--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ পৰা পিছুৱাই যোৱাৰ খবৰ মল্লযুঁজাৰুসকলে খাৰিজ কৰিছে৷ মল্লযুঁজাৰু সাক্ষী মালিক আৰু সত্যব্ৰত কদয়নে সোমবাৰে (৫ জুন) ফেচবুক লাইভত কয় যে আমাৰ যুঁজখন চৰকাৰৰ বিৰুদ্ধে নহয়, ব্রীজ ভূষণৰ বিৰুদ্ধে৷ এই কথা আমি আৰম্ভণিৰে পৰাই কৈ আহিছো।

অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰু সাক্ষী মালিকে কয় যে ন্যায় নোপোৱালৈকে তেওঁ যুঁজি থাকিব। সমৰ্থকসকলক ক'ম এনে সমৰ্থন বজাই ৰাখিব, ভুৱা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব। আমাৰ আন্দোলন অব্যাহত আছে। অলপ ধৰি ৰখা হৈছে কাৰণ আমি পৰিকল্পনা কৰিছো। চলি থকা ভুৱা বাতৰি সন্দৰ্ভত আজি গোটেই দিনটো আমি মানসিকভাৱে দুৰ্বল হৈ পৰিছো৷

সাক্ষী মালিকৰ স্বামী তথা মল্লযুঁজাৰু সত্যব্ৰত কদয়নে কয় যে আমাৰ যুঁজ ব্রীজ ভূষণৰ বিৰুদ্ধে৷ মল্লযুঁজ ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে।চাকৰি চৰকাৰৰ আৰু আমাৰ যুঁজ চৰকাৰৰ লগত নহয়। আমি ভাবিছিলো যে চৰকাৰী কামো বন্ধ হ’ব নালাগে, গতিকে ইমান নেতিবাচক দিশ কিয় দেখুওৱা হ’ল, আমি নাজানো।

ইয়াৰ পূৰ্বে সোমবাৰে সংবাদ সংস্থা এএনআইয়ে মল্লযুঁজাৰু সাক্ষী মালিকৰ বিষয়ে জনাইছিল যে তেওঁ ভাৰতীয় ৰে’লৱেত পুনৰ চাকৰিত যোগদান কৰিছে। এই খবৰ চৰ্চালৈ অহাৰ পিছতেই দাবী কৰা হৈছিল যে সাক্ষী মালিকে মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। ইয়াৰ পিছত সাক্ষীয়ে টুইট কৰিছিল যে এই খবৰটো একেবাৰে ভুল। ন্যায়ৰ যুঁজত আমাৰ কোনোৱেই পিছুৱাই যোৱা নাই আৰু পাছলৈ নাযাওঁ৷

সাক্ষীৰ লগতে মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফ’গাটেও আন্দোলনৰ পৰা আঁতৰি অহাৰ খবৰ নাকচ কৰি ন্যায় নোপোৱালৈকে এই যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰিছিল। আন্দোলন প্ৰত্যাহাৰ কৰাৰ খবৰটো মাথোঁ এটা উৰাবাতৰি। আমাৰ ক্ষতিৰ বাবে এই খবৰবোৰ প্ৰচাৰ কৰা হৈছে। যৌন নিৰ্যাতনৰ অভিযোগত ব্রীজ ভূষণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে মল্লযুঁজাৰুসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান