--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত আলোচনা-বিলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে ৰাছিয়াই! ইউক্ৰেইনত সন্ত্ৰাস অব্যাহত ৰখাৰ সময়তে এই খবৰ লাভ কৰা গৈছে।

বৃহস্পতিবাৰে লাভ কৰা খবৰ অনুযায়ী ৰাছিয়াই ইউক্ৰেইনত "বিশেষ সামৰিক অভিযান"ৰ লক্ষ্য অপৰিৱৰ্তিত ৰাখিব, কিন্তু সামৰিক অভিযানৰ সমান্তৰালভাৱে আলোচনা-বিলোচনাও কৰিব বিচাৰে পুটিনে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱন ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে দেশখনৰ বাতৰি কাকত ইজভেষ্টিয়াক এই সন্দৰ্ভত এটা মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে মস্কো আলোচনাৰ বাবে সাজু। 

উল্লেখযোগ্য যে ইউক্ৰেইনত সংহাৰলীলা চলাই যোৱাৰ কেইবামাহৰ অন্তত ৰাছিয়াৰ তৰফৰ পৰা এইদৰে আলাপ-আলোচনাৰ কথা কোৱা হৈছে। মুখপাত্ৰজনে কয় যে ৰাছিয়াৰ লক্ষ্য অটুত আছে। সামৰিক অভিযানো অব্যাহত থাকিব। কিন্তু ইয়াৰ লগে লগে আলোচনাৰ বাবেও তেওঁলোক সাজু হৈ আছে।

মুখপাত্ৰগৰাকীৰ দৰেই দেশখনৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভেও মঙলবাৰে কৈছিল যে মস্কো পশ্চিমীয়া দেশসমূহৰ সৈতে আলোচনাৰ বাবে সাজু। বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভাষ্যত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ “ভণ্ডামী” বুলি অভিহিত কৰিছিল।

বৈদেশিক মন্ত্ৰীগৰাকীৰ পাছত লাভাৰভে ইজভেষ্টিয়াক কয় যে পশ্চিমীয়া দেশসমূহৰ ৰাছিয়াৰ প্ৰতি যদি কোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ থাকে, তেন্তে ৰাছিয়াৰ সেইবোৰ বিবেচনা কৰিবলৈ সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক