--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে বিশ্বত বহু কথাই সলনি কৰি পেলাইছিল। মাৰক ৰোগ বিধৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ বহু কোম্পানী আৰু চৰকাৰী কাৰ্যালয়েও ঘৰৰ পৰাই কাম কৰাৰ সুবিধা প্ৰদান কৰিছিল। পৰিস্থিতিৰ এতিয়া সলনি ঘটিছে। পৰিৱৰ্তিত পৰিস্থিতিত 'ৱৰ্ক ফ্ৰম হোম'ৰ পিছত, 'ৱৰ্ক ফ্ৰম বাৰ'ৰ সুবিধাও এতিয়া দিয়াৰ সিদ্ধান্ত লৈছে বহু কোম্পানীয়ে। 

অৰ্থাৎ এনে ব্যৱস্থাত বাৰত বহি কাৰ্যালয়ৰ কাম কৰিব পাৰিব কৰ্মচাৰীয়ে। বহু কোম্পানীয়ে কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এনে পদক্ষেপ ল'বলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে।  ঘৰ বা কাৰ্যালয়ৰ সলনি  কৰ্মচাৰীসকলে বাৰত কাম কৰিব পাৰিব বুলি বহু কোম্পানীয়ে ঘোষণা কৰাৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। কৰ্মচাৰীসকলৰ  মানসিক স্বাস্থ্যৰ কথা বিবেচনা কৰি  বহু কোম্পানীয়ে শেহতীয়াকৈ এনে সুযোগ দিয়াৰ কথা ভাবিছে। 

তেনে কোম্পানীবোৰৰ কৰ্তৃপক্ষই  ভাবিছে যে বাৰৰ পৰা কাম কৰিলে পূৰ্বে ঘৰৰ পৰা কামৰ একঘেয়ামীও নোহোৱা হ’ব। এনে ব্যৱস্থা কৰা হৈছে ব্ৰিটেইনত। ব্ৰিটেইনৰ বহু বাৰত ইতিমধ্যে কৰ্মচাৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাৰবোৰে বিভিন্ন পেকেজো আৰম্ভ কৰিছে , যাতে এজন ব্যক্তিয়ে কোনো বাধা অবিহনে পাবত বহি কাৰ্যালয়ৰ কাম কৰিব পাৰে।

 তেওঁলোকে গোটেই দিনটো বাৰত বহি  কাম কৰিব পাৰিব। তেওঁলোকে বাৰে বাৰে খাদ্যৰ অৰ্ডাৰ কৰাৰো কোনো প্ৰয়োজন নাই। বৰঞ্চ যদি কোনোৱাই  এবাৰ টকা দিয়ে তেন্তে তেওঁ দিনটোৰ বাবে খাদ্য আৰু পানীয় পাই থাকিব। 

তেনে ধনৰ পৰিমাণ  ভাৰতীয় মুদ্ৰাত ৯০০ ৰ পৰা ১৪০০ টকা ধাৰ্য কৰা হৈছে। এই পেকেজটোত কৰ্মচাৰীয়ে  গোটেই দিনটো যিমান বিচাৰে সিমান ৱাইফাই ব্যৱহাৰ কৰিব পাৰিব। কিছুমান বাৰত, চেণ্ডউইচ আৰু কফিও পৰিৱেশন কৰা হৈছে। বহু কোম্পানীৰ এনে ব্যৱস্থাক বহুতে আদৰণি জনোৱাৰ বিপৰীতে বহুতে আকৌ সমালোচনাও কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক