--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:এসপ্তাহ ধৰি মুম্বাইত চিকিৎসাধীন হৈ আছিল ছানী দেউল আৰু তাৰ পাছত চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিবলগীয়া হৈছিল। হয় আমেৰিকাত চিকিৎসাধীন হৈ আছে ছানী দেওল।  সাংসদ হিচাপেও দুগুণ কাম কৰা বলীউডৰ তাৰকা তথা নায়কগৰাকীক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল, যেতিয়া তেওঁ শেহতীয়াকৈ সমাপ্ত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব পৰা নাছিল। আচলতে কেইসপ্তাহমানৰ আগতে শ্বুটিং কৰি থাকোঁতে পিঠিত আঘাত পোৱাৰ বাবে ছানী দেউলে উক্ত নিৰ্বাচনত অংশ ল’ব নোৱাৰিলে আৰু বৰ্তমান আমেৰিকাত তেওঁৰ আঘাতৰ চিকিৎসা কৰি আছে।

এসপ্তাহ ধৰি মুম্বাইত চিকিৎসাধীন হৈছিল আৰু তাৰ পাছত চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিবলগীয়া হৈছিল। সেই অৱস্থাৰ বাবেই অভিনেতাগৰাকীয়ে পঞ্জাৱৰ গুৰদাসপুৰৰ লোকসভাৰ সাংসদ হোৱাৰ স্বত্বেও ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশ ল’ব পৰা নাছিল ।

তেওঁৰ অনুপস্থিতিৰ ব্যাখ্যা দিবলৈ তেওঁৰ মুখপাত্ৰই এটা বিবৃতি প্ৰকাশ কৰে যে, "কেইসপ্তাহমানৰ আগতে শ্বুটিঙৰ সময়ত ছানি দেউলৰ পিঠিত আঘাত পাইছিল, তেওঁ প্ৰথমে মুম্বাইত পিঠিৰ চিকিৎসা কৰি আছিল আৰু তাৰ পিছত দুসপ্তাহ আগতে তেওঁ পিঠিৰ চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিছিল।"

অভিনয়ৰ ক্ষেত্ৰত ছানিৰ যথেষ্ট বৈচিত্ৰময় লাইনআপ আছে যাৰ বাবে আগ্ৰহী। পৰৱৰ্তী সময়ত তেওঁক দেখা যাব ‘বাপ’ত(Baap)। তেওঁ সঞ্জয় দত্ত, মিথুন চক্ৰৱৰ্তী, জেকী শ্ৰফকে ধৰি বলীউডৰ আন তাৰকাসকলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব। ইয়াৰ উপৰিও তেওঁক দেখা পোৱা যাব  মালয়ালম ক্ৰাইম থ্ৰিলাৰ ‘জোচেফ’ৰ হিন্দী ৰি-মেক ‘ছুৰিয়াত’। ছবিখনৰ পৰিচালনা কৰিব এম পদ্মকুমাৰে, যিয়ে মূল ছবিখনকো পৰিচালনা কৰিছিল। 

এইবোৰৰ বাহিৰেও ছানীয়ে তেওঁৰ বহু জনপ্ৰিয় ছবিৰ ছিকুৱেলসমূহ ঘূৰাই আনিব ‘গদ্দাৰ ২’ আৰু ‘অপনে ২’ৰ জৰিয়তে। 'গদৰ' ব্লকবাষ্টাৰ ছবিখনৰ ২০ বছৰৰ পাছত এক প্ৰেম কাহিনী’ৰ ছিকুৱেলৰ বাবে পুনৰ একত্ৰিত হৈছে অভিনেতা গৰাকীয়ে অমীশা পেটেলৰ সৈতে। ছবিখনত পুনৰ অভিনয় কৰিব দুয়োজনে। জি ষ্টুডিঅ’ৰ প্ৰডাকচনৰ অধীনত এই ছিকুৱেল পৰিচালনা কৰিছে অনিল শৰ্মাই। ২০২২ চনত মুক্তি পাবলগীয়া ছবিখন।

আনহাতে ‘অপনে ২’ ছবিখনত দেওল পৰিয়ালৰ তিনিটা প্ৰজন্ম ধৰ্মেন্দ্ৰ, তেওঁৰ পুত্ৰ ছানী আৰু ববি দেওল, নাতি কৰণ দেউলক একত্ৰিত কৰা হৈছে। ছানী আৰু ববি দেউলৰ সৈতে ধৰ্মেন্দ্ৰ অভিনীত পৰিয়াল নাটক অপনে ২০০৭ চনত মুক্তি পোৱাৰ লগে লগে জনপ্ৰিয়তা লাভ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ