ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণী বুলি সন্দেহ কৰা এলিয়েনকলৈ বিশ্বৰ বিভিন্ন দেশত কৌতূহল অব্যাহত আছে। বহুতে এইবুলি আশংকা ব্যক্ত কৰিছে যে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে হয়তো এদিন পৃথিৱী খন অধিকাৰ কৰি ল’ব। কিন্তু বিশ্ববাসীক এই বিষয়ত মুঠেও শংকিত নহ’বলৈ আহ্বান জনাই মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই ঘোষণা কৰিছে যে সংস্থাটোৱে এলিয়েন আৰু ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা চলাব।
ইউএফঅ'ৰ বিষয়ে ব্যাপক চৰ্চা হৈ থকাৰ সময়তে মাৰ্কিন মহাকাশ সংস্থাটোৱে এই ঘোষণা কৰিছে। নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে আকাশৰ এই ৰহস্যময় দৃশ্যবোৰৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰিবলৈ সংস্থাটো সাজু হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে এলিয়েন আৰু ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা কৰিবলৈ এটা বিজ্ঞানীৰ দল গঢ়ি তোলাৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰিছে।
নাছাই প্ৰতিবেদন দিছিল যে স্বতন্ত্ৰ দলটোৱে ৰাজহুৱাভাৱে উপলব্ধ তথ্য মূল্যায়ন কৰিব আৰু ৰহস্যময় দৃশ্যবোৰৰ বৈধতা কিমান সেয়া বুজিবলৈ চেষ্টা কৰিব।
নাছাই কৈছে যে তেওঁলোকৰ লক্ষ্য হৈছে উপলব্ধ তথ্য অধ্যয়ন কৰি ভৱিষ্যতৰ তথ্য সংগ্ৰহ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় চিনাক্ত কৰা। ইয়াৰ উপৰিও, দলটোৱে বিষয়টোৰ বৈজ্ঞানিক বাখ্যা আগবঢ়াবলৈ চেষ্টা চলাব।
নাছাৰ দলটোৱে কি কৰিব?
নাছাই জনাইছে যে বিজ্ঞানীৰ দলটোৱে ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ মূল্যাঙ্কন কৰিব আৰু ৰহস্যময় দৃশ্যবোৰৰ বৈধতা সেয়া বুজিবলৈ চেষ্টা কৰিব। নাছাৰ বিজ্ঞান অভিযানৰ মুৰব্বী থমাছ জুৰবুচেনে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ৱেবকাষ্টৰ সময়ত কৈছিল যে আমি বিপদাশংকাৰ পৰা বাহিৰত নাই।
কিন্তু এই ঘটনাবোৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল এয়াই যে এই ক্ষেত্ৰত তথ্যৰ পৰিমাণ অতি সীমিত। এনে গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাবলৈ প্ৰায় ন মাহ লাগিব।
এই কামত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে ১০,০০০ মাৰ্কিন ডলাৰৰ বাজেট ধাৰ্য কৰিছে। নাছাই কৈছে যে এলিয়েন আৰু ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে তদন্ত তথা গৱেষণা চলাবলৈ গঠন কৰা দলটোক নেতৃত্ব দিব চাইমন্স ফাউণ্ডেচনৰ সভাপতি জ্যোতিৰ্বিজ্ঞানী ডেভিদ স্পৰ্গেলে।
যোৱা বছৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এলিয়েন আৰু ইউএফঅ'ৰ উপস্থিতিৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।
প্ৰতিবেদনখন ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ে নৌসেনা বাহিনী নেতৃত্বাধীন টাস্ক ফ'ৰ্চৰ সৈতে মিলি প্ৰস্তুত কৰিছিল।