--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ উঠা চীনক প্ৰতিহত কৰিবলৈ এইবাৰ অৰুণাচলৰ ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ’ব সুৰংগ। ভাৰতে এতিয়া বিকাশৰ লগতে আত্ম-প্ৰতিৰক্ষাৰ বিষয়তো অধিক গুৰুত্ব দিছে। সেইবাবেই চীনৰ সীমান্তৱৰ্তী অৰুণাচলৰ পথৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে।লাডাখ,অৰুণাচল, ছিকিম আৰু অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সৈতে চীনা সামৰিক বাহিনীৰ কাৰ্যকলাপৰ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। 

শেহতীয়াকৈ অৰুণাচলত ভাৰতে জৰুৰী ভিত্তিত আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰিছে। নতুন দিল্লীয়ে যুদ্ধৰ সময়ত চীন সীমান্তলৈ সৈন্য আৰু সামৰিক সঁজুলি দ্ৰুতগতিত প্ৰেৰণ কৰিবলৈ ৰাস্তা, সুৰংগ আৰু ৰে’লপথ নিৰ্মাণৰ বিষয়ত  গুৰুত্ব দিব বিচাৰে। দৰাচলতে, যোৱা বছৰ প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই চীন সীমান্তত আন্তঃগাঁথনি উন্নত কৰাৰ বাবে মোদী চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে সংসদত এটা বিবৃতি দিছিল। তেওঁ কৈছিল  যে চীন, পাকিস্তান, ম্যানমাৰ আৰু বাংলাদেশৰ সীমাত ৩,৫৯৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে মুঠ ২০,৭৬৭ কোটি টকা ব্যয় কৰা হ’ব। ইয়াৰ ভিতৰত কেৱল চীন সীমান্ততে ২,০৮৮ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ১৫,৪৭৭ কোটি টকা ব্যয় কৰা হৈছে।

যুদ্ধৰ ক্ষেত্ৰত চীনা সামৰিক বিমান আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ পৰা সামৰিক সঁজুলি সুৰক্ষিত কৰাৰ বাবে, মিছাইল আৰু গোলাবাৰুদ সংৰক্ষণৰ বাবে সীমান্তৰ ওচৰত নিৰ্মাণাধীন ৰাস্তা আৰু সুৰংগ ব্যৱহাৰ কৰাৰ পৰিকল্পনা  কৰা হৈছে। তদুপৰি, অনাগত দিনত নিৰ্মাণ হ'বলগীয়া সুৰংগসমূহত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সংৰক্ষণৰ বাবে বিশেষ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সংস্থা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন (বিআৰঅ') এক বহুমুখী পথ-সুৰংগ নিৰ্মাণৰ পৰিকল্পনা ৰূপায়ণৰ দায়িত্বত আছে।
চোৰাংচোৱা সূত্ৰই জনোৱা অনুসৰি লাডাখৰ পিছত চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) অৰুণাচল সীমান্তত কাৰ্যকলাপ বৃদ্ধি কৰা আৰম্ভ কৰিছে। শেহতীয়াকৈ টাৱাং খণ্ডত চীনা অনুপ্ৰৱেশৰ ঘটনাও ঘটিছে। এনে পৰিস্থিতিত, কেন্দ্ৰই টাৱাঙক সুৰংগৰ সৈতে সংযোগ কৰিবলৈ সক্ৰিয় হৈ পৰিছে। ১৩,০০০ ফুটৰ চেলা পাছতেই হ’ব  পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ। আঢ়ৈ কিলোমিটাৰ দীঘল দু-লেনৰ সুৰংগটোত মুখ্য সুৰংগৰ লগতে জৰুৰীকালীন ব্যৱহাৰৰ বাবে এটা সুৰংগ থাকিব।

ভাৰতীয় সেনা আৰু স্থানীয় বাসিন্দাসকলে শীতকালত টাৱাঙলৈ যাবলৈ  বালিপাৰা-চাৰিদুৱাৰ পথ ব্যৱহাৰ কৰে। শীতকালত অত্যধিক তুষাৰপাতৰ বাবে চেলা পাছৰ মাজেৰে যাত্ৰা কৰা কঠিন হৈ পৰে। প্ৰস্তাৱিত চেলা পাছ সুৰংগটোৱে বৈশাখী দলং আৰু নুৰাঙক সংযোগ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে যিকোনো ঋতুতে যান-বাহনৰ চলাচলৰ বাবে উপযুক্ত হৈ থাকিবলগীয়া সুৰংগটো সম্পূৰ্ণ হোৱাৰ পিছত টাৱাঙৰ দূৰত্ব প্ৰায় ৮-৯ কিলোমিটাৰ হ্ৰাস পাব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ