--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:এসপ্তাহ ধৰি মুম্বাইত চিকিৎসাধীন হৈ আছিল ছানী দেউল আৰু তাৰ পাছত চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিবলগীয়া হৈছিল। হয় আমেৰিকাত চিকিৎসাধীন হৈ আছে ছানী দেওল।  সাংসদ হিচাপেও দুগুণ কাম কৰা বলীউডৰ তাৰকা তথা নায়কগৰাকীক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল, যেতিয়া তেওঁ শেহতীয়াকৈ সমাপ্ত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব পৰা নাছিল। আচলতে কেইসপ্তাহমানৰ আগতে শ্বুটিং কৰি থাকোঁতে পিঠিত আঘাত পোৱাৰ বাবে ছানী দেউলে উক্ত নিৰ্বাচনত অংশ ল’ব নোৱাৰিলে আৰু বৰ্তমান আমেৰিকাত তেওঁৰ আঘাতৰ চিকিৎসা কৰি আছে।

এসপ্তাহ ধৰি মুম্বাইত চিকিৎসাধীন হৈছিল আৰু তাৰ পাছত চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিবলগীয়া হৈছিল। সেই অৱস্থাৰ বাবেই অভিনেতাগৰাকীয়ে পঞ্জাৱৰ গুৰদাসপুৰৰ লোকসভাৰ সাংসদ হোৱাৰ স্বত্বেও ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশ ল’ব পৰা নাছিল ।

তেওঁৰ অনুপস্থিতিৰ ব্যাখ্যা দিবলৈ তেওঁৰ মুখপাত্ৰই এটা বিবৃতি প্ৰকাশ কৰে যে, "কেইসপ্তাহমানৰ আগতে শ্বুটিঙৰ সময়ত ছানি দেউলৰ পিঠিত আঘাত পাইছিল, তেওঁ প্ৰথমে মুম্বাইত পিঠিৰ চিকিৎসা কৰি আছিল আৰু তাৰ পিছত দুসপ্তাহ আগতে তেওঁ পিঠিৰ চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিছিল।"

অভিনয়ৰ ক্ষেত্ৰত ছানিৰ যথেষ্ট বৈচিত্ৰময় লাইনআপ আছে যাৰ বাবে আগ্ৰহী। পৰৱৰ্তী সময়ত তেওঁক দেখা যাব ‘বাপ’ত(Baap)। তেওঁ সঞ্জয় দত্ত, মিথুন চক্ৰৱৰ্তী, জেকী শ্ৰফকে ধৰি বলীউডৰ আন তাৰকাসকলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব। ইয়াৰ উপৰিও তেওঁক দেখা পোৱা যাব  মালয়ালম ক্ৰাইম থ্ৰিলাৰ ‘জোচেফ’ৰ হিন্দী ৰি-মেক ‘ছুৰিয়াত’। ছবিখনৰ পৰিচালনা কৰিব এম পদ্মকুমাৰে, যিয়ে মূল ছবিখনকো পৰিচালনা কৰিছিল। 

এইবোৰৰ বাহিৰেও ছানীয়ে তেওঁৰ বহু জনপ্ৰিয় ছবিৰ ছিকুৱেলসমূহ ঘূৰাই আনিব ‘গদ্দাৰ ২’ আৰু ‘অপনে ২’ৰ জৰিয়তে। 'গদৰ' ব্লকবাষ্টাৰ ছবিখনৰ ২০ বছৰৰ পাছত এক প্ৰেম কাহিনী’ৰ ছিকুৱেলৰ বাবে পুনৰ একত্ৰিত হৈছে অভিনেতা গৰাকীয়ে অমীশা পেটেলৰ সৈতে। ছবিখনত পুনৰ অভিনয় কৰিব দুয়োজনে। জি ষ্টুডিঅ’ৰ প্ৰডাকচনৰ অধীনত এই ছিকুৱেল পৰিচালনা কৰিছে অনিল শৰ্মাই। ২০২২ চনত মুক্তি পাবলগীয়া ছবিখন।

আনহাতে ‘অপনে ২’ ছবিখনত দেওল পৰিয়ালৰ তিনিটা প্ৰজন্ম ধৰ্মেন্দ্ৰ, তেওঁৰ পুত্ৰ ছানী আৰু ববি দেওল, নাতি কৰণ দেউলক একত্ৰিত কৰা হৈছে। ছানী আৰু ববি দেউলৰ সৈতে ধৰ্মেন্দ্ৰ অভিনীত পৰিয়াল নাটক অপনে ২০০৭ চনত মুক্তি পোৱাৰ লগে লগে জনপ্ৰিয়তা লাভ কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত