--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজনৈতিকভাৱে বাংলাদেশক যিমানে অৱমাননা কৰা নহ’লেও ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ ৰপ্তানিৰ গন্তব্য স্থান হ'ব পাৰে বাংলাদেশ৷ বাংলাদেশৰ বিকাশ মুখ্যতঃ পোছাকৰ ৰপ্তানিকৰ্তাৰ সফলতাৰ পৰা উদ্ভৱ হৈছে, যি ইয়াৰ মুঠ ৰপ্তানিৰ প্ৰায় ৮০ শতাংশ। এতিয়া বাংলাদেশ অহা বছৰ ভাৰতৰ ৰপ্তানি গন্তব্য স্থান হ’ব পাৰে৷ অক্টোৱৰলৈকে উপলব্ধ পৃথক তথ্য অনুসৰি, ২০২২ বৰ্ষৰ প্ৰথম সাত মাহত, আগৰ বছৰৰ একে সময়ছোৱাত বাংলাদেশলৈ ৰপ্তানি ৮১ শতাংশ বৃদ্ধি হৈ ৭.৭ বিলিয়ন ডলাৰ হৈছে। যিয়ে ইয়াক আমেৰিকা যুক্তৰাজ্য, ইউ.এ.ই. আৰু চীনৰ পাছত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ ৰপ্তানি বজাৰ হিচাপে গঢ়ি তোলে।

যদি এই প্ৰক্ৰিয়া অব্যাহত থাকে, বাংলাদেশে যোৱা বছৰৰ পঞ্চম স্থানৰ পৰা ভাৰতৰ ৰপ্তানি প্ৰফাইলত ইয়াৰ স্থান উন্নত কৰিব যেতিয়া ই বিত্তীয় বৰ্ষ ২০২০-২১ নৱম স্থানৰ পৰা উন্নীত হৈ বিশ্লেষকসকলক আচৰিত কৰি তুলিছিল। গত এটা দশকত বাংলাদেশ দক্ষিণ এছিয়াৰ ভিতৰতে অৰ্থনৈতিক ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰিছে৷ আনকি, দেশখনৰ জনমূৰি আয়েও ভাৰতক অতিক্ৰম কৰিছে৷ দেশখনলৈ বিদেশৰ পৰা প্ৰেৰণ কৰা ধনৰ পৰিমাণ জিডিপিৰ ৬ শতাংশতকৈয়ো অধিক। চলিত বছৰৰ এপ্ৰিলৰ পৰা অক্টোৱৰৰ সময়ছোৱাত ভাৰতে বাংলাদেশলৈ ৰপ্তানি কৰা মুখ্য সামগ্ৰীবোৰৰ ভিতৰত আছে কপাহ (২.১ বিলিয়ন ডলাৰ), খাদ্যশস্য (১.৩ বিলিয়ন ডলাৰ), বিদ্যুৎ আৰু ইন্ধন (০.৬ বিলিয়ন ডলাৰ), বাহনৰ অংশ (০.৫ বিলিয়ন ডলাৰ) আৰু যন্ত্ৰ-পাতি আৰু যান্ত্ৰিক সঁজুলি (০.৪ বিলিয়ন ডলাৰ)।

ভাৰত আৰু বাংলাদেশে বৰ্তমান দ্বিপাক্ষিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনাৰ ওপৰত এক যুটীয়া অধ্যয়ন চলাই আছে। বাণিজ্য আৰু বিনিয়োগৰ বিভিন্ন ক্ষেত্ৰত নীতি-পৰ্যায়ৰ ইনপুট প্ৰদান আৰু ব্যৱসায়িক সম্প্ৰদায়সমূহৰ মাজত বিনিময়ৰ সুবিধাৰ বাবে ২০২০ চনৰ ডিচেম্বৰত আৰম্ভ কৰা ভাৰত-বাংলাদেশৰ মুখ্য কাৰ্যবাহী বিষয়া মঞ্চই শীঘ্ৰেই বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে মিলিত হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত হোৱা ভাৰ্চুৱেল সন্মিলনৰ পাছত এক যুটীয়া বিবৃতিত দুয়োপক্ষই শুল্কবিহীন বাধা আৰু বাণিজ্য সুবিধাৰ সমস্যা সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেইবোৰৰ ভিতৰত আছে বন্দৰৰ সীমাবদ্ধতা, প্ৰক্ৰিয়াগত বাধা আৰু সংৰক্ষণ সীমাবদ্ধতা।

যুটীয়া বিবৃতিটোত এইদৰে কোৱা হৈছে যে, বাংলাদেশৰ পক্ষই অনুৰোধ কৰিছিল যে যিহেতু ভাৰতৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানি ইয়াৰ ঘৰুৱা বজাৰক প্ৰভাৱিত কৰা এক গুৰুত্বপূৰ্ণ কাৰক, যিকোনো সংশোধন ভাৰতৰ ৰপ্তানি-আমদানি নীতি আগতীয়াকৈ জনাব লাগে। ভাৰতীয় পক্ষই এই অনুৰোধটো লক্ষ্য কৰিছিল। ছেপ্টেম্বৰত মুকলি কৰা এছিয়ান ডেভেলপমেণ্ট আউটলুকত লগতে, এছিয়ান ডেভেলপমেণ্ট বেংকে কয় যে পেট্ৰ’লিয়ামক বাদ দি বাংলাদেশৰ দ্বাৰা আমদানি (সামগ্ৰিকভাৱে) বিত্তীয় বৰ্ষ ২০২১ত ১৪.৫ শতাংশ বৃদ্ধি পাইছে।

বাংলাদেশক লৈ ভাৰতীয় সমাজ জীৱনত তুচ্চ ধাৰণা শিপাইছে৷ অসমৰ প্ৰেক্ষাপটতো অবৈধ বাংলাদেশী সমস্যাই চাৰিদশকজুৰি অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি ৰাখিছে৷ অসমৰ পৰা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰাৰ কোনো দ্বিপাক্ষিক চুক্তি অদ্যপি সম্পন্ন হোৱা নাই দুয়োখন ৰাষ্ট্ৰৰ মাজত৷ বাংলাদেশক লৈ কৰি অহা তুচ্চতাৰ বিপৰীতে শেহতীয়াকৈ বাংলাদেশে ভাৰতৰ ৰপ্তানিৰ স্থান হ’ব পাৰে বুলি ওলোৱা খবৰে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্কক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু