--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন দুগ্ধ পামত হোৱা অগ্নিকাণ্ডৰ ফলত তীব্ৰ বিস্ফোৰণ সংঘটিত হয়, তাত হাজাৰ হাজাৰ গৰুৰ মৃত্যু হয়। মৃত্যু হোৱা গৰুৰ সংখ্যা প্ৰায় ১৮ হাজাৰ। ইমান বৃহৎ সংখ্যক গৰুৰ মৃত্যুৰ বাবে তাত হুলস্থুলৰ সৃষ্টি হয়। একে সময়তে বিস্ফোৰণৰ সৈতে জড়িত ছবিসমূহ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, টেক্সাছ প্ৰদেশৰ পৰিয়ালৰ দুগ্ধ পাম চাউথফৰ্ক ডেইৰী ফাৰ্মত সংঘটিত হয়, য’ত মঙলবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। আৰু, বিস্ফোৰণৰ বাবেই বহু উচ্চতালৈকে ধোঁৱাৰ ডাৱৰ এটা ওলাইছিল। এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে কেইবা কিলোমিটাৰ দূৰৰ পৰা দেখা গৈছিল। এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু, সকলোতে চৰ্চা চলি আছে।

এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ফাৰ্মৰ মালিকে। আৰু, আমেৰিকান আৰক্ষীয়েও কৈছে যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানতে উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। কাষ্ট্ৰো কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, সেই ছবিসমূহত জুইৰ শিখাই এটা অট্টালিকা ধ্বংস কৰা দেখা গৈছে।

শ্বেৰিফৰ কাৰ্যালয়ৰ হৈ কোৱা হৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানৰ পৰা লোকসকলক উদ্ধাৰ কৰিছে, যিসকল জ্বলি থকা অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ আছিল। জনস্বাস্থ্য আৰু সুৰক্ষাৰ কথা মনত ৰাখি এই স্থানলৈ যোৱা সকলো পথ আপাততঃ বন্ধ কৰি দিয়া হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা