--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ৰুদ্ৰৰূপে তছনছ কৰা তুৰস্ক-চিৰিয়াৰ ভূমিকম্পত মৃতকৰ  সংখ্যা ৩০,০০০ লৈ বৃদ্ধি পাইছে৷ এতিয়াও ধ্বংসস্তুপৰ মাজত বহু মৃতদেহ পোত গৈ থকা বুলি সন্দেহ কৰা হৈছে৷ সোমবাৰে হোৱা ভূমিকম্পৰ পিছত সমগ্ৰ তুৰস্ক আৰু চিৰিয়াত মৃত্যুৰ সংখ্যা ২৯,৮৯৬ জনত উপনীত হৈছে বুলি  জানিব পৰা গৈছে ।

 তুৰ্কীৰ মৃত্যুৰ সংখ্যা ২৪,৬১৭ জনলৈ বৃদ্ধি পাইছে বুলি তুৰ্কীৰ উপ-ৰাষ্ট্ৰপতি ফুয়াত অকটাই এক সংবাদমেলত কয় ৷  শেহতীয়া খবৰ  অনুসৰি ভূমিকম্পত মুঠ ৮০,২৭৮ জন লোক আহত হৈছে। হোৱাইট হেলমেটছ অসামৰিক প্ৰতিৰক্ষা গোটৰ মতে চিৰিয়াত  মৃত্যুৰ মুঠ সংখ্যা হৈছে ৫,২৭৯ জন, যাৰ ভিতৰত উত্তৰ-পশ্চিমৰ বিদ্ৰোহী অধিকৃত অঞ্চলৰ ২,১৬৭ জন লোক আছে । ইফালে ৬ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰ পিছত সন্ধানহীন হোৱা এজন ভাৰতীয় নাগৰিকক মালতিয়াৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ তলত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি তুৰস্কৰ ভাৰতীয় দূতাবাসে শনিবাৰে এক টুইটযোগে জানিবলৈ দিছিল ।

 বিজয় কুমাৰ বুলি চিনাক্ত কৰা মৃতব্যক্তিজন এটা ব্যৱসায়িক কামত ২২ জানুৱাৰীতে   তুৰস্কলৈ গৈছিল।" বিজয় কুমাৰৰ দেউতাকৰ প্ৰায় এমাহ আগতে মৃত্যু হৈছিল আৰু বিজয় কুমাৰৰ মৃত্যু  ঘটিছে," বিজয় কুমাৰৰ  আত্মীয় গৌৰৱ কলাই কয়। কুমাৰে  তেওঁৰ মাক, পত্নী আৰু ছয় বছৰীয়া সন্তানক এৰি থৈ গৈছে। তেওঁ প্ৰায় ডেৰ মাহ আগতে তেওঁৰ দেউতাকক হেৰুৱাইছিল।কলাই কয় " আমি কালি  দুপৰীয়া দূতাবাসৰ পৰা এটা ফোন পাইছিলো। তেওঁলোকে চিনাক্তকৰণৰ বাবে নিশ্চিতি বিচাৰিছিল, সেয়েহে আমি তেওঁলোকক কুমাৰৰ  বাওঁ হাতত থকা  এটা চিহ্নৰ বিষয়ে কৈছিলো। তেওঁ বাংগালুৰুৰ এটা কোম্পানীত কাম কৰিছিল আৰু ২২ জানুৱাৰীত তুৰস্কলৈ   গৈছিল। তেওঁ ২০ ফেব্ৰুৱাৰীত উভতি অহাৰ কথা আছিল," ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই মাহৰ আৰম্ভণিতে কৈছিল যে দেশখনদুটা "আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ" ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পিছত তুৰস্কত দহজন ভাৰতীয় আঘাতপ্ৰাপ্ত হৈছে। তথাপিও, তেওঁলোক সুৰক্ষিত আৰু এজন নাগৰিক সন্ধানহীন হৈ আছে। সন্ধানহীন হৈ থকা ভাৰতীয় সোক জনেই বিজয় কুমাৰ বুলি এতিয়া নিশ্চিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন