--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২১ বছৰীয়া মহিলাই একেলগে জন্ম দিলে চাৰিটা সন্তান। ওড়িশাৰ সম্বলপুৰ জিলাৰ চৰকাৰী বীৰ সুৰেন্দ্ৰ সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চত মহিলাগৰাকীয়ে সন্তান চাৰিটি প্ৰসৱ কৰে। চিকিৎসালয়খনত এই ঘটনা এয়াই প্ৰথম বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।  

মহিলা গৰাকী সোণেপুৰ জিলাৰ বাঞ্জিপালী গাঁৱৰ কুনি সুনা বুলি জানিব পৰা গৈছে। প্ৰসৱৰ বিষ হ’বলৈ আৰম্ভ কৰাৰ পিছত সোমবাৰে ভিমছাৰৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক।

মাতৃ আৰু কেঁচুৱাকেইটাৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। নৱজাতককেইটাৰ ভিতৰত তিনিজনী ছোৱালী আৰু এজন ল’ৰা।

চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, কুনিয়ে বিয়লি প্ৰায় ২ বজাত দুগৰাকী কন্যা সন্তান, বিয়লি ২.০২ বজাত আন এগৰাকী ছোৱালী আৰু ২.০৪ বজাত ল’ৰাটো জন্ম দিয়ে। জন্মৰ পিছত নৱজাতককেইটাৰ ওজন কম হোৱাৰ বাবে বিশেষ নৱজাতক কেয়াৰ ইউনিটত ৰখা হৈছিল।

উল্লেখযোগ্য যে চাৰিটা সন্তান একেলগে স্বাভাৱিকভাৱে জন্ম দিয়া ঘটনা অত্যন্ত বিৰল। তদুপৰি এনেদৰে প্ৰসৱ কৰাটো সাধাৰণতে অত্যন্ত জটিল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু