--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ৰুদ্ৰৰূপে তছনছ কৰা তুৰস্ক-চিৰিয়াৰ ভূমিকম্পত মৃতকৰ  সংখ্যা ৩০,০০০ লৈ বৃদ্ধি পাইছে৷ এতিয়াও ধ্বংসস্তুপৰ মাজত বহু মৃতদেহ পোত গৈ থকা বুলি সন্দেহ কৰা হৈছে৷ সোমবাৰে হোৱা ভূমিকম্পৰ পিছত সমগ্ৰ তুৰস্ক আৰু চিৰিয়াত মৃত্যুৰ সংখ্যা ২৯,৮৯৬ জনত উপনীত হৈছে বুলি  জানিব পৰা গৈছে ।

 তুৰ্কীৰ মৃত্যুৰ সংখ্যা ২৪,৬১৭ জনলৈ বৃদ্ধি পাইছে বুলি তুৰ্কীৰ উপ-ৰাষ্ট্ৰপতি ফুয়াত অকটাই এক সংবাদমেলত কয় ৷  শেহতীয়া খবৰ  অনুসৰি ভূমিকম্পত মুঠ ৮০,২৭৮ জন লোক আহত হৈছে। হোৱাইট হেলমেটছ অসামৰিক প্ৰতিৰক্ষা গোটৰ মতে চিৰিয়াত  মৃত্যুৰ মুঠ সংখ্যা হৈছে ৫,২৭৯ জন, যাৰ ভিতৰত উত্তৰ-পশ্চিমৰ বিদ্ৰোহী অধিকৃত অঞ্চলৰ ২,১৬৭ জন লোক আছে । ইফালে ৬ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰ পিছত সন্ধানহীন হোৱা এজন ভাৰতীয় নাগৰিকক মালতিয়াৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ তলত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি তুৰস্কৰ ভাৰতীয় দূতাবাসে শনিবাৰে এক টুইটযোগে জানিবলৈ দিছিল ।

 বিজয় কুমাৰ বুলি চিনাক্ত কৰা মৃতব্যক্তিজন এটা ব্যৱসায়িক কামত ২২ জানুৱাৰীতে   তুৰস্কলৈ গৈছিল।" বিজয় কুমাৰৰ দেউতাকৰ প্ৰায় এমাহ আগতে মৃত্যু হৈছিল আৰু বিজয় কুমাৰৰ মৃত্যু  ঘটিছে," বিজয় কুমাৰৰ  আত্মীয় গৌৰৱ কলাই কয়। কুমাৰে  তেওঁৰ মাক, পত্নী আৰু ছয় বছৰীয়া সন্তানক এৰি থৈ গৈছে। তেওঁ প্ৰায় ডেৰ মাহ আগতে তেওঁৰ দেউতাকক হেৰুৱাইছিল।কলাই কয় " আমি কালি  দুপৰীয়া দূতাবাসৰ পৰা এটা ফোন পাইছিলো। তেওঁলোকে চিনাক্তকৰণৰ বাবে নিশ্চিতি বিচাৰিছিল, সেয়েহে আমি তেওঁলোকক কুমাৰৰ  বাওঁ হাতত থকা  এটা চিহ্নৰ বিষয়ে কৈছিলো। তেওঁ বাংগালুৰুৰ এটা কোম্পানীত কাম কৰিছিল আৰু ২২ জানুৱাৰীত তুৰস্কলৈ   গৈছিল। তেওঁ ২০ ফেব্ৰুৱাৰীত উভতি অহাৰ কথা আছিল," ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই মাহৰ আৰম্ভণিতে কৈছিল যে দেশখনদুটা "আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ" ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পিছত তুৰস্কত দহজন ভাৰতীয় আঘাতপ্ৰাপ্ত হৈছে। তথাপিও, তেওঁলোক সুৰক্ষিত আৰু এজন নাগৰিক সন্ধানহীন হৈ আছে। সন্ধানহীন হৈ থকা ভাৰতীয় সোক জনেই বিজয় কুমাৰ বুলি এতিয়া নিশ্চিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ