--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত ২১ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ ষ্টেট ভিজিটৰ বাবে উৰা মাৰিলে। তেওঁ নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনত অংশ ল’ব৷

২১ জুনত আৰম্ভ হ’ব এই আনুষ্ঠানিক ভ্ৰমণ আৰু ২৪ জুনত সমাপ্ত হ’ব। আনুষ্ঠানিক আৰু কূটনৈতিক বৈঠক, ৰাজ্যিক ভোজ আৰু প্ৰব্ৰজনকাৰী আৰু ব্যৱসায়ী সমাজৰ সৈতে হোৱা আদান-প্ৰদান এই সকলোবোৰ এই ভ্ৰমণৰ অংশ হ’ব৷

২১ জুনত নিউয়ৰ্কত উপস্থিত হৈ আমেৰিকালৈ ষ্টেট ভিজিট আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিউয়ৰ্কত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সভাপতিত্ব কৰিব। তেওঁৰ লগত থাকিব কেইবাজনো সুপৰিচিত লোক।

আফ্ৰিকান-আমেৰিকান অভিনেতা তথা গায়িকা মেৰী মিলবেনেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।  ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত নিউয়ৰ্কৰ পৰা ৱাশ্বিংটন ডি চিলৈ যাব প্ৰধানমন্ত্ৰী মোদীয়ে।


২২ জুনত ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোডীক হোৱাইট হাউছলৈ আদৰণি জনাব। ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে নিশা ৭.৩০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত এই অভ্যৰ্থনা অনুষ্ঠানত কেবিনেট আৰু কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

বাইডেন আৰু পি এম মোদীয়ে আলোচনা আৰু কূটনৈতিক আদান-প্ৰদানৰ বাবে হোৱাইট হাউছত প্ৰৱেশ কৰিব। হোয়াইট হাউছত প্ৰৱেশ কৰাৰ সময়ত হাজাৰ হাজাৰ ভাৰতীয় আমেৰিকান লোকে মোডীক সম্ভাষণ জনোৱাৰ সম্ভাৱনা আছে।

পিছদিনা সন্ধিয়া তেওঁলোকৰ সন্মানত ৰাজ্যিক ৰাতিৰ আহাৰ গ্ৰহণ কৰা হ’ব আৰু তাৰ পিছত তেওঁলোকে তাত ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ ৰাতিটোৰ অতিথি হিচাপে ৰাষ্ট্ৰপতিৰ চৰকাৰী অতিথিশালা ব্লেয়াৰ হাউছত ৰাতিটো কটাব৷

এই অনুষ্ঠানৰ অন্তত হোয়াইট হাউছত বৈঠকত মিলিত হ’ব মোডী আৰু বাইডেন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ২২ জুনত পুৱা ১১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে।

দুবাৰকৈ আমেৰিকাৰ কংগ্ৰেছক সম্বোধন কৰা একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব প্ৰধানমন্ত্ৰী মোডী। ইয়াৰ পূৰ্বে ২০১৬ চনত আমেৰিকাৰ কংগ্ৰেছৰ সন্মুখত ভাষণ দিছিল তেওঁ।

২৩ জুনত সন্ধিয়া ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ষ্টেট ডিনাৰ আয়োজন কৰিব৷

একেদিনাই আমেৰিকাৰ ব্যৱসায়ী সমাজ আৰু ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিব পি এম মোদীয়ে। ৱাশ্বিংটন ডি চিৰ ৰ’নাল্ড ৰেগান চেণ্টাৰত প্ৰব্ৰজনকাৰীসকলৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ইউ এছ ইণ্ডিয়া কমিউনিটি ফাউণ্ডেচনে এই প্ৰব্ৰজনকাৰী অনুষ্ঠানৰ আয়োজন কৰিছে, আৰু ইয়াৰ পৰিকল্পনাৰ বাবে ২৫ জন বিখ্যাত ব্যক্তিৰে গঠিত এখন ৰাষ্ট্ৰীয় আয়োজক সমিতি গঠন কৰা হৈছে। প্ৰব্ৰজনকাৰীসকলৰ অনুষ্ঠানত আফ্ৰিকান-আমেৰিকান অভিনেতা তথা গায়িকা মেৰী মিলবেনেও কণ্ঠদান কৰিব।

২৩ জুনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাব।

২৪ জুনত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা এৰি ইজিপ্তৰ কায়ৰোলৈ যাব আৰু তাতেই অহা দুদিন কটাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস