গোপন তথ্য পাবলৈ হোৱাইট হাউচৰ ওচৰে-পাজৰে উৰি আছে৷ এনে  বেলুন আমেৰিকাৰ লগতে  লেটিন আমেৰিকাৰ আকাশতো দেখা গৈছিল। এই পৰিস্থিতিত  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে৷  বেলুন কাণ্ডৰ পিছতে মাৰ্কিন সচিব এন্থনী ব্লিঙ্কেনে তেওঁৰ চীন ভ্ৰমণ বাতিল কৰিছে।

ইফালে, চীনে দাবী কৰিছিল যে আমেৰিকাৰ আকাশত থকা বেলুনটো তেওঁলোকৰে আছিল। অৱশ্যে  চীনে এতিয়ালৈকে আলাস্কা আৰু কানাডাৰ আকাশত দেখা পোৱা অজ্ঞাত বস্তুবোৰৰ বিষয়ে একো কোৱা নাই। 


চীনে দাবী কৰিছে  বেলুনটো উৰণৰ সময়ত কিবাকৈ আমেৰিকাৰ আকাশত  প্ৰৱেশ কৰিছিল। এইটোও দাবী কৰা হৈছে যে বেলুনটোৰ  চোৰাংচোৱাগিৰি সৈতে কোনো সম্পৰ্ক নাই। একে সময়তে, বেইজিঙে বেলুনটো গুলীবৰ্ষণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। চীনে কৈছিল যে বেলুনটো বতৰ বিজ্ঞানৰ পৰীক্ষা আৰু বৈজ্ঞানিক কাৰণত ব্যৱহাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ