--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন দুগ্ধ পামত হোৱা অগ্নিকাণ্ডৰ ফলত তীব্ৰ বিস্ফোৰণ সংঘটিত হয়, তাত হাজাৰ হাজাৰ গৰুৰ মৃত্যু হয়। মৃত্যু হোৱা গৰুৰ সংখ্যা প্ৰায় ১৮ হাজাৰ। ইমান বৃহৎ সংখ্যক গৰুৰ মৃত্যুৰ বাবে তাত হুলস্থুলৰ সৃষ্টি হয়। একে সময়তে বিস্ফোৰণৰ সৈতে জড়িত ছবিসমূহ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, টেক্সাছ প্ৰদেশৰ পৰিয়ালৰ দুগ্ধ পাম চাউথফৰ্ক ডেইৰী ফাৰ্মত সংঘটিত হয়, য’ত মঙলবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। আৰু, বিস্ফোৰণৰ বাবেই বহু উচ্চতালৈকে ধোঁৱাৰ ডাৱৰ এটা ওলাইছিল। এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে কেইবা কিলোমিটাৰ দূৰৰ পৰা দেখা গৈছিল। এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু, সকলোতে চৰ্চা চলি আছে।

এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ফাৰ্মৰ মালিকে। আৰু, আমেৰিকান আৰক্ষীয়েও কৈছে যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানতে উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। কাষ্ট্ৰো কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, সেই ছবিসমূহত জুইৰ শিখাই এটা অট্টালিকা ধ্বংস কৰা দেখা গৈছে।

শ্বেৰিফৰ কাৰ্যালয়ৰ হৈ কোৱা হৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানৰ পৰা লোকসকলক উদ্ধাৰ কৰিছে, যিসকল জ্বলি থকা অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ আছিল। জনস্বাস্থ্য আৰু সুৰক্ষাৰ কথা মনত ৰাখি এই স্থানলৈ যোৱা সকলো পথ আপাততঃ বন্ধ কৰি দিয়া হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস