--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণী বুলি সন্দেহ কৰা এলিয়েনকলৈ বিশ্বৰ বিভিন্ন দেশত কৌতূহল অব্যাহত আছে। বহুতে এইবুলি আশংকা ব্যক্ত কৰিছে যে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে হয়তো এদিন পৃথিৱী খন অধিকাৰ কৰি ল’ব। কিন্তু বিশ্ববাসীক এই বিষয়ত মুঠেও শংকিত নহ’বলৈ আহ্বান জনাই মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই ঘোষণা কৰিছে যে  সংস্থাটোৱে এলিয়েন আৰু  ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা চলাব।

 ইউএফঅ'ৰ বিষয়ে ব্যাপক চৰ্চা হৈ থকাৰ সময়তে মাৰ্কিন মহাকাশ সংস্থাটোৱে এই ঘোষণা কৰিছে। নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে  যে  আকাশৰ এই ৰহস্যময় দৃশ্যবোৰৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰিবলৈ সংস্থাটো সাজু হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে এলিয়েন আৰু  ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা কৰিবলৈ এটা বিজ্ঞানীৰ  দল গঢ়ি তোলাৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰিছে।

নাছাই প্ৰতিবেদন দিছিল যে স্বতন্ত্ৰ দলটোৱে ৰাজহুৱাভাৱে উপলব্ধ তথ্য মূল্যায়ন কৰিব আৰু ৰহস্যময় দৃশ্যবোৰৰ বৈধতা  কিমান সেয়া বুজিবলৈ চেষ্টা কৰিব।

নাছাই কৈছে যে তেওঁলোকৰ লক্ষ্য হৈছে উপলব্ধ তথ্য অধ্যয়ন কৰি ভৱিষ্যতৰ তথ্য সংগ্ৰহ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় চিনাক্ত কৰা। ইয়াৰ উপৰিও, দলটোৱে বিষয়টোৰ বৈজ্ঞানিক বাখ্যা আগবঢ়াবলৈ চেষ্টা চলাব।

নাছাৰ দলটোৱে কি কৰিব?

নাছাই জনাইছে যে বিজ্ঞানীৰ দলটোৱে ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ মূল্যাঙ্কন কৰিব আৰু ৰহস্যময় দৃশ্যবোৰৰ বৈধতা   সেয়া বুজিবলৈ চেষ্টা কৰিব। নাছাৰ বিজ্ঞান অভিযানৰ মুৰব্বী থমাছ জুৰবুচেনে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ৱেবকাষ্টৰ সময়ত কৈছিল যে আমি বিপদাশংকাৰ পৰা বাহিৰত নাই।

 কিন্তু এই ঘটনাবোৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল এয়াই যে এই ক্ষেত্ৰত তথ্যৰ পৰিমাণ অতি সীমিত। এনে গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাবলৈ প্ৰায় ন মাহ লাগিব। 

এই কামত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে ১০,০০০ মাৰ্কিন ডলাৰৰ বাজেট ধাৰ্য  কৰিছে। নাছাই কৈছে যে এলিয়েন আৰু  ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা চলাবলৈ গঠন কৰা  দলটোক নেতৃত্ব দিব   চাইমন্স ফাউণ্ডেচনৰ সভাপতি জ্যোতিৰ্বিজ্ঞানী ডেভিদ স্পৰ্গেলে।
 
যোৱা বছৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এলিয়েন আৰু  ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

 প্ৰতিবেদনখন ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ে নৌসেনা বাহিনী নেতৃত্বাধীন টাস্ক ফ'ৰ্চৰ সৈতে মিলি প্ৰস্তুত কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস