--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াত উদ্ধাৰ হৈছে এটা তামৰ বাকচ৷ ১৩০ বছৰ আগতে সমাধিস্থ কৰা বাকচটোৰ ভিতৰত কিছু আচৰিত ধৰণৰ বস্তু পোৱা গৈছে৷ এই বাকচটো কনফেডাৰেট জেনেৰেলৰ এটা মূৰ্তিৰ খনন কৰোঁতে উদ্ধাৰ হৈছে৷ ভাৰ্জিনিয়াৰ গৱৰ্ণৰ ৰাল্ফ নৰ্থুমে তেওঁৰ টুইটাৰ হেণ্ডেলত ভাৰ্জিনিয়াৰ ৰিচমণ্ডত পোৱা বাকচটোৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে। তেওঁ টুইট কৰি কয় যে, এয়া সম্ভৱতঃ সকলোৱে বিচাৰি থকা ‘টাইম কেপচুল’৷ ১৮৮৭ চনৰ বাতৰি কাকতৰ এটা প্ৰবন্ধ অনুসৰি, বিশ্বযুদ্ধৰ স্মৃতিচিহ্ন আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ এখন ছবি জেনেৰেল ৰবাৰ্ট-ই-লীৰ প্ৰতিমূৰ্তিৰ তলত পুতি থোৱা টাইম কেপচুলত পৰি থকা দেখা গৈছিল। ইয়াত বুটাম আৰু বুলেট, কনফেডাৰেট মুদ্ৰা, মানচিত্ৰৰ দৰে বহুতো ধ্বংসাৱশেষ আছিল।

এই তামৰ বাকচটো শেহতীয়াকৈ খোলা হৈছে। কেপচুলটো জেনেৰেল ৰবাৰ্ট-ই-লীৰ ব্ৰঞ্জৰ অশ্বাৰোহী মূৰ্তিৰ তলত আছিল। এই মূৰ্তিটো ১৮৯০ চনত নিৰ্মাণ কৰা হৈছিল। এই স্মাৰকটো দীৰ্ঘদিন ধৰি জাতিগত অন্যায়ৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ সেয়ে এইটোক ছেপ্টেম্বৰ মাহত বিলোপ কৰা হৈছিল। বহুলোকে এই টুইটটোত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, তেন্তে ই আপোনাৰ বাবে কিয় পাৰ্থক্য আনিছে?

আপুনি ইতিহাস মচি পেলাবলৈ কঠোৰ চেষ্টা কৰি আছে। তেন্তে এই সামগ্ৰীয়ে আপোনাক কিয় ইমান উত্তেজিত কৰি তুলিছে? আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, মই আশা কৰোঁ ইয়াত আইনী নথি-পত্ৰ আছে, য’ত কোৱা হৈছে যে আপুনি মূৰ্তিটো ঘূৰাই ৰাখিব লাগিব। তৃতীয় ব্যৱহাৰকাৰী এজনে লিখিছে, সম্ভৱতঃ তেওঁলোকে জানিছিল যে ভৱিষ্যতে মূৰ্তিটো পেলাই দিয়া হ’ব? অন্যথা, তেওঁলোকে কেপচুলটো এই ঠাইত কিয় ৰাখিব? এইদৰেই এতিয়া আমেৰিকাৰ ভাৰ্জিনিয়াত উদ্ধাৰ হোৱা ১৩০ বছৰ পুৰণি তামৰ বাকচটোক লৈ চৰ্চা, ৰহস্য আৰু উৎকণ্ঠা অব্যাহত আছে৷ পৰৱৰ্তী সময়ত গৱেষণাত এই বাকচটো সম্পৰ্কে কেতবোৰ নতুন দিশ উন্মোচন হোৱাৰ আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ