--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ উঠা চীনক প্ৰতিহত কৰিবলৈ এইবাৰ অৰুণাচলৰ ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ’ব সুৰংগ। ভাৰতে এতিয়া বিকাশৰ লগতে আত্ম-প্ৰতিৰক্ষাৰ বিষয়তো অধিক গুৰুত্ব দিছে। সেইবাবেই চীনৰ সীমান্তৱৰ্তী অৰুণাচলৰ পথৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে।লাডাখ,অৰুণাচল, ছিকিম আৰু অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সৈতে চীনা সামৰিক বাহিনীৰ কাৰ্যকলাপৰ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। 

শেহতীয়াকৈ অৰুণাচলত ভাৰতে জৰুৰী ভিত্তিত আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰিছে। নতুন দিল্লীয়ে যুদ্ধৰ সময়ত চীন সীমান্তলৈ সৈন্য আৰু সামৰিক সঁজুলি দ্ৰুতগতিত প্ৰেৰণ কৰিবলৈ ৰাস্তা, সুৰংগ আৰু ৰে’লপথ নিৰ্মাণৰ বিষয়ত  গুৰুত্ব দিব বিচাৰে। দৰাচলতে, যোৱা বছৰ প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই চীন সীমান্তত আন্তঃগাঁথনি উন্নত কৰাৰ বাবে মোদী চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে সংসদত এটা বিবৃতি দিছিল। তেওঁ কৈছিল  যে চীন, পাকিস্তান, ম্যানমাৰ আৰু বাংলাদেশৰ সীমাত ৩,৫৯৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে মুঠ ২০,৭৬৭ কোটি টকা ব্যয় কৰা হ’ব। ইয়াৰ ভিতৰত কেৱল চীন সীমান্ততে ২,০৮৮ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ১৫,৪৭৭ কোটি টকা ব্যয় কৰা হৈছে।

যুদ্ধৰ ক্ষেত্ৰত চীনা সামৰিক বিমান আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ পৰা সামৰিক সঁজুলি সুৰক্ষিত কৰাৰ বাবে, মিছাইল আৰু গোলাবাৰুদ সংৰক্ষণৰ বাবে সীমান্তৰ ওচৰত নিৰ্মাণাধীন ৰাস্তা আৰু সুৰংগ ব্যৱহাৰ কৰাৰ পৰিকল্পনা  কৰা হৈছে। তদুপৰি, অনাগত দিনত নিৰ্মাণ হ'বলগীয়া সুৰংগসমূহত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সংৰক্ষণৰ বাবে বিশেষ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সংস্থা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন (বিআৰঅ') এক বহুমুখী পথ-সুৰংগ নিৰ্মাণৰ পৰিকল্পনা ৰূপায়ণৰ দায়িত্বত আছে।
চোৰাংচোৱা সূত্ৰই জনোৱা অনুসৰি লাডাখৰ পিছত চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) অৰুণাচল সীমান্তত কাৰ্যকলাপ বৃদ্ধি কৰা আৰম্ভ কৰিছে। শেহতীয়াকৈ টাৱাং খণ্ডত চীনা অনুপ্ৰৱেশৰ ঘটনাও ঘটিছে। এনে পৰিস্থিতিত, কেন্দ্ৰই টাৱাঙক সুৰংগৰ সৈতে সংযোগ কৰিবলৈ সক্ৰিয় হৈ পৰিছে। ১৩,০০০ ফুটৰ চেলা পাছতেই হ’ব  পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ। আঢ়ৈ কিলোমিটাৰ দীঘল দু-লেনৰ সুৰংগটোত মুখ্য সুৰংগৰ লগতে জৰুৰীকালীন ব্যৱহাৰৰ বাবে এটা সুৰংগ থাকিব।

ভাৰতীয় সেনা আৰু স্থানীয় বাসিন্দাসকলে শীতকালত টাৱাঙলৈ যাবলৈ  বালিপাৰা-চাৰিদুৱাৰ পথ ব্যৱহাৰ কৰে। শীতকালত অত্যধিক তুষাৰপাতৰ বাবে চেলা পাছৰ মাজেৰে যাত্ৰা কৰা কঠিন হৈ পৰে। প্ৰস্তাৱিত চেলা পাছ সুৰংগটোৱে বৈশাখী দলং আৰু নুৰাঙক সংযোগ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে যিকোনো ঋতুতে যান-বাহনৰ চলাচলৰ বাবে উপযুক্ত হৈ থাকিবলগীয়া সুৰংগটো সম্পূৰ্ণ হোৱাৰ পিছত টাৱাঙৰ দূৰত্ব প্ৰায় ৮-৯ কিলোমিটাৰ হ্ৰাস পাব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন