--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত ৰে’ল দুৰ্ঘটনাটো কিমান ভয়াৱহ আছিল সেয়া নেদেখা জনে সহজে কল্পনাও কৰিব নোৱাৰে। ৰাজ্য খনৰ ৰে’ল দুৰ্ঘটনাস্থলীত আজিও অব্যাহত আছে আতংক । দুৰ্ঘটনাত ছিন্ন ভিন্ন হৈ পৰা  দবা বোৰ এতিয়াও ৰে’ল আলিৰ কাষতে পৰি আছে। যাত্ৰীৰ কাপোৰ-কানি পৰি আছে য’তে-ত’তে। এনে পৰিস্থিতিৰ মাজতে সোমবাৰে  বাহানাগা বজাৰৰ তিনিখন ৰে'ল দুৰ্ঘটনাত পতিত হোৱা স্থানেৰে পাৰ হয় বন্দে ভাৰত এক্সপ্ৰেছ। 

এই ৰে’ল খনেই হৈছে সোমবাৰে  দিনৰ ভাগত দুৰ্যোগস্থলী পাৰ হোৱা প্ৰথমখন ৰে'ল।  হাওৰাৰ পৰা যাত্ৰা আৰম্ভ কৰা  ৰে’লখনে দুৰ্ঘটনাস্থলীৰ  নতুনকৈ মেৰামতি কৰা ট্ৰেকবোৰৰ ওপৰেৰে অতি সাৱধানতাৰে অগ্ৰসৰ হয়।দুৰ্ঘটনাস্থলী পাৰ হোৱাৰ সময়ত বহু যাত্ৰীয়ে  'জগন্নাথ, জগন্নাথ' বুলি ধ্বনি দিয়া শুনিবলৈ পোৱা যায়।  ৰে’ল খনে সেই স্থান পাৰ হোৱাৰ সময়ত সকলো মৌন হৈ ৰে’ল খনলৈ মন কৰিছিল। 


কিন্তু কোনো বিঘিনি নোহোৱাকৈয়ে ৰে’ল খনে দুৰ্ঘটনাস্থলী অতিক্ৰ কৰিবলৈ সক্ষম হয়। ৰে’ল কৰ্তৃপক্ষই দেওবাৰে এছএমএছৰ জৰিয়তে যাত্ৰীসকলক জনাইছিল যে ৰে’লখন সময়মতে যাত্ৰা  কৰিব। সেইমৰ্মে ৰে’লখন সোমবাৰে পুৱা ৬.১০ বজাত হাওৰা ষ্টেচনৰ পৰা ৰাওনা হৈছিল । কিন্তু কোনেও নিশ্চিত নাছিল যে ৰে’ল খনে নতুনকৈ মেৰামতি কৰা দুৰ্ঘটনাস্থলীৰ  পথেৰে পাৰ হ’ব পাৰিবনে নাই। কিন্তু যাত্ৰীৰ প্ৰাৰ্থনাৰ মাজতে ৰে’ল খনে সুকলমে দুৰ্ঘটনাস্থলী পাৰ হ’বলৈ সক্ষম হয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক