--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াত উদ্ধাৰ হৈছে এটা তামৰ বাকচ৷ ১৩০ বছৰ আগতে সমাধিস্থ কৰা বাকচটোৰ ভিতৰত কিছু আচৰিত ধৰণৰ বস্তু পোৱা গৈছে৷ এই বাকচটো কনফেডাৰেট জেনেৰেলৰ এটা মূৰ্তিৰ খনন কৰোঁতে উদ্ধাৰ হৈছে৷ ভাৰ্জিনিয়াৰ গৱৰ্ণৰ ৰাল্ফ নৰ্থুমে তেওঁৰ টুইটাৰ হেণ্ডেলত ভাৰ্জিনিয়াৰ ৰিচমণ্ডত পোৱা বাকচটোৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে। তেওঁ টুইট কৰি কয় যে, এয়া সম্ভৱতঃ সকলোৱে বিচাৰি থকা ‘টাইম কেপচুল’৷ ১৮৮৭ চনৰ বাতৰি কাকতৰ এটা প্ৰবন্ধ অনুসৰি, বিশ্বযুদ্ধৰ স্মৃতিচিহ্ন আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ এখন ছবি জেনেৰেল ৰবাৰ্ট-ই-লীৰ প্ৰতিমূৰ্তিৰ তলত পুতি থোৱা টাইম কেপচুলত পৰি থকা দেখা গৈছিল। ইয়াত বুটাম আৰু বুলেট, কনফেডাৰেট মুদ্ৰা, মানচিত্ৰৰ দৰে বহুতো ধ্বংসাৱশেষ আছিল।

এই তামৰ বাকচটো শেহতীয়াকৈ খোলা হৈছে। কেপচুলটো জেনেৰেল ৰবাৰ্ট-ই-লীৰ ব্ৰঞ্জৰ অশ্বাৰোহী মূৰ্তিৰ তলত আছিল। এই মূৰ্তিটো ১৮৯০ চনত নিৰ্মাণ কৰা হৈছিল। এই স্মাৰকটো দীৰ্ঘদিন ধৰি জাতিগত অন্যায়ৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ সেয়ে এইটোক ছেপ্টেম্বৰ মাহত বিলোপ কৰা হৈছিল। বহুলোকে এই টুইটটোত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, তেন্তে ই আপোনাৰ বাবে কিয় পাৰ্থক্য আনিছে?

আপুনি ইতিহাস মচি পেলাবলৈ কঠোৰ চেষ্টা কৰি আছে। তেন্তে এই সামগ্ৰীয়ে আপোনাক কিয় ইমান উত্তেজিত কৰি তুলিছে? আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, মই আশা কৰোঁ ইয়াত আইনী নথি-পত্ৰ আছে, য’ত কোৱা হৈছে যে আপুনি মূৰ্তিটো ঘূৰাই ৰাখিব লাগিব। তৃতীয় ব্যৱহাৰকাৰী এজনে লিখিছে, সম্ভৱতঃ তেওঁলোকে জানিছিল যে ভৱিষ্যতে মূৰ্তিটো পেলাই দিয়া হ’ব? অন্যথা, তেওঁলোকে কেপচুলটো এই ঠাইত কিয় ৰাখিব? এইদৰেই এতিয়া আমেৰিকাৰ ভাৰ্জিনিয়াত উদ্ধাৰ হোৱা ১৩০ বছৰ পুৰণি তামৰ বাকচটোক লৈ চৰ্চা, ৰহস্য আৰু উৎকণ্ঠা অব্যাহত আছে৷ পৰৱৰ্তী সময়ত গৱেষণাত এই বাকচটো সম্পৰ্কে কেতবোৰ নতুন দিশ উন্মোচন হোৱাৰ আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু