--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে বিশ্বত বহু কথাই সলনি কৰি পেলাইছিল। মাৰক ৰোগ বিধৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ বহু কোম্পানী আৰু চৰকাৰী কাৰ্যালয়েও ঘৰৰ পৰাই কাম কৰাৰ সুবিধা প্ৰদান কৰিছিল। পৰিস্থিতিৰ এতিয়া সলনি ঘটিছে। পৰিৱৰ্তিত পৰিস্থিতিত 'ৱৰ্ক ফ্ৰম হোম'ৰ পিছত, 'ৱৰ্ক ফ্ৰম বাৰ'ৰ সুবিধাও এতিয়া দিয়াৰ সিদ্ধান্ত লৈছে বহু কোম্পানীয়ে। 

অৰ্থাৎ এনে ব্যৱস্থাত বাৰত বহি কাৰ্যালয়ৰ কাম কৰিব পাৰিব কৰ্মচাৰীয়ে। বহু কোম্পানীয়ে কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এনে পদক্ষেপ ল'বলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে।  ঘৰ বা কাৰ্যালয়ৰ সলনি  কৰ্মচাৰীসকলে বাৰত কাম কৰিব পাৰিব বুলি বহু কোম্পানীয়ে ঘোষণা কৰাৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। কৰ্মচাৰীসকলৰ  মানসিক স্বাস্থ্যৰ কথা বিবেচনা কৰি  বহু কোম্পানীয়ে শেহতীয়াকৈ এনে সুযোগ দিয়াৰ কথা ভাবিছে। 

তেনে কোম্পানীবোৰৰ কৰ্তৃপক্ষই  ভাবিছে যে বাৰৰ পৰা কাম কৰিলে পূৰ্বে ঘৰৰ পৰা কামৰ একঘেয়ামীও নোহোৱা হ’ব। এনে ব্যৱস্থা কৰা হৈছে ব্ৰিটেইনত। ব্ৰিটেইনৰ বহু বাৰত ইতিমধ্যে কৰ্মচাৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাৰবোৰে বিভিন্ন পেকেজো আৰম্ভ কৰিছে , যাতে এজন ব্যক্তিয়ে কোনো বাধা অবিহনে পাবত বহি কাৰ্যালয়ৰ কাম কৰিব পাৰে।

 তেওঁলোকে গোটেই দিনটো বাৰত বহি  কাম কৰিব পাৰিব। তেওঁলোকে বাৰে বাৰে খাদ্যৰ অৰ্ডাৰ কৰাৰো কোনো প্ৰয়োজন নাই। বৰঞ্চ যদি কোনোৱাই  এবাৰ টকা দিয়ে তেন্তে তেওঁ দিনটোৰ বাবে খাদ্য আৰু পানীয় পাই থাকিব। 

তেনে ধনৰ পৰিমাণ  ভাৰতীয় মুদ্ৰাত ৯০০ ৰ পৰা ১৪০০ টকা ধাৰ্য কৰা হৈছে। এই পেকেজটোত কৰ্মচাৰীয়ে  গোটেই দিনটো যিমান বিচাৰে সিমান ৱাইফাই ব্যৱহাৰ কৰিব পাৰিব। কিছুমান বাৰত, চেণ্ডউইচ আৰু কফিও পৰিৱেশন কৰা হৈছে। বহু কোম্পানীৰ এনে ব্যৱস্থাক বহুতে আদৰণি জনোৱাৰ বিপৰীতে বহুতে আকৌ সমালোচনাও কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব