--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১ আগষ্টৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, পোনে পোনে প্ৰভাৱ পেলাব পাৰে আপোনাৰ বাজেটত। প্ৰতি মাহৰ দৰে এইবাৰো কিছু পৰিৱৰ্তন হ’বলৈ গৈ আছে। গেছৰ মূল্যৰ উপৰি ইয়াত বেংকিং ব্যৱস্থাৰ সৈতে জড়িত কিছুমান আপডেটো অন্তৰ্ভুক্ত কৰা হৈছে। নিয়মৰ পৰিৱৰ্তনে আপোনাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰি বেংকসমূহতো প্ৰতি মাহৰ তুলনাত এই মাহত অধিক বন্ধ থাকিব। ১ আগষ্টৰ পৰা হোৱা পৰিৱৰ্তনৰ বিষয়ে জানো আহক।

 ১. Bank Of Baroda চেক পেমেন্ট ব্যৱস্থা-

যদি আপোনাৰ একাউণ্ট বেংক অব বৰোদা (BOB)ত আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে উল্লেখনীয়। কাৰণ ১ আগষ্টৰ পৰা বেংক অব বৰোদাত চেকযোগে ধন পৰিশোধ কৰাৰ নিয়ম সলনি হ’বলৈ গৈ আছে। আৰ বি আইৰ নিৰ্দেশনা অনুসৰি বেংক অব বৰোদাই গ্ৰাহকক জনাইছে যে ১ আগষ্টৰ পৰা ৫ লাখ বা ​​তাতোকৈ অধিক পৰিমাণৰ চেকৰ বাবে পজিটিভ পে ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অধীনত বেংকে চেক সম্পৰ্কীয় তথ্যসমূহ এছএমএছ, নেট বেংকিং বা মোবাইল এপৰ জৰিয়তে দিব লাগিব।

 ২. ৰন্ধন গেছৰ দাম-

প্ৰতি মাহৰ দৰেই এইবাৰ ১ আগষ্টৰ পৰাও গেছ চিলিণ্ডাৰৰ দাম সলনি হোৱাৰ সম্ভাৱনা আছে। কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা গেছ চিলিণ্ডাৰৰ মূল্য সলনি কৰিব পাৰে। সূত্ৰই জনোৱা মতে, এইবাৰ এটা চিলিণ্ডাৰৰ হাৰ ২০ৰ পৰা ৩০ টকালৈ সলনি হ’ব পাৰে। অনুমান কৰা হয় যে যোৱাবাৰ বাণিজ্যিক গেছ চিলিণ্ডাৰ সস্তা আছিল, আনহাতে ঘৰুৱা গেছ চিলিণ্ডাৰ ৫০ টকা বৃদ্ধি কৰা হৈছিল।

 ৩. ১৮দিনপৰ্যন্ত বন্ধ থাকিব বেংক-

এইবাৰ আগষ্ট মাহত আহি আছে মহৰম, ৰক্ষাবন্ধন, স্বাধীনতা দিৱস, কৃষ্ণ জন্মাষ্টমী, গণেশ চতুৰ্থী আদি বহুতো উৎসৱ। এই কাৰণতে এইবাৰ বিভিন্ন ৰাজ্যকে ধৰি মুঠ ১৮দিনৰ বাবে বন্ধ থাকিব বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকেও নিজৰ তালিকাত ঘোষণা কৰিছে যে আগষ্ট মাহত কেইবাদিন ধৰি বন্ধ থাকিব বেংক। দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু চাৰিটা দেওবাৰকে ধৰি এই মাহত মুঠ ১৮দিনপৰ্যন্ত বন্ধ থাকিব বেংক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু