--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ উন্মোচিত হৈছে চীন। চীনে ভাৰত আৰু আমেৰিকাৰ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ছাজিদ মিৰক গ্ল’বেল টেৰ’ৰিষ্ট হিচাপে তালিকাভুক্ত কৰাৰ প্ৰস্তাৱক বাধা দিছে৷ ৰাষ্ট্ৰসংঘত  আমেৰিকাই ছাজিদ মিৰৰ ওপৰত ৫০ লাখ ডলাৰৰ পুৰস্কাৰ ৰাখিছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চীনে ৰাষ্ট্ৰসংঘত মিৰক মনোনীত কৰাৰ প্ৰস্তাৱত স্থগিত ৰাখিছিল। একে সময়তে চীনে এই প্ৰস্তাৱক বন্ধ কৰি দিছে। ইয়াৰ পূৰ্বেও বহুবাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিৰ অধীনত পাকিস্তানস্থিত সন্ত্ৰাসবাদীক ব্লেকলিষ্ট কৰিবলৈ অনা প্ৰস্তাৱক চীনে বাধা দি আহিছে।

২০১১ চনৰ ২১ এপ্ৰিলত আমেৰিকাৰ জিলা আদালতকে ধৰি কেইবাখনো আদালতে মিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁৰ বিৰুদ্ধে বিদেশী চৰকাৰী সা-সম্পত্তিৰ ক্ষতিৰ ষড়যন্ত্ৰ কৰা, সন্ত্ৰাসবাদীক সহায় কৰা, আমেৰিকাৰ বাহিৰত এজন নাগৰিকক হত্যা কৰা, ৰাজহুৱা স্থানত বোমা বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছিল। ২০১১ চনৰ ২২ এপ্ৰিলত মিৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল আমেৰিকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস