--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দহদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হোৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীক গভীৰ প্ৰশংসা কৰে।

তেওঁ কয় যে সেই সময়ত পিএম মোদীয়ে মাজনিশা ফোন কৰি মিছনৰ বিষয়ে সোধা-পোছা কৰিছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৰাজ চেণ্টাৰ অব্ ইণ্টাৰনেশ্যনেল এণ্ড পাব্লিক এফেয়াৰ্ছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা নিটি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ অৰবিন্দ পানাগৰিয়াৰ সৈতে বাৰ্তালাপত মিলিত হয় এছ জয়শংকৰ।

কথা প্ৰসংগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে আফগানিস্তান মিছনৰ সময়ত দোভাগ নিশা প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ ফোন কৰিছিল৷
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰশ্ন আছিল - আপুনি সাৰে আছে নে?

আফগানিস্তানৰ পৰা ভাৰতে নাগৰিক সকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰে কয়, ‘তেতিয়া নিশা গভীৰ হৈছিল প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰিছিল। তেওঁৰ প্ৰথম প্ৰশ্ন আছিল- ‘সাৰে আছে নে ?’ মই তেওঁক ক’লোঁ যে উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে৷ তেওঁ  মিছন শেষ হ’লে ফোন কৰিবলৈ ক’লে। এইটো এটা প্ৰধানমন্ত্ৰীৰ  উল্লেখযোগ্য গুণ৷’

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘প্ৰধানমন্ত্ৰীগৰাকীয়ে মোক সুধিছিল আপুনি টিভি চাই আছে নেকি?  মই ক’লোঁ হয়, মই টিভি চাই আছোঁ। তাৰ পাছত তেওঁ সুধিলে তাত কি হৈ আছে? মই ক’লোঁ দ্ৰুতগতিত উদ্ধাৰৰ কাম চলি আছে ৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘বাৰু, যেতিয়া শেষ হ’ব, তেতিয়া মোক ফোন কৰক।’ ইয়াৰ পিছত মই ক’লোঁ, ‘দুই-তিনি ঘণ্টা সময় লাগিব, যেতিয়া কাম শেষ হ’ব, মই আপোনাক ক'ম।’ ইয়াৰ পিছত কিছু সময় ৰৈ তেওঁ ক’লে, ‘মোক ফোন কৰক’।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে নিউয়ৰ্কত মোদী@২০: ড্ৰিমছ মিট ডেলিভাৰী নামৰ কিতাপখন আলোচনা কৰিবলৈ আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই গ্ৰন্থৰ  আলোচনাত তেওঁ কয়,  ‘পিএম মোডী নিজেই এটা পৰিৱৰ্তনৰ ফল আৰু ইয়াৰ পৰা দেখা যায় যে দেশখন কিমান পৰিৱৰ্তন হৈছে।’









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ