--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১ আগষ্টৰ পৰা সলনি হব এইসমূহ নিয়ম, পোনে পোনে প্ৰভাৱ পেলাব পাৰে আপোনাৰ বাজেটত। প্ৰতি মাহৰ দৰে এইবাৰো কিছু পৰিৱৰ্তন হ’বলৈ গৈ আছে। গেছৰ মূল্যৰ উপৰি ইয়াত বেংকিং ব্যৱস্থাৰ সৈতে জড়িত কিছুমান আপডেটো অন্তৰ্ভুক্ত কৰা হৈছে। নিয়মৰ পৰিৱৰ্তনে আপোনাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰি বেংকসমূহতো প্ৰতি মাহৰ তুলনাত এই মাহত অধিক বন্ধ থাকিব। ১ আগষ্টৰ পৰা হোৱা পৰিৱৰ্তনৰ বিষয়ে জানো আহক।

 ১. Bank Of Baroda চেক পেমেন্ট ব্যৱস্থা-

যদি আপোনাৰ একাউণ্ট বেংক অব বৰোদা (BOB)ত আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে উল্লেখনীয়। কাৰণ ১ আগষ্টৰ পৰা বেংক অব বৰোদাত চেকযোগে ধন পৰিশোধ কৰাৰ নিয়ম সলনি হবলৈ গৈ আছে। আৰ বি আইৰ নিৰ্দেশনা অনুসৰি বেংক অব বৰোদাই গ্ৰাহকক জনাইছে যে ১ আগষ্টৰ পৰা ৫ লাখ বা ​​তাতোকৈ অধিক পৰিমাণৰ চেকৰ বাবে পজিটিভ পে ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অধীনত বেংকে চেক সম্পৰ্কীয় তথ্যসমূহ এছএমএছ, নেট বেংকিং বা মোবাইল এপৰ জৰিয়তে দিব লাগিব।

 ২. ৰন্ধন গেছৰ দাম-

প্ৰতি মাহৰ দৰেই এইবাৰ ১ আগষ্টৰ পৰাও গেছ চিলিণ্ডাৰৰ দাম সলনি হোৱাৰ সম্ভাৱনা আছে। কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা গেছ চিলিণ্ডাৰৰ মূল্য সলনি কৰিব পাৰে। সূত্ৰই জনোৱা মতে, এইবাৰ এটা চিলিণ্ডাৰৰ হাৰ ২০ৰ পৰা ৩০ টকালৈ সলনি হব পাৰে। অনুমান কৰা হয় যে যোৱাবাৰ বাণিজ্যিক গেছ চিলিণ্ডাৰ সস্তা আছিল, আনহাতে ঘৰুৱা গেছ চিলিণ্ডাৰ ৫০ টকা বৃদ্ধি কৰা হৈছিল।

 ৩. ১৮দিনপৰ্যন্ত বন্ধ থাকিব বেংক-

এইবাৰ আগষ্ট মাহত আহি আছে মহৰম, ৰক্ষাবন্ধন, স্বাধীনতা দিৱস, কৃষ্ণ জন্মাষ্টমী, গণেশ চতুৰ্থী আদি বহুতো উৎসৱ। এই কাৰণতে এইবাৰ বিভিন্ন ৰাজ্যকে ধৰি মুঠ ১৮দিনৰ বাবে বন্ধ থাকিব বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকেও নিজৰ তালিকাত ঘোষণা কৰিছে যে আগষ্ট মাহত কেইবাদিন ধৰি বন্ধ থাকিব বেংক। দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু চাৰিটা দেওবাৰকে ধৰি এই মাহত মুঠ ১৮দিনপৰ্যন্ত বন্ধ থাকিব বেংক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ