--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ গোপনীয় তথ্য ফাদিল হৈছে। এই অভিযোগত ইতিমেধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাৰ এয়াৰ নেচনেল গাৰ্ডৰ এজন ২১ বছৰীয়া যুৱক জেক টেইচেইৰা। জেকৰ বিৰুদ্ধে অনলাইন গেম চেটৰুমত গোপনীয় ফাইল শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

যুৱকজনে ফাদিল কৰা চোৰাংচোৱাৰ প্ৰতিবেদনত ইউক্ৰেইনৰ যুদ্ধ আৰু মিত্ৰশক্তিৰ ওপৰত আমেৰিকাৰ চোৰাংচোৱাগিৰিৰ গোপনীয় তথ্য আছিল। টেইচেইৰাক মেছাচুচেটছৰ বাসগৃহৰ পৰা এফ বি আইএ গ্ৰেপ্তাৰ কৰে। সংবাদ সংস্থা ৰয়টাৰৰ বাতৰি মতে শুকুৰবাৰে যুৱকজনক আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।

যুৱকজন মেছাচুচেটছ এয়াৰ নেচনেল গাৰ্ডৰ চোৰাংচোৱা ইউনিটৰ সদস্য। চিবিএছ নিউজৰ মতে, ২০১৯ চনত তেওঁ এই সেৱাত যোগদান কৰে। তেওঁৰ অফিচিয়েল উপাধি হৈছে চাইবাৰ ট্ৰেন্সপ’ৰ্ট চিষ্টেম জাৰ্নিমেন আৰু তেওঁ এজন কনিষ্ঠ পৰ্যায়ৰ বিষয়া।

ইফালে এক সুকীয়া সংবাদমেলত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰে কয় যে পেন্টাগনৰ নথি-পত্ৰ ফাদিল হোৱাটো “ইচ্ছাকৃত অপৰাধমূলক কাৰ্য”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা