--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ উন্মোচিত হৈছে চীন। চীনে ভাৰত আৰু আমেৰিকাৰ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ছাজিদ মিৰক গ্ল’বেল টেৰ’ৰিষ্ট হিচাপে তালিকাভুক্ত কৰাৰ প্ৰস্তাৱক বাধা দিছে৷ ৰাষ্ট্ৰসংঘত  আমেৰিকাই ছাজিদ মিৰৰ ওপৰত ৫০ লাখ ডলাৰৰ পুৰস্কাৰ ৰাখিছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চীনে ৰাষ্ট্ৰসংঘত মিৰক মনোনীত কৰাৰ প্ৰস্তাৱত স্থগিত ৰাখিছিল। একে সময়তে চীনে এই প্ৰস্তাৱক বন্ধ কৰি দিছে। ইয়াৰ পূৰ্বেও বহুবাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিৰ অধীনত পাকিস্তানস্থিত সন্ত্ৰাসবাদীক ব্লেকলিষ্ট কৰিবলৈ অনা প্ৰস্তাৱক চীনে বাধা দি আহিছে।

২০১১ চনৰ ২১ এপ্ৰিলত আমেৰিকাৰ জিলা আদালতকে ধৰি কেইবাখনো আদালতে মিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁৰ বিৰুদ্ধে বিদেশী চৰকাৰী সা-সম্পত্তিৰ ক্ষতিৰ ষড়যন্ত্ৰ কৰা, সন্ত্ৰাসবাদীক সহায় কৰা, আমেৰিকাৰ বাহিৰত এজন নাগৰিকক হত্যা কৰা, ৰাজহুৱা স্থানত বোমা বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছিল। ২০১১ চনৰ ২২ এপ্ৰিলত মিৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল আমেৰিকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি