--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দহদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীক গভীৰ প্ৰশংসা কৰে।

তেওঁ কয় যে সেই সময়ত পিএম মোদীয়ে মাজনিশা ফোন কৰি মিছনৰ বিষয়ে সোধা-পোছা কৰিছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৰাজ চেণ্টাৰ অব্ ইণ্টাৰনেশ্যনেল এণ্ড পাব্লিক এফেয়াৰ্ছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা নিটি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ অৰবিন্দ পানাগৰিয়াৰ সৈতে বাৰ্তালাপত মিলিত হয় এছ জয়শংকৰ।

কথা প্ৰসংগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে আফগানিস্তান মিছনৰ সময়ত দোভাগ নিশা প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ ফোন কৰিছিল৷
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰশ্ন আছিল - আপুনি সাৰে আছে নে?

আফগানিস্তানৰ পৰা ভাৰতে নাগৰিক সকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰে কয়, ‘তেতিয়া নিশা গভীৰ হৈছিল প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰিছিল। তেওঁৰ প্ৰথম প্ৰশ্ন আছিল- ‘সাৰে আছে নে ?’ মই তেওঁক ক’লোঁ যে উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে৷ তেওঁ  মিছন শেষ হ’লে ফোন কৰিবলৈ ক’লে। এইটো এটা প্ৰধানমন্ত্ৰীৰ  উল্লেখযোগ্য গুণ৷’

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘প্ৰধানমন্ত্ৰীগৰাকীয়ে মোক সুধিছিল আপুনি টিভি চাই আছে নেকি?  মই ক’লোঁ হয়, মই টিভি চাই আছোঁ। তাৰ পাছত তেওঁ সুধিলে তাত কি হৈ আছে? মই ক’লোঁ দ্ৰুতগতিত উদ্ধাৰৰ কাম চলি আছে ৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘বাৰু, যেতিয়া শেষ হ’ব, তেতিয়া মোক ফোন কৰক।’ ইয়াৰ পিছত মই ক’লোঁ, ‘দুই-তিনি ঘণ্টা সময় লাগিব, যেতিয়া কাম শেষ হ’ব, মই আপোনাক ক'ম।’ ইয়াৰ পিছত কিছু সময় ৰৈ তেওঁ ক’লে, ‘মোক ফোন কৰক’।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে নিউয়ৰ্কত মোদী@২০: ড্ৰিমছ মিট ডেলিভাৰী নামৰ কিতাপখন আলোচনা কৰিবলৈ আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই গ্ৰন্থৰ  আলোচনাত তেওঁ কয়,  ‘পিএম মোডী নিজেই এটা পৰিৱৰ্তনৰ ফল আৰু ইয়াৰ পৰা দেখা যায় যে দেশখন কিমান পৰিৱৰ্তন হৈছে।’









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু