--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত আলোচনা-বিলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে ৰাছিয়াই! ইউক্ৰেইনত সন্ত্ৰাস অব্যাহত ৰখাৰ সময়তে এই খবৰ লাভ কৰা গৈছে।

বৃহস্পতিবাৰে লাভ কৰা খবৰ অনুযায়ী ৰাছিয়াই ইউক্ৰেইনত "বিশেষ সামৰিক অভিযান"ৰ লক্ষ্য অপৰিৱৰ্তিত ৰাখিব, কিন্তু সামৰিক অভিযানৰ সমান্তৰালভাৱে আলোচনা-বিলোচনাও কৰিব বিচাৰে পুটিনে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱন ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে দেশখনৰ বাতৰি কাকত ইজভেষ্টিয়াক এই সন্দৰ্ভত এটা মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে মস্কো আলোচনাৰ বাবে সাজু। 

উল্লেখযোগ্য যে ইউক্ৰেইনত সংহাৰলীলা চলাই যোৱাৰ কেইবামাহৰ অন্তত ৰাছিয়াৰ তৰফৰ পৰা এইদৰে আলাপ-আলোচনাৰ কথা কোৱা হৈছে। মুখপাত্ৰজনে কয় যে ৰাছিয়াৰ লক্ষ্য অটুত আছে। সামৰিক অভিযানো অব্যাহত থাকিব। কিন্তু ইয়াৰ লগে লগে আলোচনাৰ বাবেও তেওঁলোক সাজু হৈ আছে।

মুখপাত্ৰগৰাকীৰ দৰেই দেশখনৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভেও মঙলবাৰে কৈছিল যে মস্কো পশ্চিমীয়া দেশসমূহৰ সৈতে আলোচনাৰ বাবে সাজু। বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভাষ্যত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ “ভণ্ডামী” বুলি অভিহিত কৰিছিল।

বৈদেশিক মন্ত্ৰীগৰাকীৰ পাছত লাভাৰভে ইজভেষ্টিয়াক কয় যে পশ্চিমীয়া দেশসমূহৰ ৰাছিয়াৰ প্ৰতি যদি কোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ থাকে, তেন্তে ৰাছিয়াৰ সেইবোৰ বিবেচনা কৰিবলৈ সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী