--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত ৰে’ল দুৰ্ঘটনাটো কিমান ভয়াৱহ আছিল সেয়া নেদেখা জনে সহজে কল্পনাও কৰিব নোৱাৰে। ৰাজ্য খনৰ ৰে’ল দুৰ্ঘটনাস্থলীত আজিও অব্যাহত আছে আতংক । দুৰ্ঘটনাত ছিন্ন ভিন্ন হৈ পৰা  দবা বোৰ এতিয়াও ৰে’ল আলিৰ কাষতে পৰি আছে। যাত্ৰীৰ কাপোৰ-কানি পৰি আছে য’তে-ত’তে। এনে পৰিস্থিতিৰ মাজতে সোমবাৰে  বাহানাগা বজাৰৰ তিনিখন ৰে'ল দুৰ্ঘটনাত পতিত হোৱা স্থানেৰে পাৰ হয় বন্দে ভাৰত এক্সপ্ৰেছ। 

এই ৰে’ল খনেই হৈছে সোমবাৰে  দিনৰ ভাগত দুৰ্যোগস্থলী পাৰ হোৱা প্ৰথমখন ৰে'ল।  হাওৰাৰ পৰা যাত্ৰা আৰম্ভ কৰা  ৰে’লখনে দুৰ্ঘটনাস্থলীৰ  নতুনকৈ মেৰামতি কৰা ট্ৰেকবোৰৰ ওপৰেৰে অতি সাৱধানতাৰে অগ্ৰসৰ হয়।দুৰ্ঘটনাস্থলী পাৰ হোৱাৰ সময়ত বহু যাত্ৰীয়ে  'জগন্নাথ, জগন্নাথ' বুলি ধ্বনি দিয়া শুনিবলৈ পোৱা যায়।  ৰে’ল খনে সেই স্থান পাৰ হোৱাৰ সময়ত সকলো মৌন হৈ ৰে’ল খনলৈ মন কৰিছিল। 


কিন্তু কোনো বিঘিনি নোহোৱাকৈয়ে ৰে’ল খনে দুৰ্ঘটনাস্থলী অতিক্ৰ কৰিবলৈ সক্ষম হয়। ৰে’ল কৰ্তৃপক্ষই দেওবাৰে এছএমএছৰ জৰিয়তে যাত্ৰীসকলক জনাইছিল যে ৰে’লখন সময়মতে যাত্ৰা  কৰিব। সেইমৰ্মে ৰে’লখন সোমবাৰে পুৱা ৬.১০ বজাত হাওৰা ষ্টেচনৰ পৰা ৰাওনা হৈছিল । কিন্তু কোনেও নিশ্চিত নাছিল যে ৰে’ল খনে নতুনকৈ মেৰামতি কৰা দুৰ্ঘটনাস্থলীৰ  পথেৰে পাৰ হ’ব পাৰিবনে নাই। কিন্তু যাত্ৰীৰ প্ৰাৰ্থনাৰ মাজতে ৰে’ল খনে সুকলমে দুৰ্ঘটনাস্থলী পাৰ হ’বলৈ সক্ষম হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস