--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'টু বাই টু' নীতিৰ আধাৰত ভাৰততো নিৰ্মাণ হ’ব জেট ইঞ্জিন । এই ক্ষেত্ৰত আমেৰিকাই ভাৰতক সকলো ধৰণৰ সহায় আগবঢ়াব।  চীনক প্ৰতিহত কৰিবলৈ প্ৰতিৰক্ষা আৰু কূটনীতিত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক গভীৰ হৈ উঠিছে। এনে সময়তে আমেৰিকাই ভাৰতৰ সৈতে প্ৰযুক্তিৰ আদান-প্ৰদান কৰিবলৈ মনস্থ কৰিছে। 

নতুন দিল্লী আৰু ৱাশ্বিংটনে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সময়তে  দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ৰিয় হৈ পৰিছিল। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ ভাৰতীয় বংশোদ্ভূত সদস্য ৰো খান্নাই কয় যে জো বিডেন প্ৰশাসনে ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তকেই বাহাল ৰাখি ভাৰতক সহায় কৰিব। 

ডেমক্ৰেটিক ৰাষ্ট্ৰপতি বিডেনৰ দলৰ এজন সদস্য খান্নাই  কয়, "ভাৰতে উপলব্ধি কৰিছে যে ছোভিয়েট যুগৰ সামৰিক সঁজুলিবোৰে এতিয়া আৰু কাম কৰা নাই। ইয়াৰ উপৰি  ৰাছিয়াই এতিয়া চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত ভাৰতে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে এক ঘনিষ্ঠ সহযোগিতামূলক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে’’। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে আধুনিক জেট ইঞ্জিন নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰী সূত্ৰ অনুসৰি দুয়োখন দেশে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কত এক নতুন গতি দিবলৈ  'ক্ৰিটিকেল এণ্ড টেকন'লজী' নামৰ এটা নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। জেট ইঞ্জিনৰ যুটীয়া উদ্যোগ সেই কাৰ্যসূচীৰে অংশ। আমেৰিকা যুক্তৰাষ্ট্  এই ক্ষেত্ৰত ভাৰতৰ সৈতে যুটীয়া উৎপাদনত আগ্ৰহী। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব কেথলিন হিক্সৰ মাজত হোৱা বৈঠকতো বিষয়টো আলোচনা কৰা হৈছিল।

নতুন দিল্লী-ৱাশ্বিংটনে কেৱল প্ৰতিৰক্ষাৰ ক্ষেত্ৰতে নহয়, অন্যান্য বিষয়তো সহযোগিতা  সম্প্ৰসাৰিত বৃদ্ধি কৰিবলৈ সাজু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে আগন্তুক জি-২০  সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই কৈছে যে বিদেনে মোদীৰ সৈতে একেলগে বৈঠকত বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা আছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে