--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ পৰা পিছুৱাই যোৱাৰ খবৰ মল্লযুঁজাৰুসকলে খাৰিজ কৰিছে৷ মল্লযুঁজাৰু সাক্ষী মালিক আৰু সত্যব্ৰত কদয়নে সোমবাৰে (৫ জুন) ফেচবুক লাইভত কয় যে আমাৰ যুঁজখন চৰকাৰৰ বিৰুদ্ধে নহয়, ব্রীজ ভূষণৰ বিৰুদ্ধে৷ এই কথা আমি আৰম্ভণিৰে পৰাই কৈ আহিছো।

অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰু সাক্ষী মালিকে কয় যে ন্যায় নোপোৱালৈকে তেওঁ যুঁজি থাকিব। সমৰ্থকসকলক ক'ম এনে সমৰ্থন বজাই ৰাখিব, ভুৱা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব। আমাৰ আন্দোলন অব্যাহত আছে। অলপ ধৰি ৰখা হৈছে কাৰণ আমি পৰিকল্পনা কৰিছো। চলি থকা ভুৱা বাতৰি সন্দৰ্ভত আজি গোটেই দিনটো আমি মানসিকভাৱে দুৰ্বল হৈ পৰিছো৷

সাক্ষী মালিকৰ স্বামী তথা মল্লযুঁজাৰু সত্যব্ৰত কদয়নে কয় যে আমাৰ যুঁজ ব্রীজ ভূষণৰ বিৰুদ্ধে৷ মল্লযুঁজ ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে।চাকৰি চৰকাৰৰ আৰু আমাৰ যুঁজ চৰকাৰৰ লগত নহয়। আমি ভাবিছিলো যে চৰকাৰী কামো বন্ধ হ’ব নালাগে, গতিকে ইমান নেতিবাচক দিশ কিয় দেখুওৱা হ’ল, আমি নাজানো।

ইয়াৰ পূৰ্বে সোমবাৰে সংবাদ সংস্থা এএনআইয়ে মল্লযুঁজাৰু সাক্ষী মালিকৰ বিষয়ে জনাইছিল যে তেওঁ ভাৰতীয় ৰে’লৱেত পুনৰ চাকৰিত যোগদান কৰিছে। এই খবৰ চৰ্চালৈ অহাৰ পিছতেই দাবী কৰা হৈছিল যে সাক্ষী মালিকে মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। ইয়াৰ পিছত সাক্ষীয়ে টুইট কৰিছিল যে এই খবৰটো একেবাৰে ভুল। ন্যায়ৰ যুঁজত আমাৰ কোনোৱেই পিছুৱাই যোৱা নাই আৰু পাছলৈ নাযাওঁ৷

সাক্ষীৰ লগতে মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফ’গাটেও আন্দোলনৰ পৰা আঁতৰি অহাৰ খবৰ নাকচ কৰি ন্যায় নোপোৱালৈকে এই যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰিছিল। আন্দোলন প্ৰত্যাহাৰ কৰাৰ খবৰটো মাথোঁ এটা উৰাবাতৰি। আমাৰ ক্ষতিৰ বাবে এই খবৰবোৰ প্ৰচাৰ কৰা হৈছে। যৌন নিৰ্যাতনৰ অভিযোগত ব্রীজ ভূষণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে মল্লযুঁজাৰুসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস